নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও লোকসভা সমষ্টিত অস্তিত্বহীন কংগ্ৰেছ : বিধায়ক ৰূপক শৰ্মা

নিয়মীয়া বাৰ্তা, ১১ মাৰ্চঃ “কংগ্ৰেছ দলৰ নগাঁও লোকসভা সমষ্টিত কোনো অস্তিত্ব নাই। নগাঁৱত কংগ্ৰেছৰ নেতা-কৰ্মী নাই। বিজেপিৰ লগত কংগ্ৰেছৰ মূল যুঁজ কৰাৰ শক্তি সামৰ্থ্য হেৰুৱাই পেলাইছে। আগন্তুক সময়ত যদি গৌৰৱ গগৈক যদি নগাঁৱত প্ৰাৰ্থিত্ব প্ৰদান কৰে তেতিয়াও মূল প্ৰতিদ্বন্দ্বী বিজেপিৰ লগত AIUDFৰহে হ’ব”- এই মন্তব্য নগাঁৱৰ বিধায়ক ৰূপক শৰ্মাৰ। আজি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ নৱনিৰ্মিত ভৱনৰ শুভাৰম্ভ কৰি সাংবাদিকৰ প্ৰশ্নোত্তৰত বিধায়কজনে পুনৰ কয় যে সংখ্যালঘু অধ্যুষিত অঞ্চলত এইবাৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিছে বিজেপিয়ে। বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ নৱনিৰ্মিত কাৰ্য্যালয় মুকলি অনুস্থানত উপস্থিত থাকি বিধায়ক ৰূপক শৰ্মাই এনেদৰে মন্তব্য আগবঢ়ায়। নগাঁও-বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়ত ভৱনটিৰ আজি আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাৰ লগত সংগতি ৰাখি এখন বিশেষ সভা অনুষ্ঠিত হয়। গ্ৰাম স্বৰাজ অভিযান আঁচনি ২০২১-২২ বৰ্ষৰ অধীনত নিৰ্মাণ হোৱা পঞ্চায়ত ভৱনটি আজি বটদ্ৰৱা সত্ৰ গাঁও পঞ্চায়তৰ ৰাইজৰ বাবে মুকলি কৰি বিধায়ক শৰ্মাই সন্তোষ লভো বুলিও ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। গাঁও পঞ্চায়ত ভৱনটিৰ মুকলি অনুষ্ঠানত নগাঁও জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া অনন্ত গগৈৰ লগতে বটদ্ৰৱা খণ্ড উন্নয়ন বিষয়া শিখা শৰ্মা প্ৰমুখ্যে সহঃ অভিযন্তা ধীৰ সিং দলে, গাঁও পঞ্চায়তৰ সচিব সতীশ চন্দ্ৰ শৰ্মা, সমাজকৰ্মী ভাস্কৰজ্যোতি বৰা, ইন্দ্ৰমোহন বৰুৱা, নমিতা বৰা হাজৰিকা, বটদ্ৰৱা শংকৰদেৱ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ভোগেশ্বৰ বৰাৰ উপৰি পঞ্চায়ত প্ৰতিনিধিসকল আৰু পঞ্চায়তৰ শুভাকাংক্ষী লোক উপস্থিত থাকে।
প্ৰেৰক কন্দৰ্প কুমাৰ কলিতা
You might also like