নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ বছৰত ৬ কোটি টকাৰ সম্পত্তিৰ মালিক হ’ল চৰকাৰী কর্মচাৰী নিতুল!

বিশেষ বাৰ্তা, ২৪ নৱেম্বৰঃ নামজাৰি নথিপত্র জালিয়াতিৰ সন্দর্ভত কালি অপৰাধ শাখাই গ্রেপ্তাৰ কৰা কামৰূপ মহানগৰ জিলা আয়ুক্তৰ উপ পঞ্জীয়ন শাখাৰ কনিষ্ঠ সহায়ক নিতুল দাসৰ সম্পত্তিয়ে চকু কপালত তুলিছে মহানগৰ আৰক্ষীৰ৷ ২০১৩ চনত চৰকাৰী চাকৰিত নিযুক্তি পোৱা নিতুল দাসে গুৱাহাটীৰ উপ পঞ্জীয়ক কার্যালয়ত কনিষ্ঠ সহায়ক হিচাপে যোগদান কৰিছিল৷ আৰম্ভণিতে খাৰখুলিৰ বনকোঁৱৰ নগৰত ভাড়াঘৰত থকা নিতুল দাসে আলাদিনৰ চাকিস্বৰূপে চৰকাৰী চাকৰিটো যেন লাভ কৰিছিল৷ ২০১৩ চনৰ পৰা ২০২৩ চনলৈ ১০ বছৰ কাল চাকৰি কৰিয়েই প্রায় ৬ কোটি টকাৰ সম্পত্তিৰ মালিক হৈছিল কনিষ্ঠ সহায়ক নিতুল দাস৷ আজি গুৱাহাটীত এখন সংবাদ মেলত এই কথা সদৰী কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই। তেওঁ সদৰী কৰা অনুসৰি, নিতুল দাসে উপ পঞ্জীয়ক কার্যালত মূলতঃ ভলিউম বুকৰ সৈতে জৰিত আছিল৷ ভূমাফিয়া চক্রৰ সৈতে লগ লাগি মোটা অংকৰ কমিচনৰ বিনিময়ত নামজাৰি প্রক্রিয়াত জালিয়াতি চলাইছিল নিতুল দাসে৷

#বাৰ্তা ডেস্ক

You might also like