নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্পাদকীয় : যুদ্ধৰ অৱসান কেতিয়া?

ইজৰাইল–পেলেষ্টাইন সংকট অধিক ভয়াৱহ হৈ পৰিছে৷ গাজা ভূখণ্ডৰ পৰা পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছে যোৱা ৭ অক্টোবৰত ইজৰাইলত নৰমেধ সংঘটিত কৰাৰ পিছৰে পৰা গাজা ভূখণ্ডত ইজৰাইলী সেনাই বোমাবর্ষণ চলাই আছে৷ হামাছৰ তাৎক্ষণিক পাশৱিক আক্রমণত ইজৰাইলত ১৪ শতাধিক লোক নিহত হয়৷ ইফালে, দুই শতাধিক লোকক পণবন্দী কৰে হামাছে৷ ইয়াৰ পিছতে হামাছক সম্পূর্ণৰূপে উৎখাত কৰাৰ সংকল্পৰে ইজৰাইলে গাজা ভূখণ্ডত বোমা বর্ষণ আৰম্ভ কৰে৷ ইজৰাইলী বোমাৰ আঘাতত থানবান হৈছে গাজাৰ বহু প্রাসাদ৷ লগে লগে বধ্যভূমিত পৰিণত হৈছে গাজা৷ প্রায় ২৩ লাখ লোকৰ বাসভূমি গাজা ভূখণ্ডত ইজৰাইলে হামাছৰ ঘাটিলৈ লক্ষ্য কৰি আক্রমণ চলাই থকা বুলি দাবী কৰিছে যদিও এই আক্রমণত নিহত হৈছে অধিকসংখ্যক নিৰীহ লোক৷ ইফালে, ইজৰাইলে গাজালৈ খাদ্য, খোৱাপানী আৰু বিদ্যুৎ যোগান বন্ধ কৰাৰ ফলত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ হাস্পতালসমূহত এতিয়া চিকিৎসা সেৱা আগবঢ়াব পৰা যাৱতীয় ব্যৱস্থা নাই৷ বহু লোক খাদ্য আৰু পানীৰ অভাৱত তিলতিলকৈ মৃত্যুৰ মুখলৈ গতি কৰিছে৷ বিভিন্ন দেশে গাজাৰ দুর্গত লোকলৈ সাহায্য প্রেৰণ কৰিছে যদিও ইজিপ্তৰ পৰা পর্যাপ্ত পৰিমাণে সাহায্য সামগ্রী সৰবৰাহ কৰাটো সম্ভৱ হোৱা নাই৷ প্রতিদিনে হাজাৰ হাজাৰ টন সাহায্য সামগ্রীৰ প্রয়োজন যদিও ইজিপ্ত চৰকাৰে ঘোষণা কৰা অনুসৰি দৈনিক ২০০ টনো খাদ্য সামগ্রী প্রেৰণ কৰিব পৰা নাই গাজা ভূখণ্ডলৈ৷ ইয়াৰ মূল কাৰণ হৈছে সীমান্তত ইজিপ্তৰ কঠোৰ পদক্ষেপ৷ প্রতিদিনে ১০০খন ট্রাক গাজা ভূখণ্ডত খাদ্য সামগ্রী লৈ প্রৱেশ কৰিব লাগে যদিও ইজৰাইল প্রশাসনে দৈনিক ১০খন ট্রাককো খাদ্য সামগ্রী সৰবৰাহৰ অনুমতি দিয়া নাই৷ ইফালে, ইন্ধনৰ অভাৱত নতুন সংকটৰ সন্মুখীন হৈছে গাজাৰ বহু নিৰীহ লোক৷

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, এই ভয়াৱহ যুদ্ধৰ ফলত গাজা ভূখণ্ডত খাদ্য সংকটৰ সন্মুখীন হৈছে ৫০ সহস্রাধিক অন্তঃসত্ত্বা মহিলা৷ এই মহিলাসকলক চিকিৎসা সেৱাৰ প্রয়োজন যদিও গাজাত এতিয়া চিকিৎসা সেৱা আগবঢ়াব পৰা সুবিধা নাই৷ পৰিতাপৰ বিষয়টো হৈছে আগন্তুক নৱেম্বৰ মাহৰ ভিতৰত এই মহিলাসকলৰ ৫সহস্রাধিকে সন্তান জন্ম দিব৷ কিন্তু যুদ্ধৰ বিভীষিকাই নৰকৰ বাসিন্দা হ’বলৈ বাধ্য কৰাইছে এই মহিলাসকলক৷ কেইবাটাও সংবাদ সংস্থাই দাবী কৰা অনুসৰি বিগত ২৪ ঘণ্টাৰ ভিতৰত গাজা ভূখণ্ডত শিশু–নাৰীসহ ৭ শতাধিক লোক নিহত হৈছে৷ ইজৰাইলৰ বোমা আক্রমণত এই লোকসকলে প্রাণ হেৰুৱাইছে৷ ইজৰাইল চৰকাৰে হামাছৰ ঘাটিত আক্রমণ কৰা বুলি দাবী কৰিছে যদিও বিভিন্ন সংস্থাৰ তথ্য অনুসৰি বহু প্রাসাদ ধূলিত মিহলি হৈছে এই বোমা বর্ষণত৷ এই প্রাসাদসমূহৰ বাসিন্দা আছিল অসামাৰিক লোক৷ আনকি শৰণার্থী শিবিৰতো বোমাবর্ষণ কৰিছিল ইজৰাইলী সেনাই৷ পৰিণতিত নিৰীহ লোকৰ মৃত্যুৰ সংখ্যা বৃদ্ধি পাইছে৷ সংবাদ সংস্থা বিবিচিৰ তথ্য অনুসৰি এতিয়ালৈকে গাজা ভূখণ্ডত ইজৰাইলী বোমা আক্রমণত নিহত হৈছে প্রায় ৬ হাজাৰ লোক৷ ইয়াৰে গৰিষ্ঠসংখ্যকেই হৈছে শিশু–মহিলাসহ অসামৰিক লোক৷ এনে পৰিস্থিতিত শীঘ্রে যুদ্ধবিৰতি চুক্তি স্বাক্ষৰ নহ’লে অধিকসংখ্যক নিৰীহ লোকৰ প্রাণহানি হোৱাৰ আশংকা আছে৷ পৰিতাপৰ বিষয়টো হৈছে ইউৰোপীয় ইউনিয়নে দুর্গত লোকৰ সাহায্যৰ বাবে গাজাত শীঘ্রে যুদ্ধবিৰতি সম্ভৱ কৰি তুলিব লাগে বুলি দাবী জনোৱাৰ সময়তে আমেৰিকাসহ কেইবাখনো দেশে হামাছৰ বিৰুদ্ধে যুদ্ধ অব্যাহত ৰখাটো প্রয়োজন বুলি ঘোষণা কৰিছে৷ আনকি এনে ৰক্তক্ষয়ী যুদ্ধৰ মাজত বিশ্বৰ গৰিষ্ঠসংখ্যক দেশেই নিজৰ অৱস্থান ঠিক কৰিব পৰা নাই৷ কেতিয়াবা যদি গাজাত যুদ্ধবিৰতিৰ দাবী জনাইছে, কেতিয়াবা আকৌ ইজৰাইলৰ আত্মৰক্ষাৰ পক্ষত সৰৱ হৈছে বিভিন্ন দেশ৷ এনে সন্ধিক্ষণৰ সময়ত গাজাৰ নিৰীহ লোকে কেৱল প্রাণ দিবলগীয়া হৈছে৷ এই ভয়াৱহ যুদ্ধৰ অৱসান নঘটিলে গাজা ভূখণ্ড হৈ পৰিব নিৰীহৰ বধ্যভূমি৷ ইতিমধ্যে কেইবালাখো লোক সর্বস্বান্ত হ’বলগীয়া হৈছে৷ এই লোকসকলক নিৰাপদ স্থানত সংস্থাপিত কৰাৰ কোনো ব্যৱস্থা গ্রহণ কৰা হোৱা নাই৷ দুর্গত লোকসকলক আশ্রয় দান দূৰৰে কথা, তেওঁলোকক আন্তর্জাতিক সাহায্য আগবঢ়োৱাৰ সুবিধাও প্রদান কৰা ইজৰাইলে৷ পৰিণতিত সংকট অধিক ভয়াৱহ হৈ পৰিছে৷ হামাছ আৰু ইজৰাইলী সেনাৰ মাজত যুদ্ধৰ মূল্য ভৰিবলগীয়া হৈছে নিৰীহ পেলেষ্টাইনী লোকসকলে৷ আন্তর্জাতিক সম্প্রদায়ে এই বিষয়টোত গুৰুত্ব প্রদান কৰি শীঘ্রে যুদ্ধ বন্ধৰ ব্যৱস্থা নকৰিলে এই নৰমেধ চলিয়েই থাকিব৷

You might also like