নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শংকৰদেৱ সংঘৰ অধিৱেশনত নিয়মীয়া বার্তা-নিউজ লাইভৰ উদ্যোগত ‘আলাপ’

বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রৰ পৰা নৱজ্যোতি তামুলী, ৬ ফেব্রুৱাৰীঃ আজিৰ পৰা যোৰহাটৰ ম’হবন্ধাৰ এৰালতলী পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্রত আৰম্ভ হ’ল শ্রীমন্ত শংকৰদেৱ সংঘৰ ৯৪সংখ্যক বার্ষিক অধিৱেশন৷ ইতিমধ্যে ৰাজ্যৰ ভিন্ন প্রান্তৰ পৰা অহা লক্ষাধিক ভক্তৰ উপস্থিতিত উজ্জীৱিত হৈ উঠিছে সমন্বয় ক্ষেত্র৷ অধিৱেশনখন আৰু অধিক উজলাই তুলিবৰ কাৰণে ‘নিয়মীয়া বার্তা’ কাকত কর্তৃপক্ষয়ো গ্রহণ কৰিছে সময়োপযোগী পদক্ষেপ৷ ‘নিয়মীয়া বার্তা’ আৰু ‘নিউজ লাইভ’–এ অধিৱেশনস্থলীত নির্মাণ কৰিছে বিশেষ সংৰক্ষিত কার্যালয়৷ ইয়াতে আজি দিনৰ এঘাৰ বজাৰ পৰা আৰম্ভ হ’ব ‘আলাপ’ নামৰ বিশেষ অনুষ্ঠান৷ শ্রীমন্ত শংকৰদেৱ সংঘৰ নৱপ্রজন্মৰ যুৱক–যুৱতীসকলক্ লৈ হ’ব লগা অনুষ্ঠানত ‘নৱপ্রজন্ম আধ্যাত্মিকতা’ শীর্ষক বিষয়ত আলোচনা কৰা হ’ব৷ ৭ ফেব্রুৱাৰীত সংঘৰ শিশু–আইমাতৃ কল্যাণ সমিতিৰ আইসকলক লৈ ‘শংকৰদেৱ সংঘত মহিলাৰ ভূমিকা’ শীর্ষক বিষয়ত আন এক আলোচনা–চক্র অনুষ্ঠিত হ’ব৷ ইতিমধ্যে এই সন্দর্ভত সংঘৰ কেইবাগৰাকী বিষয়াৰ লগতে সেৱা বাহিনীৰ লগত আলোচনা কৰা হ’ব৷ নিউজ লাইভেও অধিৱেশনক লৈ হাতত লৈছে একাধিক কার্যসূচী৷

You might also like