🔹 বাজেটক লৈ উৎফুল্লিত মুখ্যমন্ত্রী ড০ শর্মা
🔹 অসমৰ বাবে সাতটা অসামান্য উন্নয়নৰ পথ প্রশস্ত
বিশেষ বাৰ্তা, ২ ফেব্রুৱাৰী : এতিয়াৰে পৰা তৃতীয় আৰু চতুর্থবর্গৰ কোনো কর্মচাৰীয়ে আয়কৰ দিব নালাগে৷- এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ কালি সন্ধিয়া জনতা ভৱনস্থিত লোকসেৱা ভৱনত আয়োজিত এখন সংবাদ মেলত মুখ্যমন্ত্রী ড০ শর্মাই কালি সংসদত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে উত্থাপন কৰা ২০২৫–২৬ বিত্তীয় বর্ষৰ বাজেট সন্দর্ভত আলোকপাত কৰি কয় যে এইবাৰৰ বাজেটত দেশৰ মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্তক সকাহ প্রদান কৰি ১২ লাখ টকালৈকে আয়কৰ আদায়ৰ পৰা সকাহ দিয়া হৈছে৷ বাজেটখন ভাৰতৰ মধ্যবিত্তলৈ বৃহৎ সকাহ আখ্যা দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাহে এক লাখ টকালৈকে দৰমহা পোৱা কর্মচাৰীয়ে কোনো আয়কৰ দিব নালাগে৷ তৃতীয় আৰু চতুর্থবর্গৰ কর্মচাৰীৰ মাহিলি দৰমহা এক লাখ টকাৰ কম৷ সেয়ে তেওঁলোকে আয়কৰ আদায় দিব নালাগে৷ উদ্যোগত কর্মৰত বহুতেই আয়কৰ দিব নালাগিব৷ দেশৰ স্বাধীনতাৰ পিছত ৬০ বছৰ শাসনত থকা কংগ্রেছ দলৰ চৰকাৰে আয়কৰৰ ক্ষেত্রত এনেদৰে জনসাধাৰণক সকাহ দিব পৰা নাছিল৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়েহে প্রথমতে আয়কৰ আদায়ৰ সীমা পাঁচ লাখ টকালৈ বৃদ্ধি কৰে৷ পৰৱর্তী পর্যায়ত সাত লাখ টকালৈ বৃদ্ধি কৰে আৰু এতিয়া সেয়া ১২ লাখ টকালৈ বৃদ্ধি কৰিলে৷ উদ্যোগীকৰণৰ ক্ষেত্রতো বাজেটে বিশেষ ভাল খবৰ ৰাজ্যখনলৈ কঢ়িয়াই অনাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেন্দ্রীয় বাজেটে অসমৰ বাবে নতুন দিগন্তৰ সূচনা কৰিছে৷ প্রধানমন্ত্রীয়ে অসমৰ নামৰূপত প্রায় ১৫ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ ১২.৭ লাখ মেট্ৰিকটন উৎপাদন ক্ষমতাৰ ইউৰিয়া প্রকল্প স্থাপনৰ কথা ঘোষণা কৰিছে৷ ৰাজ্যৰ প্রগতিৰ বাবে ইমান বৃহৎ যুগান্তকাৰী সিদ্ধান্ত আগতে কোনো প্রধানমন্ত্রীয়ে ল’ব পৰা নাছিল৷ নামৰূপত স্থাপন হ’বলগীয়া এই সাৰ কাৰখানাটো সম্পূর্ণ নতুন সাৰ কাৰখানা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ইয়াত ৰাজ্য চৰকাৰৰ ৪০ শতাংশ অংশীদাৰিত্ব থাকিব৷ সেইদৰে বাজেটত অসমৰ বান সমস্যা সমাধানৰ ক্ষেত্রত কেন্দ্রই নিৰন্তৰ সহযোগিতাৰ কথাও ঘোষণা কৰিছে৷ বাজেটখন সন্দর্ভত আলোকপাত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰৰ বাজেটত ২০২৪–২৫ বিত্তীয় বর্ষৰ ৯.৭ শতাংশ জিডিপি বিকাশৰ বিপৰীতে ১০.১ শতাংশ জিডিপি বিকাশ ধার্য কৰা হৈছে৷ বিত্তীয় ঘাটি ৪.৮ শতাংশৰ পৰা ৪.৪ শতাংশলৈ হ্রাস কৰা হৈছে৷ মূলধনী ব্যয় যোৱাবাৰৰ ১০ লাখ কোটি টকাৰ পৰা ১১ লাখ কোটি টকালৈ বৃদ্ধি কৰা হৈছে৷ সেইদৰে ভাৰত চৰকাৰে ১১ লাখ কোটি টকা ঋণ লৈ কেন্দ্রীয় চৰকাৰে বিভিন্ন উন্নয়নমূলক কামত ব্যয় কৰিব৷ ২০২৪–২৫ বর্ষত অসমে কেন্দ্রৰ পৰা ৪০ হাজাৰ কোটি টকা পুঁজি লাভ কৰাৰ বিপৰীতে এইবাৰৰ বাজেটত ৪৪,৫০০ কোটি টকা ধার্য কৰিছে৷ কেন্দ্রীয় চৰকাৰে সুদবিহীনভাৱে ৫০ বছৰৰ বাবে ৰাজ্য চৰকাৰক যি ঋণ দিয়াৰ ব্যৱস্থা আছে, তাৰ বাবে এইবাৰৰ বাজেটত ডেৰশ লাখ কোটি টকা ধার্য কৰিছে৷ ফলত ৰাজ্য চৰকাৰসমূহৰ মূলধনী ব্যয় বৃদ্ধি পাব৷ বাজেটখনৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী, সাৰ আৰু ৰসায়ন মন্ত্রী জে পি নাড্ডা, বিত্তমন্ত্রী নির্মলা সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমবাসীৰ সপোনতকৈ দুখোজ আগুৱাই প্রধানমন্ত্রী মোদীয়ে অসম আৰু উত্তৰ–পূর্বাঞ্চলৰ বিকাশৰ বাবে কাম কৰিছে৷ আনহাতে, কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে বাজেটখনক কৰা সমালোচনাৰ উত্তৰ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দেশৰ অর্থনীতিৰ ওপৰত ৰাহুল গান্ধীৰ জ্ঞান শূন্য৷ ইপিনে, এই অনুষ্ঠানতে মুখ্যমন্ত্রী ড০ শর্মাই মুখ্যমন্ত্রীৰ আত্মনির্ভৰ অসম অভিযানৰ অধীনত আৰু ৭৫ হাজাৰ যুৱক–যুৱতীক দুই লাখ টকাকৈ প্রদানৰ বাবে আবেদন কৰাৰ প’র্টেল আনুষ্ঠানিকভাৱে মুকলি কৰে৷ ইতিমধ্যে যোৱা বছৰত চৰকাৰে এই আঁচনিখনৰ অধীনত ২৫ হাজাৰ যুৱক–যুৱতীক এক লাখ টকাকৈ প্রদান কৰিছে৷ বাকী ৭৫ হাজাৰক সেই ধন প্রদানৰ বাবে যোৱা বছৰত চৰকাৰে পঞ্জীয়নৰ ব্যৱস্থা কৰে আৰু কালি আবেদনৰ বাবে প’র্টেল মুকলি কৰি দিয়ে৷ সেইদৰে কালিৰ এই অনুষ্ঠানতে ৰাজহ বিভাগৰ দুটা গুৰুত্বপূর্ণ সংস্কাৰৰো পদক্ষেপ গ্রহণ কৰে৷ সম্পত্তিৰ লেনদেনৰ ক্ষেত্রত ডিডৰ প্রয়োজন হয়৷ পূর্বতে এই ব্যৱস্থা মেনুৱেল হৈ থকা বাবে বিভিন্ন ধৰণৰ খেলিমেলি পঞ্জীয়নৰ সময়ছোৱাত সংঘটিত হৈছিল৷ এনে অসুবিধাৰ প্রতি লক্ষ্য ৰাখি কালিৰে পৰা ই ডিডৰ প্রক্রিয়া আৰম্ভ কৰে আৰু সমগ্র প্রক্রিয়াটো ইলেক্ট্র’নিক পঞ্জীয়ন হ’ব৷ একেদৰে ৰাজহ সম্পর্কীয় গোচৰ নিষ্পত্তিৰ ক্ষেত্রতো প’র্টেলৰ ব্যৱস্থা কৰে৷ এতিয়াৰে পৰা ৰাজহ সম্পর্কীয় গোচৰৰ ক্ষেত্রত পঞ্জীয়নৰ পৰা ৰায়লৈকে সকলো প’র্টেলত উপলব্ধ হ’ব৷
অসমৰ বাবে সাতটা অসামান্য উন্নয়নৰ পথ প্রশস্ত
সংসদত কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে দাখিল কৰা ২০২৫–২৬ বর্ষৰ বাজেটে সকলোৰে বাবে এক নতুন শক্তি কঢ়িয়াই অনা বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ বাজেট সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি তেওঁ কয়– এই শক্তিয়ে অসমৰ বিকশিত গতিপথত ইন্ধন যোগাব আৰু আমাৰ উদ্যোগীসকলৰ বাবে এক নতুন গুৰুত্ব প্রদান কৰিব৷ লগতে আমাৰ কৃষক বন্ধু আৰু বৃক্ষ অর্থনীতি শক্তিশালী কৰিব, মধ্যবিত্ত শ্রেণীৰ আশা–আকাংক্ষা পূৰণ কৰিব৷ অসমৰ বাবে এই বাজেটে সাতটা অসামান্য উন্নয়নৰ পথ প্রশস্ত কৰিছে৷ ইয়াৰে প্রথমটো হ’ল জাগীৰোড ছেমিকণ্ডাক্টৰ প্রকল্পৰ পিছত নামৰূপত ১২.৭ লাখ মেট্রিকটন ইউৰিয়া উৎপাদনক্ষম কাৰখানাৰ ঘোষণাই ৰাজ্যৰ বাবে পৰৱর্তী বৃহৎ প্রকল্প হিচাপে বিবেচিত হ’ব৷ প্রায় ১০ হাজাৰ কোটি টকা বিনিয়োগে অসমক ইয়াৰ প্রাকৃতিক গেছৰ সমলক সাৰ উৎপাদনত প্রয়োগ কৰিবলৈ আৰু এই মুখ্য কৃষিকেন্দ্রিক আমদানিৰ ওপৰত ভাৰতৰ নির্ভৰশীলতা হ্রাস কৰাত সহায় কৰিব৷ কোৱাৰ প্রয়োজন নাই যে এই কাৰখানাটোৱে ইয়াৰ সৈতে যথেষ্টসংখ্যক চাকৰি আৰু ৰাজ্যলৈ ৰপ্তানিৰ সম্ভাৱনা কঢ়িয়াব৷ দ্বিতীয়তে, বাজেটত ৰাজ্যসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৫০ বছৰীয়া সুদমুক্ত ঋণৰ ৰূপত ১.৫ লাখ কোটি টকা আবণ্টন কৰা হৈছে৷ এই সুবিধাৰ লগতে মুঠ ৪৪,৪৯৪ কোটি টকালৈ বৃদ্ধিৰে কৰা হস্তান্তৰে চলিত কল্যাণমূলক কামসমূহ ত্বৰান্বিত আৰু বৃদ্ধি কৰাত সহায় কৰিব৷ তৃতীয়তে, বাজেটে আমাৰ ক্ষুদ্র উদ্যোগ আৰু উদ্যোগীসকলক দেশৰ অর্থনীতিৰ বিকাশৰ ইঞ্জিন হিচাপে প্রতিষ্ঠা কৰাত এক স্পষ্ট বার্তা প্রেৰণ কৰিছে৷ মুখ্যমন্ত্রীৰ আত্মনির্ভৰশীল অসম অভিযান আৰু মহিলা উদ্যমিতা অভিযানৰ দৰে আঁচনিৰ জৰিয়তে উদ্যোগ বৃদ্ধিৰ দিশত অসমৰ মুখ্য গুৰুত্বৰ সৈতে এই নীতি–নির্দেশনা সামঞ্জস্যপূর্ণ৷ টার্ন অভাৰৰ শ্রেণী বিভাজন আৰু এমএছএমইৰ বিনিয়োগৰ সংশোধনে মূলধন বৃদ্ধিৰ পদক্ষেপ আৰু অধিক চাকৰিৰ সুযোগৰ পথ মুকলি কৰি অসমৰ অর্থনীতিৰ মেৰুদণ্ডক এক সুদৃঢ়তা প্রদান কৰিব৷ চতুর্থতে, বাজেটত প্রথমবাৰৰ বাবে মহিলা, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ উদ্যোগীসকলক দুই কোটি টকালৈকে সমর্থন, বর্ধিত ক্রেডিট গেৰাণ্টী ক’ভাৰেজ আৰু ক্ষুদ্র উদ্যোগৰ বাবে সমর্পিত ক্রেডিট কার্ড হৈছে ঘোষণা কৰা কিছুমান ব্যতিক্রমী নীতি৷ গ্রামীণ ক্রেডিট স্ক’ৰ হোমৱর্কে ৩০ লাখৰো অধিক মহিলাৰ সমৃদ্ধ অসমৰ বিশাল আত্মসহায়ক গোটৰ নেটৱর্কৰ ঋণৰ প্রয়োজনীয়তা পূৰণ কৰাত সহায় কৰিব৷ পঞ্চমতে, বাজেটত ১২ লাখ টকালৈকে আয়কৰ ৰেহাই অসম আৰু সমগ্র দেশৰ মধ্যবিত্ত ঘৰৰ বাবে এক উৎকৃষ্ট খবৰ৷ ই আমাৰ লোকসকলৰ হাতলৈ অধিক ধন অনাৰ লগতে সঞ্চয় বৃদ্ধি আৰু অর্থনৈতিক বিকাশত সহায়কৰ ভূমিকা গ্রহণ কৰিব৷ ষষ্ঠতে, কেন্দ্রীয় বাজেটত অহা ৫ বছৰত ৭৫ হাজাৰ এমবিবিএছ আসন যোগ দিয়াৰ পৰিকল্পনা কৰা হৈছে৷ ২০৩০ চনৰ ভিতৰত ২৪খন চিকিৎসা মহাবিদ্যালয় নির্মাণৰ ক্ষেত্রত অসমৰ নিজৰ লক্ষ্যক নিশ্চিতভাৱে সহযোগিতা আৰু উৎসাহ প্রদান কৰিব৷ সপ্তমতে, এই বাজেটত ১২,০৪৮ কোটি টকালৈকে ৰাজহ দুর্যোগ সাহায্য পুঁজিৰ আবণ্টন আৰু ৰাষ্ট্রীয় দুর্যোগ প্রশমন পুঁজি ২,৩০০ কোটি টকাৰ পৰা ৩,১০২ কোটি টকালৈ বর্ধিত আবণ্টনে বানপানীৰ দৰে দুর্যোগৰ মোকাবিলা কৰাৰ সময়ে অসমৰ প্রচেষ্টা বৃদ্ধি কৰাত যথেষ্ট সহায় কৰিব৷ তদুপৰি কেন্দ্রীয় বাজেটত দক্ষতা, উদ্ভাৱন, ভাৰতীয় ভাষাৰ ডিজিটাইজেচন আৰু অটল টিংকাৰিং পৰীক্ষাগাৰৰ সংখ্যা সম্প্রসাৰিত কৰাৰ ক্ষেত্রত কিছুমান ব্যতিক্রমী ব্যৱস্থাৰ জৰিয়তে ভাৰতৰ আন্তঃগাঁথনিত লাভালাভৰ শক্তি পৰীক্ষা কৰাৰ ব্যৱস্থাকো অন্তর্ভুক্ত কৰা হৈছে৷ ১৫.৫ লাখ কোটি টকাৰ মূলধন ব্যয়ৰ সৈতে ৫০ লাখ কোটি টকাৰ কেন্দ্রীয় বাজেট ২০২৫ৰ সামগ্রিক বিকাশ প্রাধান্যৰে দেশৰ উন্নয়নৰ গতিপথক এক নতুনত্ব প্রদান কৰিব৷