নলবাৰীৰ উন্নয়ন খণ্ড কাৰ্যালয়ত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ বিচাৰি ভিৰ
নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিল : সমাগত পঞ্চায়ত নিৰ্বাচনৰ দিন চমু হোৱাৰ লগে শাসক আৰু বিৰোধীৰ লগতে অন্যান্য ৰাজনৈতিক দলে পঞ্চায়ত নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ কৰা পৰিলক্ষিত হৈছে। নিৰ্বাচনত অৱতীৰ্ণ হবলগীয়া প্রাৰ্থীসকলে সংগ্রহ কৰিছে মনোনয়ন পত্র। ইতিমধ্যে জিলা আয়ুক্ত কাৰ্য়ালয়, উন্নয়ন খণ্ড আৰু ৰাজহ চক্রৰ কাৰ্যালয়সমুহত পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র বিচাৰি জিলা পৰিষদৰ সদস্য, আঞ্চলিক পঞ্চায়তৰ সদস্য,গাও পঞ্চায়তৰ সদস্যৰ প্রাৰ্থীসকলে ভিৰ কৰা পৰিলক্ষিত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত নলবাৰী সমষ্টিৰ ঘগ্রাপাৰৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডৰ কাৰ্য়ালয়ত আঞ্চলিক পঞ্চায়ত সদস্য,গাও পঞ্চায়তৰ সদস্য প্রাৰ্থীসকলে পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্র বিচাৰি আহি ভিৰ কৰা পৰিলক্ষিত। উক্ত সময়তে বড়িগোগ বনভাগ উন্নয়ন খণ্ডত এগৰাকী মহিলা প্রাৰ্থীয়ে নিজৰ কণমানি শিশুক কোলাত লৈ গাঁও সভাৰ সদস্যৰ পদৰ বাবে মনোনয়ন পত্র বিচাৰি অহা দৃশ্যই সকলোকে আকৰ্ষিত কৰিছে। শিলপোটাবড়ী- লাটিমা গাঁও পঞ্চায়তৰ অন্তৰ্গত লাটিম গাঁও সভাৰ সদস্য পদত মনিকা দাসে পোন প্রথম বাৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হব বুলি জানিব দিয়ে।তেওঁৰ ইচ্ছা প্রতিনিধি হৈ ৰাইজৰ সেৱা কৰা যদিহে ৰাইজে সুবিধা দিয়ে। উল্লেখ্য যে ঘগ্রাপাৰৰ বড়িগোগ বনভাগ উন্নয়ন খণ্ডত এইবেলি ৮ গাঁও পঞ্চায়ত ক্রমে ১২নং খাতিকুছি-আল্লিয়া, ১৩নং বৰাজোল, ১৪নং দিহজাৰী, ১৫নং সাগৰকুছি-বিষ্টপুৰ, ১৬নং উত্তৰ পূব খাতা, ১৭নং পূৱ নলবাৰী, ১৮নং শিলপোটাবড়ী-লাটিমা আৰু ১৯নং ঘগ্রাপাৰ গাও পঞ্চায়ত অন্তর্ভুক্ত হৈ থাকিব বুলি জানিব পৰা গৈছে। তেনেদৰে জিলাখনৰ আন আন উন্নয়ন খণ্ড সমুহতো দলীয় কৰ্মী সকলে প্ৰাৰ্থীৰ বাবে মনোনয়ন পত্ৰ বিচাৰি ভিৰ কৰা দেখা গৈছে। ইয়াৰ সমান্তৰালভাৱে ৰাজনৈতিক দল সমুহৰ নেতা-কৰ্মীসকলে ৰাইজৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে।
প্ৰেৰক শ্বাহ আলম আহমেদ