নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজ্যত কোনো কাৰণতে লকডাউন নহয়ঃ লকডাউনৰ সম্ভাৱনা নস্যাৎ স্বাস্থ্যমন্ত্ৰীৰ

নিয়মীয়া বাৰ্তা, ২৪ অক্টোবৰ: ৰাজ্যৰ সাম্প্ৰতিক কভিড পৰিস্থিতিক লৈ কলিয়াবৰৰ মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত আজি বিয়লি ৰাজ্য চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ সংবাদমেল সম্বোধন কৰে।

ৰাজ্যখনত কভিড পৰিস্থিতি সংক্ৰান্তত কেতবোৰ সংবাদ মাধ্যমত কিছু বাতৰি প্ৰকাশ পাইছে আৰু সেই বাতৰি সংক্ৰান্তত ৰাজ্য চৰকাৰৰ হৈ স্পৰ্ষ্টীকৰণ দাঙি ধৰি স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কয়- বিগত ডেৰমাহত কভিড সংক্ৰমনৰ হাৰ বৃদ্ধি পোৱা নাই-নিম্নতম অৱস্থাত আছে। বিগত ডেৰমাহত কোভিদৰ সংক্ৰমণৰ হাৰ এক শতাংশতকৈ কম হৈ আছে। সেয়েহে কোনো কাৰণতে ৰাজ্যখনত লকডাউন নহয় বুলি স্পষ্ট কৰি দিয়ে।

ৰাজ্যখনত লকডাউন পৰিবৰ্তে চৰকাৰে ভেকচিনেচনৰ জৰিয়তে কোভিদৰ সংক্ৰমণ নিয়ন্ত্ৰণ কৰা হ’ব বুলি প্ৰকাশ কৰি মন্ত্ৰী গৰাকীয়ে কয়- দুৰ্গা পূজাৰ পিছত প্ৰতিদিনে মাত্ৰ ২০০ ৰ পৰা ১০০ লোক কোভিডত আক্ৰান্ত হৈছে । যাৰবাবে সাম্প্ৰতিক সময়ত তথা এই পৰিৱেশত কোনো কাৰণত লকডাউন নহয় বুলি স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে পুনৰ বাৰ সংবাদ মেল খনত স্পৰ্ষ্ট কৰে। তেওঁ আৰু কয়- ইতিমধ্যে ৰাজ্যখনৰ ২ কোটি ৭২ লাখ ৪২ হাজাৰ ৪৩০ জনক এই পৰ্যন্ত কোভিড ভেকচিন প্ৰদান কৰা হৈছে আৰু ঘৰে-ঘৰে গৈ ভেকচিন প্ৰদানৰো ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে। এইসময়ত লকডাউন বা কোনো কাৰনত কঠোৰ ব্যৱস্থা নহয় যদিও কেৱল মাস্ক ব্যৱহাৰ বাধ্যতামূলক বুলি অৱগত কৰে।

তদুপৰি মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়- ভেকচিন লোৱাটো বাধ্যতামূলক। ভেকচিন নল’লে কোনো চৰকাৰী ‘হিতাধিকাৰী’ৰ সুবিধা নাপাব যিটো নৱেম্বৰ মাহৰ পৰা কাৰ্যকৰী হ’ব। নতুবা নতুনকৈ অন্তভুক্ত হ’ব নোৱাৰিব চৰকাৰী আঁচনিত। দুই পালি ভেকচিনৰ প্ৰমাণ পত্ৰ থকাটো বাধ্যতামূলক ৰূপে গন্য কৰা হ’ব। মাস্ক পৰিধান কৰা আৰু কভিড প্ৰট’কল সকলোৱে মানি চলাটো বাধ্যতামূলক।

You might also like