নিশী গেছ এজেন্সীৰ গেছ টেংকিত গেছৰ পৰিৱৰ্তে পানী, ঘটনা বিলাসীপাৰাৰ
নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰঃ লিকেজ থকা গেছৰ টেংকি যোগান ধৰিও শ শ গ্ৰাহকক ৰামঠগন গেছ এজেন্সীৰ। গেছ এজেন্সীৰ দুই নম্বৰী কাৰবাৰক লৈ চৰম বিপদত পৰিছে গ্ৰাহক, নীৰৱ দৰ্শকৰ ভূমিকাত বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগ। আধা গেছ আৰু আধা পানীভৰ্তি গেছৰ টেংকি যোগান ধৰা নিশী গেছ এজেন্সীৰ স্বত্বাধিকাৰী বিশ্বজিৎ সাহাৰ বিৰুদ্ধে থানাত গোচৰ তৰিছে ভুক্তভোগীয়ে। বিলাসীপাৰাৰ নিশী গেছ এজেন্সীত সংঘটিত হৈছে ভয়ংকৰ জালিয়াতিৰ ঘটনা। আধা গেছ আৰু আধা পানীভৰ্তি গেছৰ টেংকি যোগান ধৰি গ্ৰাহকক ৰামঠগন দি আহিছে এজেন্সীটোৱে। ইয়াৰ উপৰি লিকেজ থকা গেছৰ টেংকি যোগান ধৰি শ শ গ্ৰাহকৰ চৰম বঞ্চনা কৰি আহিছে দুই নম্বৰী গেছ এজেন্সীটোৱে। উল্লেখ্য যে নিশী গেছ এজেন্সীৰ পৰা গ্ৰাহকে গেছভৰ্তি ৰন্ধন গেছৰ টেংকি লৈছিল। ইখিনিলৈ সকলো ঠিকেই আছিল। কিন্তু কেইদিনমান পিছত হঠাৎ বন্ধ হৈ পৰে গেছৰ টেংকি। পিছত নিশী গেছ এজেন্সীত লৈ অহাৰ পিছত দেখা যায় যে টেংকিটোত আধা গেছ আৰু আধা পানীহে আছিল। গেছ শেষ হৈছে আৰু পানীহে থাকি গৈছে। ঘটনাৰ পিছতেই নিশী গেছ এজেন্সীত উপস্থিত হয় বিলাসীপাৰা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ দল। যোগান বিভাগে হাতে লটে ধৰা পেলায় নিশী গেছ এজেন্সীৰ দুই নম্বৰী কাৰবাৰ। কিন্তু দুই নম্বৰী কাৰবাৰ ধৰা পৰাৰ পিছতো যোগান বিভাগক কেয়াৰ নকৰে বাহু বল্কি গেছ এজেন্সীৰ স্বত্বাধিকাৰী বিশ্বজিৎ সাহাই। পিছত ভুক্তভোগীয়ে এম এছ নিশী গেছ এজেন্সীৰ স্বত্বাধিকাৰী আৰু মেনেজাৰৰ বিৰুদ্ধে বিলাসীপাৰা থানাত এখন এজাহাৰ দাখিল কৰে।
প্ৰেৰক সমৰেশ শীল শৰ্মা