নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত নিয়মীয়া বাৰ্তাৰ উপ-সম্পাদক অজিত চহৰীয়াক ৰোহিণী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা প্ৰদান  

নিয়মীয়া বাৰ্তা, ৬ জুনঃ অসমৰ আগশাৰীৰ সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান বাসনা সাহিত্য গোষ্ঠীৰ উদ্যোগত আজি নলবাৰী জিলাৰ কাজিপাৰাত সদৌ অসম সাংবাদিক সন্থাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, সাহিত্যিক, সমাজকৰ্মী তথা গৰীৱৰ বন্ধু ৰোহিনী মেধিৰ অষ্টম মৃত্যু বাৰ্ষিকী পালন কৰা হয়। প্ৰয়াত ৰোহিনী মেধিৰ সহধৰ্মিনী গিৰিজা মেধিয়ে প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন, জ্যেষ্ঠ ভাতৃ ৰমাকান্ত মেধিয়ে মাল্যাৰ্পণ কৰাৰ পিছতে স্মৃতিচাৰণ সভা আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়। অসম ৰাজ্যিক সাংবাদিক সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক নিপজ্যোতি মেধিয়ে আঁত ধৰা স্মৃতিচাৰণ সভাখনত বিশিষ্ট সাহিত্যিক, সমালোচক ৰত্নেশ্বৰ বসুমতাৰীয়ে উপস্থিত থাকি ভাষনত কয় যে অসমৰ মফচলীয় সাংবাদিকসকলৰ ন্যায্যপ্ৰাপ্তিৰ কাৰণে ৰোহিনী মেধিয়ে সদায় মাত মাতিছিল বুলি ভাষণত উল্লেখ কৰাৰ লগতে ৰোহিনী মেধি এজন গুণী-জ্ঞানী ব্যক্তি আছিল। তেওঁ এনে এটি পৰিয়ালত জন্মগ্ৰহণ কৰিছিল, যিটো পৰিয়ালক সেই অঞ্চলৰ সকলোৱে সন্মান কৰিছিল বুলি কয়। ৰোহিনী মেধিক লগ পালেই সাহিত্য-সমাজৰ বিভিন্ন কথা আলোচনা হৈছিল বুলি বসুমতাৰীয়ে উল্লেখ কৰে। আন এগৰাকী বক্তা বিশিষ্ট শিক্ষাবিদ ড° ফণীধৰ তালুকদাৰে প্ৰয়াত ৰোহিনী মেধিৰ সৈতে থকা বন্ধুত্বৰ কথা সোঁৱৰণ কৰে। তালুকদাৰে লগতে কয়- ৰোহিনী মেধি কোনো কামতে অৱহেলা কৰা নাছিল। প্ৰতিটো কামতে তেওঁ আগৰণুৱা আছিল। গাঁৱে-‌ভূঞে, ৰ’দ-বৰষুণতো‌ তেওঁ সংবাদ সংগ্ৰহ কৰিছিল। ইংৰাজীৰ এগৰাকী দক্ষ শিক্ষক হিচাপেও তেওঁৰ বেচ সুনাম আছিল। আন এগৰাকী বক্তা সৰুপেটাৰ বি. এইচ. বি. মহাবিদ্যালয়ৰ অধ্যাপিকা ড° নমিতা দাস গুৰুংৱে কয়- ৰোহিনী মেধি এগৰাকী সৎ সাংবাদিক আছিল এই কথা সৰ্বজনবিদিত। অসমৰ সংবাদ মাধ্যম বহু ঘাত-প্ৰতিঘাতৰ অন্তত আজি যি স্থানত উপনীত হৈছে, এইক্ষেত্ৰত ৰোহিনী মেধিহঁতৰ দৰে মফচলীয় সাংবাদিকসকলৰ বহুতো ত্যাগ-শ্ৰম জড়িত হৈ আছে। নতুন প্ৰজন্মৰ সাংবাদিক সকলে এই কথাবোৰ অনুধাৱন কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে। উক্ত অনুষ্ঠানতে বিশিষ্ট লেখক, সাংবাদিক জিতুমণি বৰাক “ভেটি” নামৰ উপন্যাসখনৰ কাৰণে ৰোহিনী মেধি সোঁৱৰণী বঁটা-২০২৩ প্ৰদান কৰাৰ লগতে দীৰ্ঘদিন ধৰি সততা, নিষ্ঠা আৰু সাহসিকতাৰে সাংবাদিকতা কৰি অহাৰ বাবে নিয়মীয়া বাৰ্তা কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক তথা বিশিষ্ট সাংবাদিক অজিত কুমাৰ চহৰীয়াক ৰোহিনী মেধি সোঁৱৰণী প্ৰেৰণা বঁটা-২০২৩ প্ৰদান কৰা হয়। অনুষ্ঠানত নলবাৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক (ভূগোল বিভাগ) ড° দীনমণি ভাগৱতী, পৰিৱেশ-প্ৰকৃতিপ্ৰেমী ভূপেন কুমাৰ দাস, অসম নিউজৰ পৰিচালন সঞ্চালক দেবী প্ৰসাদ অধিকাৰী, অনুষ্ঠান আহ্বায়ক কবিতা ডেকা তালুকদাৰ, পপী বৰ্মন, মল্লিকা ভূঞা, ৰীতা বৰ্মন, পদুমী কলিতা, গীতি শৰ্মা, ইতি মেধি, কৰবী মেধি, মিতালী বৰ্মন, শেৱালী মেধি, ৰূপালী বৰ্মন, গীতা দাস, সাংবাদিক প্ৰাঞ্জল শৰ্মা, শ্বাহ আলম আহমেদ, কুলদ্বীপ বৰ্মন, আদিকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
প্ৰেৰক প্ৰাঞ্জল শৰ্মা
You might also like