নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনৰ সম্ভাৱনা নস্যাৎ মুখ্যমন্ত্রীৰ; ক’লে “পুনৰ লকডাউন নহয়”

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: ৰাজ্যত শেহতীয়াকৈ ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰাত একাংশই অসমত পুনৰ লকডাউন হোৱাৰ শংকা ব্যক্ত কৰিছে৷ কিন্তু অসমত লকডাউনৰ সম্ভাৱনা নস্যাৎ কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

আজি মৰিয়নীত উপ–নির্বাচনৰ প্রচাৰ চলাবলৈ গৈ মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে অসমত পুনৰ কোনেও লকডাউন নিবিচাৰে আৰু লকডাউন নহয়ও। কিন্তু পুনৰ ক’ভিডৰ সংক্ৰমণ যাতে নহয় তাৰবাবে প্ৰথমপালি ভেকচিন লোৱা লোকসকলক দ্বিতীয়পালি ভেকচিন ল’বলৈ আহ্বান জনায় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷

ইপিনে নির্বাচনী প্রচাৰৰ সময়ত মুখ্যমন্ত্রী ড০ শর্মাই ভাষণৰ আৰম্ভণিতেই জনসাধাৰণক ক’ভিডৰ ভেকচিন লোৱাৰ আহ্বান জনাই কয় যে ক’ভিডৰ বাবে আটাইতকৈ বেছি নিম্ন উপার্জনকাৰী লোকসকলহে ক্ষতিগ্রস্ত হয়৷ সেয়ে ভেকচিন লোৱাৰ ক্ষেত্রত সকলোকে আগবাঢ়ি আহিবলৈ তেওঁ আহ্বান জনায়৷

You might also like