ৰাজ্যপালৰ নির্দেশঃ গুৱাহাটী ইউনিভার্ছিটীত বন্ধ ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি
৩০ জুনৰ পিছত বৈধতা থকা শিক্ষকৰ ক্ষেত্রতো হ’ব প্রযোজ্য
নিয়মীয়া বাৰ্তা ৫ জুলাইঃ গুৱাহাটী বিশ্ববিদ্যালয়ত বন্ধ কৰা হৈছে ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি৷ বিশ্ববিদ্যালয়খনৰ আচার্য তথা ৰাজ্যপাল জগদীশ মুখীৰ নির্দেশৰ ভিত্তিত এই সন্দর্ভত জাননী জাৰি কৰা হৈছে৷ সেই অনুসৰি যোৱা ৩০ জুনৰ পাছত বিশ্ববিদ্যালয়খনত ঠিকাভিত্তিক শিক্ষকৰ নিযুক্তি সম্পূর্ণৰূপে বন্ধ কৰা হৈছে৷ ৩০ জুনৰ পাছত ঠিকাৰ ম্যাদ থকা শিক্ষকসকলৰ ক্ষেত্রতো এই নির্দেশ কার্যকৰী হ’ব৷ অর্থাৎ বর্তমান বিশ্ববিদ্যালয়খনত কর্মৰত হৈ থকা ঠিকাভিত্তিক শিক্ষকৰ সেৱা ৩০ জুনৰ পাছত সম্পূর্ণৰূপে বন্ধ হৈ পৰিব৷ এই নির্দেশৰ পাছতে বিশ্ববিদ্যালয়খনত দীর্ঘদিনে ঠিকাভিত্তিকভাৱে কর্মৰত হৈ থকা শিক্ষকসকলৰ মাজত ব্যাপক প্রতিক্রিয়া সৃষ্টি হৈছে৷ সমান্তৰালভাৱে আগন্তুক সময়ত বিশ্ববিদ্যালয়খনৰ পাঠদানতো ইয়াৰ প্রভাৱ পৰিব বুলি আশংকা কৰা হৈছে৷
ইপিনে এই সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰিছে বিশ্ববিদ্যালয়খনৰ উপাচার্য অধ্যাপক প্রতাপজ্যোতি সন্দিকৈয়ে৷ তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচার্যৰ নির্দেশৰ পাছতে ঠিকাভিত্তিক শিক্ষকসকলৰ সেৱা বন্ধ কৰা হৈছে৷ ইয়াৰ ফলত গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন মহাবিদ্যালয়, যোগাযোগ আৰু সাংবাদিকতা বিভাগ, এমএডকে ধৰি বিভিন্ন বিভাগত পাঠদানৰ ক্ষেত্রত ব্যাপক প্রভাৱ পৰিব৷ কিয়নো বিশ্ববিদ্যালয়খনত এতিয়াও বহু শিক্ষকৰ পদ খালী হৈ আছে৷ উপাচার্য সন্দিকৈয়ে এই সিদ্ধান্তত দুঃখিত বুলি মন্তব্য কৰি এখন বিশ্ববিদ্যালয়ৰ আভ্যন্তৰীণ ক্ষেত্রত কিছু স্বাধীনতা থকাটো উচিত বুলি তাৎপর্যপূর্ণ মত আগবঢ়ায়৷
বিশ্ববিদ্যালয়খনৰ শেহতীয়া কার্যত প্রতিক্রিয়া প্রকাশ কৰিছে সদৌ অসম ছাত্র সন্থাই৷ সন্থাই সমগ্র বিষয়টো পুনৰ বিবেচনা কৰাৰ বাবে আহ্বান জনোৱাৰ লগতে ৰাজ্যপাললৈ এখন পত্র প্রেৰণ কৰা হ’ব বুলিও প্রকাশ কৰিছে৷
আনহাতে, ঠিকাভিত্তিক শিক্ষকৰ সেৱা বন্ধ কৰাক লৈ প্রতিক্রিয়া প্রকাশ কৰিছে অসম প্রদেশ কংগ্রেছ কমিটীয়ে৷ বিশ্ববিদ্যালয় কর্তৃপক্ষক এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী উত্থাপন কৰিছে প্রদেশ কংগ্রেছে৷ এক বিবৃতিত প্রদেশ কংগ্রেছৰ মিডিয়া কোষৰ অধ্যক্ষ ববিতা শর্মাই কয় যে চৰকাৰে বিভিন্ন বিভাগ আৰু বিদ্যালয়ত কর্মৰত হৈ থকা অনিয়মীয়া লোকসকলক স্থায়ী নিযুক্তি প্রদানৰ ব্যৱস্থা কৰিব লাগে৷ ইয়াৰ পৰিৱর্তে তেওঁলোকে ঠিকাভিত্তিক শিক্ষকসকলক চাকৰিৰ পৰা অব্যাহতি দিলে তেওঁলোক অসুবিধাৰ সন্মুখীন হ’ব৷ উল্লেখ্য যে এই বিষয়টোক লৈ বিশ্ববিদ্যালয় কর্তৃপক্ষই এখন অনলাইন বৈঠকৰ আয়োজন কৰা বুলি জানিব পৰা গৈছে৷