নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ সাংবাদিক শ্বাহ আলম আহমেদলৈ “কাবিয়া সাংবাদিকতা বঁ‌টা-২০২৩”

নিয়মীয়া বাৰ্তা, ২৮ জানুৱাৰীঃ “নিয়মীয়া বাৰ্তা”ৰ নলবাৰী সদৰৰ সাংবাদিক শ্বাহ আলম আহমেদলৈ প্ৰদান কৰা হৈছে “কাবিয়া সাংবাদিকতা বঁ‌টা-২০২৩”। নলবাৰী জিলাৰ দলবাৰী কনিহাৰ “মুনষ্টাৰ ইউথ ক্লাৱ”ৰ বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত কালি সন্ধিয়া এই বঁ‌টা প্ৰদান কৰে সাংবাদিকগৰাকীক৷ যুৱকৰ্মী গাজিউৰ ৰহমানে আঁ‌ত ধৰা এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত মুনষ্টাৰ ইউথ ক্লাৱৰ সভাপতি জয়নুৰ আলী, সম্পাদক আলতাফ হুছেইন আৰু উদযাপন সমিতিৰ সম্পাদক ৰমজান আলীৰ হাতেৰে এই বঁ‌টাটি প্ৰদান কৰা হয়। ১৯৯৩-৯৪ চনত নলবাৰী কলেজৰ আলোচনীৰ পাতেৰে সাংবাদিক আলমে সাহিত্যত মনোনিবেশ কৰাৰ লগতে তেওঁ‌ কলেজীয়া দিনৰে পৰা সংবাদ সেৱাৰ লগত জড়িত হৈ আহিছে। কোহিনুৰ যুৱক সংঘ আৰু পুথিভঁ‌ৰালৰ প্ৰাক্তন সম্পাদক তথা গুৱাকুছি আঞ্চলিক শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি তেওঁ‌ নলবাৰী জিলা সাহিত্য সভালৈ প্ৰতিনিধি হিচাপে নিৰ্বাচিত হয়। নলবাৰী জিলা সাহিত্য সভাৰ চাৰিটা বৰ্ষ সহকাৰী সম্পাদক আৰু দুটা বৰ্ষ প্ৰত্ৰিকা সম্পাদক হিচাপে সুকলমে কাৰ্যকাল সমাপ্ত কৰাৰ পিছত বৰ্তমান তেওঁ‌ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় প্ৰচাৰ সমিতিৰ সদস্য হিচাপে দায়িত্ব পালন কৰি আছে। তেওঁ‌ “অৰণ্যত জোনাক” নামৰ কাব্যগ্ৰন্থ আৰু “মহাযুদ্ধৰ প্ৰস্তুতি”,“বিপন্ন বিবেক”,“মহাযুদ্ধৰ প্ৰস্তুতি” তিনিখন একাংকিকা নাট ৰচনা কৰি প্ৰকাশ কৰাৰ লগতে কেবাখনো স্মৃতিগ্ৰন্থ সম্পাদনা কৰিছে। অসম চৰকাৰৰ পৰা তেওঁ‌ ২০২১ বৰ্ষত “লেখক সম্বৰ্ধনা”বঁ‌টা লাভ কৰিছে। বিভিন্ন আলোচনী-পত্ৰিকাত প্ৰবন্ধ , কবিতা লিখি অহা আলমে বৰ্তমান “নিয়মীয়া বাৰ্তা” কাকতত নলবাৰী সদৰৰ পৰা নিয়মীতভাৱে সংবাদ সেৱা কৰি থকাৰ লগতে বিভিন্ন সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সক্ৰিয় ভাৱে জড়িত হৈ আছে। তেওঁ‌ গুৱাকুছি গাঁ‌ও নিবাসী তথা অসম ৰাজ্যিক পৰিবহন নিগমৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী গিয়াছ উদ্দিন আহমেদ আৰু ফাতেমা বেগমৰ জ্যেষ্ঠ পুত্ৰ ।

প্ৰেৰক শৈলেন বৰ্মন

You might also like