নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

মেষ ঃ ব্যৱসায়ীসকল লাভৱান হ’ব৷ মাতৃৰ শৰীৰ সম্পর্কে সচেতন থাকক৷ শিক্ষক–উকীল আদিৰ মধ্যম৷ ভ্রমণ সাৱধান হওক৷ প্রেমত শুভ সংযোগ৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৫৷
বৃষ ঃ আর্থিকত ব্যয়ৰ বাবে চিন্তিত হ’ব৷ নতুন কর্মত ব্যস্ততা বৃদ্ধি পাব৷ অংশীদাৰী ব্যৱসায়ত শুভ ফল পাব৷ দাম্পত্য জীৱনত অশান্তিৰ কাৰকতা৷ শুভ ৰং ক্রীম৷ শুভ সংখ্যা ৪৷
মিথুন ঃ ওচৰ–চুবুৰীয়াৰ লগত কিবা আহুকাল পাব৷ কর্মক্ষেত্রত আর্থিক লেনদেনত সাৱধান৷ নিবনুৱাৰ কর্মপ্রাপ্তিৰ যোগ৷ বিদ্যাত শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৩৷
কর্কট ঃ কর্মক্ষেত্রত কিছু বাধাৰ কাৰকতা৷ অংশীদাৰী কর্মত মিশ্রিত ফল লাভ কৰিব৷ বিবাহৰ যোগাযোগত শুভ৷ ভ্রমণত অর্থহানিৰ যোগ৷ শুভ ৰং বগা৷ শুভ সংখ্যা ৩৷
সিংহ ঃ ব্যৱসায়ত আয় বৃদ্ধি পাব৷ ঘৰুৱা দিশ শুভ বুলি ক’ব পাৰি৷ বন্ধুৰ পৰা সতর্ক হ’ব৷ দাম্পত্যত শুভ৷ কর্মসূত্রে ভ্রমণৰ যোগ৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৬৷
কন্যা ঃ খৰচৰ ক্ষেত্রত সতর্ক থাকিব৷ নিবনুৱাৰ বাবে মধ্যম দিন৷ মাতা–পিতাৰ স্বাস্থ্য ভালে নাযাব৷ প্রেমত নতুন সমস্যা দেখা দিব পাৰে৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৬৷
তুলা ঃ উচ্চ শিক্ষার্থীৰ বাবে শুভ সংযোগ৷ দেহ কষ্টৰ উপশম পাব৷ প্রাপ্য ধনৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা৷ প্রেমত শুভ৷ শুভ ৰং গেৰুৱা৷ শুভ সংখ্যা ৫৷
বৃশ্চিক ঃ নিবনুৱা ব্যক্তিৰ কর্মপ্রাপ্তিত বাধা আহিব পাৰে৷ আর্থিক দিশত শুভ৷ দাম্পত্য জীৱন মধ্যমীয়া৷ বিদ্যাত জটিলতা কম৷ শুভ ৰং পাতল সেউজীয়া৷ শুভ সংখ্যা ৯৷
ধনু ঃ পাৰিবাৰিক দিশত চিন্তা থাকিব৷ নতুন সম্পদ ক্রয় কৰিব পাৰে৷ ঊর্ধ্বতন কর্তৃপক্ষৰ লগত মতানৈক্য হ’ব পাৰে৷ প্রেমত মতবিৰোধ৷ শুভ ৰং তাম৷ শুভ সংখ্যা ২৷
মকৰ ঃ ওচৰ–চুবুৰীয়াৰ লগত মানসিক সংঘাত৷ ব্যৱসায়ীসকলৰ ব্যস্ততা বাঢ়িব৷ প্রেমত মধ্যম৷ বিবাহৰ যোগাযোগত শুভ৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৫৷
কুম্ভ ঃ পুৱাৰ ভাগত অনুকূল৷ সৰু–সুৰা সমস্যাত বিব্রত বোধ কৰিব৷ আর্থিকত বিশেষ বাধা নাই যদিও ব্যৱসায়ত লোকচানৰ সংকেত৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ২৷
মীন ঃ মানসিক চাপ বৃদ্ধি পাব৷ বিদ্যাত যত্ন লওক৷ শৰীৰ সম্পর্কীয় কথাত সাৱধান হোৱা উচিত৷ শিল্প–সংস্কৃতিত সুনাম৷ শুভ ৰং পাতল হালধীয়া৷ শুভ সংখ্যা ৯৷

You might also like