আজি ১৫ জুলাই, আহাৰ মাহৰ ৩০ তাৰিখ
বুধবাৰ : তিথি–চতুর্দশী, নক্ষত্র : মৃগশিৰা, যাত্রা : শুভ
মেষ : আজি ঘৰত কোনো প্রিয় ব্যক্তিৰ আগমনৰ পৰা আনন্দ পাব৷ নিজৰ কামত ধ্যান ৰাখিব৷ কঠোৰ পৰিশ্রমৰ দ্বাৰা উপকৃত হ’ব৷ বিদ্যার্থীৰ শুভ৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৩৷
বৃষ : শত্রুৱে অনিষ্ট কৰিবলৈ চেষ্টা কৰিব, কিন্তু সফল নহ’ব৷ কোনো আধৰুৱা কাম সম্পূর্ণ হ’ব৷ সঠিক সময়ত নির্ণয় লোৱা বাবে বিপদৰ পৰা ৰক্ষা পৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৭৷
মিথুন : আজি টকা–পইচা ধাৰ নিদিব৷ প্রেমত মধ্যম৷ আনৰ পৰা কোনো আশা নকৰিব৷ নিজৰ কর্ম আৰু দক্ষতাৰ ওপৰত ধ্যান দিব৷ শৰীৰৰ যত্ন ল’ব৷ শুভ ৰং সোণালী৷ শুভ সংখ্যা ৯৷
কর্কট : আজি নিজৰ খং নিয়ন্ত্রণ কৰিব৷ আনক ব্যক্তিগত সমস্যাত হস্তক্ষেপ কৰিব নিদিব৷ স্বাস্থ্য ভালে থাকিব৷ সামাজিক ক্ষেত্রত শুভ৷ প্রেমত বাধা৷ বিদ্যার্থীৰ শুভ৷ শুভ ৰং বেঙুনীয়া৷ শুভ সংখ্যা ৪৷
সিংহ : আজি সামাজিক কামত ব্যস্ত হ’ব৷ বিবাহত বাধা আহিব পাৰে৷ ধৈর্য আৰু বিবেক–বুদ্ধিৰে নির্ণয় ল’ব৷ নতুন কিবা সুখবৰ পাব পাৰে৷ শুভ ৰং ৰূপালী৷ শুভ সংখ্যা ১৷
কন্যা : আজি ধন লাভ হোৱাৰ সম্ভাৱনা৷ বিদ্যার্থীসকলে অধিক যত্ন লোৱা প্রয়োজন৷ ঘৰুৱা সমস্যা থাকিব৷ ভ্রমণ নকৰিব৷ শুভ ৰং মেৰুন৷ শুভ সংখ্যা ২৷
তুলা : আজি আর্থিক দিশত শুভ৷ সমাজত আপোনাৰ সন্মান বৃদ্ধি পাব৷ প্রেমত শুভ যদিও নিজ বাণীৰ ওপৰত নিয়ন্ত্রণ ৰাখিব৷ বিদ্যার্থীৰ শুভ৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৭৷
বৃশ্চিক : আজিৰ দিনটোত ধন প্রাপ্তিৰ সম্ভাৱনা কিছু জটিল হ’ব পাৰে৷ প্রেমত শুভ৷ বিদ্যাৰ ক্ষেত্রত উত্তম ফল পাব৷ পূব দিশত ভ্রমণ নকৰিব৷ শুভ ৰং কমলা৷ শুভ সংখ্যা ৪৷
ধনু : আজি নতুন কোনো কামৰ সুযোগ পাব পাৰে৷ কোনো প্রভাৱশালী ব্যক্তিৰ পৰা উপকৃত হ’ব৷ পুৰণি সমস্যাৰ সমাধান পাব৷ সন্তানৰ শৰীৰৰ যত্ন ল’ব৷ শুভ ৰং সেউজীয়া৷ শুভ সংখ্যা ৫৷
মকৰ : আজি কর্মক্ষেত্রত নতুন দায়িত্ব লাভ কৰিব৷ দাম্পত্যৰ মাজত বিবাদ হোৱাৰ সম্ভাৱনা৷ অপ্রয়োজনীয় খৰচ নিয়ন্ত্রণ কৰিব৷ শুভ ৰং হালধীয়া৷ শুভ সংখ্যা ৮৷
কুম্ভ : আজি পাৰিবাৰিক ক্ষেত্রত শুভ৷ খৰচ বৃদ্ধি হ’ব পাৰে৷ প্রেমত বাধা৷ বিদ্যার্থীয়ে অধিক পৰিশ্রম কৰিব লাগিব৷ বিবাহৰ ক্ষেত্রত সমস্যা দূৰ হ’ব৷ শুভ ৰং নীলা৷ শুভ সংখ্যা ৪৷
মীন : আজি কর্মস্থানত সহকর্মীৰ সৈতে বিবাদ হ’ব পাৰে৷ সামাজিক ক্ষেত্রত সন্মান লাভ৷ ব্যৱসায়ত আজি লোকচান হোৱাৰ সম্ভাৱনা৷ শুভ ৰং গুলপীয়া৷ শুভ সংখ্যা ৬৷