নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্রী পদক লৈ বিজেপিত নাই কোনো সংঘাত

অপপ্রচাৰ খণ্ডন কৰি স্পষ্ট কৰিলে ড০ শর্মাই

নিয়মীয়া বাৰ্তা ১৮ আগষ্টঃ ৰাজ্যৰ মুখ্যমন্ত্রী পদক লৈ শেহতীয়াকৈ সৃষ্টি হোৱা বিতর্কত উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি৷ বিশেষকৈ বিত্ত–স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক লক্ষ্য কৰি বিৰোধী দলসমূহ মুখ্যমন্ত্রীকেন্দ্রিক বিষয়টোক লৈ সৰৱ হৈ থকাৰ পাছত আজি পুনৰ স্থিতি স্পষ্ট কৰিলে মন্ত্রী ড০ শর্মাই৷ আজি এক চৰকাৰী বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ কয়– ‘মুখ্যমন্ত্রী পদক লৈ কোনো বিবাদ বিজেপিত নাই৷ আন দলত এই বিবাদ থাকিব পাৰে৷’ উল্লেখ্য যে মুখ্যমন্ত্রী হ’বলৈ ড০ হিমন্ত বিশ্ব শর্মাৰ যোগ্যতা আছে বুলি অলপতে ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকাই কৰা মন্তব্যৰ পাছতে বিতর্কৰ সূত্রপাত হৈছিল৷ বিৰোধীয়ে এই মন্তব্যৰ সুযোগ ধৰি ড০ শর্মাক সমালোচনা কৰাৰ পাছত কালি মন্ত্রীগৰাকীয়ে স্পষ্ট কৰি দিছে যে মুখ্যমন্ত্রী হ’বলৈ বিজেপিৰ ৪২ লাখ কার্যকর্তাৰে যোগ্যতা আছে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰে শেহতীয়াকৈ মুকলি কৰা সর্ববৃহৎ আঁচনি অৰুণোদয় ৰূপায়ণক লৈ আজি ৰাজ্যৰ প্রায়কেইটা সমষ্টিতে এক বৈঠক অনুষ্ঠিত হয়৷ কামৰূপ জিলাত এই বৈঠকত অধ্যক্ষতা কৰে মন্ত্রী ড০ শর্মাই৷ বৈঠকৰ পাছতেই সাংবাদিকৰ সৈতে হোৱা বার্তালাপত তেওঁ জানিবলৈ দিয়ে যে এই অৰুণোদয় আঁচনিৰ জৰিয়তে প্রতিটো সমষ্টিতে ১৫ লাখ পৰিয়াল উপকৃত হ’ব৷ ৰাজ্যত ১৯ লাখ পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব৷ অহা ২ অক্টোবৰৰ পৰা এই আঁচনিখন ৰূপায়ণ কৰাৰ লক্ষ্যৰে প্রতিটো সমষ্টিতে ১৭ৰ পৰা ২০ আগষ্টৰ ভিতৰত সমষ্টিৰ বিধায়কৰ নেতৃত্বত বৈঠক অনুষ্ঠিত কৰি ৰূপায়ণৰ দিশবোৰ আলোচনা কৰা হ’ব৷ মন কৰিবলগীয়া যে এই আঁচনিৰ জৰিয়তে হিতাধিকাৰী পৰিয়ালক ৮৩০ টকাকৈ প্রতিমাহে বেংকৰ জৰিয়তে প্রদান কৰা হ’ব৷ এই সন্দর্ভত মন্ত্রী শর্মাই কয়– ‘এই আঁচনিত বিধৱা মহিলাসকলক প্রথম অগ্রাধিকাৰ দিয়া হ’ব৷ ইয়াৰ পাছতেই দিব্যাংগ মহিলা, অকলশৰীয়াকৈ থকা মহিলা আৰু পৰিয়াল চলোৱা মহিলাসকলক অগ্রাধিকাৰ দিয়া হ’ব৷ ২ অক্টোবৰৰ পৰা এই আঁচনিখন কার্যকৰী কৰাৰ লক্ষ্যৰে চলিত মাহৰ পৰাই হিতাধিকাৰীৰ তালিকা প্রস্তুত কৰা হ’ব৷’ আজিৰ বৈঠকত গুৱাহাটীৰ সাংসদ কুইন ওজা, ৰাজ্যিক মন্ত্রী ভবেশ কলিতা, তেজপুৰৰ সাংসদ পল্লৱলোচন দাস, বিধায়ক সত্যব্রত কলিতা, সুমন হৰিপ্রিয়া, প্রণৱ কলিতা, ৰেকিবুদ্দিন আহমেদ, জিলা উপায়ুক্ত কৈলাস কার্তিকৰ লগতে জিলা প্রশাসনৰ বিষয়াসকল উপস্থিত থাকে৷ ইফালে ৰাজ্যত আৰম্ভ হোৱা আনলক–৩ৰ প্রসংগত মন্ত্রীগৰাকীয়ে কয়– ‘সামাজিক দূৰত্ব বজাই নাৰাখিলে আৰু মাস্ক পৰিধান নকৰিলে ৰাজ্যৰ পৰিস্থিতি অস্বাভাৱিক হ’ব৷ ৰাজ্যজুৰি পৰিস্থিতি যদি স্বাভাৱিক হৈ থকা বিচাৰে, তেন্তে নীতি–নিয়মসমূহ অনুকৰণ কৰিব লাগিব৷’ আনহাতে, ক’ৰোনাৰ ভেকচিন সন্দর্ভত তেওঁ কয়– ‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে প্রকাশ কৰা মতে তিনিটা ভেকচিনৰ পৰীক্ষা আগভাগত আছে৷ এনে অৱস্থাত তিনি–চাৰি মাহৰ ভিতৰত ভেকচিন অহাৰ সম্ভাৱনা আছে৷’
২ অক্টোবৰৰ ভিতৰত অৰুণোদয় আঁচনিত ধন লাভ কৰিব হিতাধিকাৰীয়ে
আমিনগাঁৱৰ আঁচনি পর্যালোচনা সভাত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা
কামৰূপ জিলাৰ আমিনগাঁৱত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত আজি অৰুণোদয় আঁচনিৰ এক পর্যালোচনা সভা অনুষ্ঠিত হয়৷ এই বৈঠকৰ পাছতেই মন্ত্রীগৰাকীয়ে উল্লেখ কৰে যে গান্ধী জয়ন্তীৰ দিনটোতে ৰাজ্যৰ ১৯ লাখ হিতাধিকাৰীয়ে এই আঁচনিৰ ধন লাভ কৰিব৷ ইফালে আজি কামৰূপ জিলা উপায়ুক্ত কার্যালয়ৰ নৱনির্মিত ভৱনটো অহা ডিচেম্বৰ মাহত মুকলি কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে৷

You might also like