নিয়মীয়া বাৰ্তা, ৭ ডিচেম্বৰ : দেশ প্ৰথম, দেশৰ সন্মান, ব্যৱসায় পিছত। যিমানেই ক্ষতি নকৰক কিয় বাংলাদেশত ভাৰতীয় জাতীয় পতাকা অপবিত্ৰ কৰাৰ প্ৰতিবাদত শিলচৰৰ হোটেল মালিকসকলে একত্ৰিত হয়। তেওঁলোকে সিদ্ধান্ত লৈছে যে বাংলাদেশৰ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে বাংলাদেশী নাগৰিকৰ বাবে শিলচৰৰ হোটেল, ৰেষ্টুৰেণ্টৰ দুৱাৰ বন্ধ হৈ থাকিব। বাংলাদেশত সংখ্যালঘু নিৰ্যাতনৰ প্ৰতিবাদত শিলচৰ চহৰৰ হোটেলত বাংলাদেশী নাগৰিকৰ প্ৰৱেশৰ কথা ঘোষণা কৰিছে বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট অনাৰ্ছ এছ’চিয়েশ্যনে। বাংলাদেশলৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি নহালৈকে শিলচৰ চহৰৰ হোটেলত বাংলাদেশী নাগৰিকক ৰখাৰ ব্যৱস্থা কৰা নহ’ব। বাংলাদেশত সংখ্যালঘু নিৰ্যাতনৰ প্ৰতিবাদত প্ৰথমে উত্তৰ-পূব ভাৰতৰ আগৰতলা চহৰৰ হোটেল আৰু বৰাক উপত্যকাৰ শ্ৰীভূমি চহৰৰ হোটেলত বাংলাদেশীৰ প্ৰৱেশ নিষিদ্ধ কৰা হয়। এইবাৰ একেটা পথেৰে বাংলাদেশী নাগৰিকক শিলচৰত প্ৰৱেশৰ অধিকাৰ বন্ধ কৰা হৈছে। সংবাদমেলযোগে এই কথা সদৰী কৰে বৰাক ভেলী হোটেল এণ্ড ৰেষ্টুৰেণ্ট অনাৰ্ছ এছ’চিয়েশ্যনৰ বিষয়াসকলে। ইপিনে জানিব পৰা মতে, ইতিমধ্যে অসম চৰকাৰে এটা অধিসূচনাযোগে শিলচৰ আৰু শ্ৰীভূমি জিলাৰ হোটেলত বাংলাদেশী নাগৰিকক থকা লোৱাৰ বাবে নিষেধাজ্ঞা জাৰি কৰিছে।
প্ৰেৰক গৌতম তালুকদাৰ