নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জনজাতি অতিথিগৃহত মদৰ আড্ডা হব নালাগে : মৰিগাঁৱত  ৰণোজ পেগু

বার্তা বুৰো, ২৮ এপ্ৰিলঃ মৰিগাঁৱত আজি জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ৰাজ্য চৰকাৰৰ জনজাতি পৰিক্রমা বিভাগৰ দ্বাৰা আবণ্টিত ২ কোটি টকা ব্যয়সাপেক্ষ জনজাতি অতিথি গৃহ তিৰ শুভ উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁৱ সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, তিৱা স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী জীৱন চন্দ্ৰ কোৱৰ প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।তিৱা স্বায়ত্ব পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰণৱ জ্যোতি মছৰঙে আঁত ধৰা এই সভা খন ত ভাষণ প্ৰদান কৰি মন্ত্ৰী ডাঃ ৰনোজ পেগুৱে কয় যে সৰ্বসাধাৰণ জনজাতি লোক সকল অথবা অন্যান্য ৰাইজে যাতে নিজ প্ৰয়োজনত এই অতিথি গৃহ টি লাভ কৰে সেয়া নিশ্চিত কৰিব লাগে। লগতে এনে অতিথি গৃহসমূহত মদৰ আড্ডা যাতে নহয় সেইয়া নিশ্চিত কৰাটো কৰ্তৃপক্ষৰ দায়িত্ব।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like