নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰ : লাহৰীঘাটত ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ উদ্যোগত আৰু লাহৰীঘাট প্ৰেছ ক্লাৱৰ সহযোগত দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰা হয়। লাহৰীঘাট ব্লক সমূহীয়া ভৱনত আয়োজন কৰা ৰাষ্ট্ৰীয় প্ৰেছ দিৱস কাৰ্যসূচীৰ সঞ্চালনা কৰে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱাই। ইয়াৰ পূৰ্বে ছাত্ৰ ছাত্ৰীৰ মাজত সংবাদ মাধ্যম আৰু সামাজিক দায়বদ্ধতা সন্দৰ্ভত বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত হয়। ভাৰতীয় গণতন্ত্ৰত বৰ্তমান সংবাদ মাধ্যমৰ সংকট আৰু ভৱিষ্যত শীৰ্ষক আলোচনা চক্ৰ উদ্ধোধন কৰে ব্ৰহ্মপুত্ৰ উপত্যাকা সাংবাদিকতা বঁটা প্ৰাপক তথা বিশিষ্ট সাংবাদিক দুলাল মিশ্ৰই। সভাত সাংবাদিকতা, শৈক্ষিক আৰু সামাজিক ক্ষেত্ৰত অৱদান আগবঢ়োৱা বিশিষ্ট ব্যক্তি সকলক সম্ভৰ্ধনা জনোৱা হয়। মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সভাপতি তথা অসমীয়া প্ৰতিদিন কাকতৰ জ্যেষ্ঠ সাংবাদিক মেহবুব মোক্তাৰ, মৰিগাঁৱৰ নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক প্ৰাঞ্জল দাস আৰু সমাজ কৰ্মী জাভেদ আলীক সম্বৰ্ধনা জনোৱা হয়।আলোচনা চক্ৰৰ আলোচক আমাৰ অসম কাকতৰ সহকাৰী সম্পাদক মন্টু শইকীয়াই গণতন্ত্ৰত সংবাদ মাধ্যমৰ সংকট আৰু ভৱিষ্যতৰ ওপৰত বিশদভাৱে আলোকপাত কৰে।ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ কাৰ্যসূচীত উপস্থিত থাকে অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, প্ৰাক্তন সাধাৰণ সম্পাদক ৰাতুল বৰা সহ ৰাজ্যিক আৰু জিলা সমিতিৰবিষয়ববীয়া সকলৰ লগতে লাহৰীঘাট, মৈৰাবাৰী প্ৰেছ ক্লাৱৰ সাংবাদিক সকল উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল দাস