- যোগীঘোপাত উত্তপ্ত পৰিস্থিতি।
- যোগীঘোপাৰ মালেগড়ত ছোৱালী মাদ্ৰাছাত তীব্ৰ উত্তেজনা।
- মাদ্ৰাছাৰ শিক্ষকৰ বিৰুদ্ধে ওলাই আহিল শ শ পুৰুষ মহিলা।
- ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰিলে মাদ্ৰাছাৰ সামগ্ৰী।
- যোগীঘোপাৰ মালেগড়ত ইশ্বাআতুল উলুম মাদ্ৰাছাতুল বানাতত সংঘটিত হয় এই ঘটনা।
- মাদ্ৰাছাৰ শিক্ষক তথা মৌলবী আমিনুল ইছলামে মাদ্ৰাছাৰ ছাত্ৰীক যৌন আতিশয্য চলোৱাৰ অভিযোগ।
- লেংটিচিঙাৰ বাসিন্দা তথা মাদ্ৰাছাখনৰ মৌলবী আমিনুল ইছলামে দীৰ্ঘদিন ধৰি ছাত্ৰীক আতিশয্য চলোই আহিছিল।
- ইয়াকে লৈ ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ।
- মাদ্ৰাছাখনত স্থানীয় ৰাইজ উপস্থিত হৈ এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে।
- ক্ষোভিত ৰাইজে লণ্ডভণ্ড কৰে মাদ্ৰাছাখনৰ সা- সামগ্ৰীৰ লগতে আচবাব।
- ঘটনাস্থলীত উপস্থিত যোগীঘোপা আৰক্ষী আৰু শীৰ্ষ আৰক্ষী বিষয়া।
ডিজিটেল ডেস্ক, ১৫ জুলাই