নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ স্থায়ী তথ্য আৰু জন-সম্পৰ্কৰক্ষী বিষয়াৰ অভাৱত ধুবুৰীস্থ জনসংযোগ বিভাগৰ কাৰ্য্যালয়টো কাৰ্যতঃ অস্তিত্ববিহীন হৈ পৰিবলৈ লোৱা দেখা গৈছে। কৰ্মঠ আৰু কাৰ্য্যকুশল বুলি জিলাখনৰ সাংবাদিক মহলত প্ৰশংসিত হোৱা ধুবুৰীৰ পূৰ্বৰ জনসম্পৰ্কৰক্ষী বিষয়া চিদানন্দ শৰ্মা বদলি হৈ যোৱাৰ পিছৰে পৰা ক্ৰমশঃ স্থবিৰ হৈ পৰিছে ধুবুৰীস্থিত এই বিভাগটো। উল্লেখনীয় যে বিগত বৰ্ষৰ মাৰ্চ মাহতেই বিষয়াগৰাকী বদলি হৈ যোৱাৰ পিছৰ পৰা ধুবুৰীত নিয়োগ কৰা হোৱা নাই স্থায়ী জন-সম্পৰ্কৰক্ষী বিষয়া আৰু তাৰ পৰিৱৰ্তে জিলা প্ৰশাসনৰ অইন বিষয়াই জনসম্পৰ্কৰক্ষী বিষয়াৰ দায়িত্ব পালন কৰি অহা দেখা গৈছে। কিন্তু এইদৰে দায়িত্ব পোৱা বিষয়াসকলে নিজৰ নিজৰ বিভাগৰ কাম-কাজ লৈ ব্যস্ত থাকিবলগীয়া হোৱাৰ সমান্তৰালকৈ জনসম্পৰ্কৰক্ষী বিষয়াৰ কোনো ধৰণৰ পূৰ্ব অভিজ্ঞতা নাই। ফলত অধিকাংশ সময়তেই চৰকাৰী বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠানকে ধৰি গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ বিষয়েও সঠিক আৰু সময়মতে ধুবুৰীৰ এই বিভাগটোৰ তৰফৰ পৰা সংবাদ মাধ্যমক যোগান ধৰিবলৈ ব্যৰ্থ হোৱা পোৱা গৈছে। ইয়াৰ পৰিণতিত চৰকাৰে হাতত লোৱা বিভিন্ন আঁচনি আৰু উন্নয়নমূলক কামৰ বিষয়টো সঠিক ভাবে ৰাইজৰ মাজলৈ লৈ যাবলৈ সম্পূৰ্ণ ৰূপে অক্ষম হৈছে ধুবুৰীৰ জনসংযোগ বিভাগটোৱে। তাৎপৰ্য্যপূৰ্ণ ভাবে, জিলাখনত স্থায়ী জনসংযোগ বিষয়া নথকাৰ বিষয়টোলৈ জিলা প্ৰশাসন উদাসীনতা অৱলম্বন কৰা পৰিলক্ষিত হৈছে। মান্তৰালকৈ বিষয়টো লৈ শাসকীয় পক্ষৰ স্থানীয় নেতাসকলেও মৌনতা অৱলম্বন কৰা দেখা গৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী