মনোনয়ন নাকচ হ’ল ১০ প্রার্থীৰ, কোন এই দুৰ্ভগীয়া?
নিয়মীয়া বাৰ্তা, ১২ মার্চঃ ৰাজ্যৰ ৪৭টা সমষ্টিত অনুষ্ঠিত হ’বলগীয়া প্রথম পর্যায়ৰ নির্বাচনী ৰণত প্রতিদ্বন্দ্বিতা কৰিব মুঠ ২৮৪জন প্রার্থীয়ে৷ যোৱা ৯ মার্চৰ অন্তিম সময়লৈকে ২৯৫জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছিল যদিও ইয়াৰে ১০জনৰ মনোনয়ন নাকচ হয়৷
অসমৰ মুখ্য নির্বাচনী বিষয়াৰ কার্যালয়ৰ তৰফৰ পৰা দিয়া তথ্য অনুসৰি, বটদ্রৱাৰ অসম জাতীয় পৰিষদৰ প্রার্থী অৰূপ শইকীয়া, ৰূপহীহাটৰ নির্দলীয় ৰফিকুল ইছলাম, মৰিয়নিৰ অসম জাতীয় পৰিষদৰ অলক কুমাৰ ঘোষ, আমগুৰিৰ নির্দলীয় ধর্মেশ্বৰ ঘাটোৱাৰ, মৰাণৰ নির্দলীয় জিতু দিহিঙীয়া, লাহোৱালৰ লোক জনশক্তি পার্টীৰ কুকিল কণ্ঠ গগৈ, দুলীয়াজানৰ আম্বেদকাৰীটে পার্টী অৱ ইণ্ডিয়াৰ হৰেশ্বৰ ঘাটোৱাৰ, নাহৰকটীয়াৰ এছ ইউ চি আই (চি)ৰ মহেন্দ্র ধাদুমীয়া, চাবুৱাৰ নির্দলীয় সন্তোষ কুর্মী আৰু তিনিচুকীয়াৰ আম্বেদকাৰীটে পার্টী অৱ ইণ্ডিয়াৰ ফাগু খাৰীয়াৰ মনোনয়ন–পত্র বাতিল কৰা হৈছে৷
সেইদৰে তেজপুৰ সমষ্টিত নির্দলীয় হিচাপে মনোনয়ন–পত্র দাখিল কৰা জিতেন বৰঠাকুৰে নিজৰ প্রার্থিত্ব প্রত্যাহাৰ কৰিছে৷ ইফালে দ্বিতীয় পর্যায়ৰ অধিসূচনা জাৰিৰ সপ্তমটো দিনলৈকে মুঠ ১১২জন প্রার্থীয়ে মনোনয়ন–পত্র দাখিল কৰিছে৷