নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উন্নয়নে ঢুকি নাপালে লাহৰীঘাটৰ চাহেব ঘাটক

নিয়মীয়া বাৰ্তা, ৩১মে’ : মৰিগাঁও জিলাৰ লাহৰীঘাটৰ দিখৌমুখ অঞ্চলৰ চাহেব ঘাটত কিন্তু আজিও এখন দলং হৈ নুঠিল। যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কুৰিখনতকৈয়ো অধিক গাঁৱৰ ৰাইজে যুগ যুগ ধৰি অঞ্চলটোৰ লালিবিলৰ ওপৰত ডাল বাঁহৰ সাঁকোৰে চলাচল কৰি থাকিব লগা হৈছে। উল্লেখ্য যে স্বাধীনতা পিছৰে পৰা ইখনৰ পিছত সিখনকৈ চৰকাৰ আহিছে আৰু গৈছে যদিও পূৰ্বৰ লাহৰীঘাট বিধান সভা সমষ্টিৰ(বৰ্তমান মৰিগাঁও সমষ্টি) অন্তৰ্গত দিখৌমুখ অঞ্চলৰ ঐতিহাসিক চাহেব ঘাটত পকী দলং দূৰৰে কথা এখন কাঠৰ দলঙো আজিকোপতি হৈ নুঠিল। সমষ্টিটোত সুদীৰ্ঘ কাল কংগ্ৰেছৰ তথা প্ৰয়াত মন্ত্ৰী নজৰুল ইছলামৰ পৰিয়ালৰ শাসনতে থাকিল যদিও কোনো দিনে অঞ্চলটোৰ উল্লিখিত স্থানত লালিবিলৰ ওপৰত এখন দলং নিৰ্মাণ কৰি বৃহত্তৰ অঞ্চলবাসী ৰাইজক যাতায়তৰ সুব্যৱস্থা কৰি দিব নোৱাৰিলে।যাৰ ফলত যুগ যুগান্ত ধৰি বৃহত্তৰ অঞ্চলটোৰ দিখৌমুখ, বটালিমাৰী, নাহৰকাটি, পোকৰকটা, ভকুৱামাৰী, ফলিহামাৰী আদিকে ধৰি কুৰিখনতকৈয়ো অধিক গাঁওবাসীয়ে অঞ্চলটোৰ লালিবিলৰ ওপৰত দলঙৰ বিকল্প হিচাপে প্ৰতি বছৰে নিজাববীয়াকৈ ডাল বাঁহেৰে সাঁকো নিৰ্মাণ কৰি চলাচল কৰি আহিছে। আটাইতকৈ পৰিতাপৰ বিষয়টো হৈছে অঞ্চলটোৰ বটালিমাৰী, নাহৰকাটি আদিকে ধৰি কেইবাখনো গাঁৱৰ পৰা বিলখনৰ আনটো পাৰত অৱস্থিত মণিৰাম দেৱান মধ্য ইংৰাজী বিদ্যালয় আৰু হাইস্কুলত অধ্যয়ন কৰিব লগা হয়।ছাত্র ছাত্ৰী সকলে প্ৰতিদিনে মৰণকে চৰণ কৰি ডাল বাঁহৰ সাঁকোৰে বিদ্যালয়লৈ অহা যোৱা কৰিব লগা হয়।জানিব পৰা মতে, বৃটিছৰ দিনত চাহাব সকলে অঞ্চলটোৰ মাজেৰে বৈ যোৱা লালিবিলৰ উক্ত স্থানতে তেওঁলোকৰ নাৱ সমূহ বান্ধিছিল কাৰণেই সেই অনুসৰি লালিবিলৰ উক্ত ঘাটটোক চাহেব ঘাট নামেৰে নামাকৰণ কৰা হয়। পৰিতাপৰ বিষয় যে সুদীৰ্ঘ কাল কংগ্ৰেছৰ দখলত থকা লাহৰীঘাট বিধান সভা সমষ্টিটো যে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা প্ৰয়াত শক্তিশালী মন্ত্ৰী ডাঃ নজৰুল ইছলাম,পূৰ্বৰ তেওঁৰ জ্যেষ্ঠ বিধায়ক ভাতৃ আৰু ডাঃ  ইছলামৰ পুত্ৰ তথা বৰ্তমানৰ সমষ্টিটোৰ বিধায়ক ডাঃ আচিফ মহম্মদ নাজাৰৰ শাসন কালতো উন্নয়নত ব্যৰ্থ, তাৰেই জ্বলন্ত উদাহৰণ হৈ পৰিছে সমষ্টিটোৰ ঐতিহাসিক চাহেব ঘাট। আনকি উন্নয়নৰ ঢাক ঢোল বজাই ক্ষমতা দখল কৰা বিজেপি নেতৃত্বাধীন চৰকাৰখনেও সমষ্টিটোৰ বাট-পথ সমূহ উন্নয়নত বৰ্তমানলৈকে আগবঢ়া পৰিলক্ষিত হোৱা নাই।

প্ৰেৰক আবুল কালাম

You might also like