নিয়মীয়া বাৰ্তা, ২০ জুন : নেৰানেপেৰা বৰষুণৰ বাবে বঙাইগাঁও-শালবাৰী লোকনিৰ্মান পথৰ এটা কালভাৰ্ট ভাগি যোৱাৰ ফলত বঙাইগাঁও চহৰৰ লগত বৃহত্তৰ বইটামাৰী অঞ্চলৰ দুদিন ধৰি যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে। চহৰখনৰ লগত অঞ্চলটোৰ যাতায়তৰ প্ৰধান পথটোৰ ধলাগাঁওত থকা এটা কালভাৰ্ট ভাগি যোৱাৰ ফলতে পথটোৰে যাতায়ত সম্পূৰ্ণ ৰূপত বন্ধ হৈ পৰিছে। উল্লেখ্য যে পূৰ্বৰে পৰা বঙাইগাঁও ছহিদবেদীৰ পৰা বইটামাৰীৰ শালবাৰী ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ ধলাগাঁৱৰ এই স্থানত টুনীয়া নৈৰ খহনীয়াত পথটোৰ কাষৰ অংশ জাহ গৈছিল। সেই সময়ত বিভাগীয় কৰ্তৃপক্ষই খহনীয়া প্ৰতিৰোধ কৰাৰ বাবে আঁচনি হাতত লৈ সাময়িকভাৱে পথটো ৰক্ষা কৰিছিল যদিও পিচলৈ পুনৰ খহনীয়া অব্যাহত থাকে। বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত নতুনকৈ খহনীয়াৰ সৃষ্টি হয় আৰু পথটোৰ কালভাৰ্ট এটা ভাগি যায়। ইপিনে নৈখনৰ গৰা খহনীয়াৰ ফলত পকী পথটো যিকোনো মূহুৰ্ত্ততে ভাগি যোৱাৰ উপক্ৰম হৈছে। কালভাৰ্টটো ভগা প্ৰত্যক্ষ কৰি স্থানীয় ৰাইজে কালি প্ৰথমে পথটোত বাঁহৰ সুৰক্ষা বেৰ দিয়ে। পিছত বিভাগীয় কৰ্ত্তৃপক্ষই পথটো বন্ধ বুলি জাননী লগাই বেৰিকেড দিয়ে। ফলত ছাত্ৰ-ছাত্ৰী, চৰকাৰী কৰ্মচাৰী, ক্ষুদ্ৰ ব্যৱসায়ী তথা সাধাৰন পথাচাৰী কালিৰে পৰা ভীষন অসুবিধাৰ সন্মুখীন হৈছে। বৰ্তমানলৈ লোকনিৰ্মান বিভাগে পথটিৰে যাতায়াত সুচল কৰি তুলিবলৈ কোনো তৎপৰতা নেদেখুৱাত অঞ্চলটোৰ ৰাইজে তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। ইফালে বৰষুণ অবাহত থাকিলে যিকোনো মুহুৰ্ত্ততে পথটো সম্পূৰ্ণৰূপে ভাগি যাব পাৰে। পথটো ভাগি গ’লে টুনীয়া নৈৰ বাঢ়নী পানীয়ে ধলাগাঁৱৰ বৃহৎ অঞ্চল জলমগ্ন কৰিব। খৰালি কালত বিভাগীয় কৰ্ত্তৃপক্ষই কোনো ব্যৱস্থা নোলোৱাৰ ফলত ৰাইজে আজি দূৰ্ভোগ ভুগিবলগীয়া হৈছে। তাৎক্ষণিকভাৱে খহনীয়া প্ৰতিৰোধৰ লগতে পথটি যাতায়তৰ সূচল কৰিবলৈ ৰাইজে দাবী জনাইছে ।
প্ৰেৰক ৰুবুল কান্তি দাস