মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখি বিৰোধী দলবোৰে থৰকাছুটি খাইছেঃ বিৰোধীক চাংকো-পাঞ্জোৰে তুলনাঃ অসমবাসীয়ে বিৰোধীৰ কথা নুশুনেঃ বিধায়ক জয়ন্ত মল্ল বৰুৱা
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ অসমৰ বিৰোধী দলবোৰ ডন কুইক্সটৰ এটা চৰিত্ৰ চাংকো পাঞ্জোৰ দৰে। চাঙ্কো পাঞ্জোৱে নিজকে ৰাইজৰ প্ৰতিনিধি বুলি ভাবি ৰাইজৰ হৈ কথা কৈ থাকে কিন্তু ৰাইজে তেওঁৰ কথা নুশুনে। ঠিক তেনেদৰে অসমৰ বিৰোধীয়ে বিৰোধিতাৰ বাবে বহু কথা কৈ থাকে, কিন্তু তেওঁলোকৰ কথা কোনেও নুশুনে। ৰাইজে সকলো দেখি আছে। মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰীৰ বিজেপি বিধায়ক জয়ন্তমল্ল বৰুৱাই কংগ্ৰেছ তথা বিৰোধী পক্ষই কৰা সমালোচনাৰ প্ৰত্যুত্তৰত এইদৰে কয়। বিৰোধী দলে অসমত কেঞ্চাৰ চিকিৎসালয় স্থাপনৰ বাবে টাটা ট্ৰাষ্টৰ ৰতন টাটাই দিয়া অৰিহণাক প্ৰশংসা কৰা আৰু বিজেপি চৰকাৰক সমালোচনা কৰা কাৰ্য্য প্ৰসংগত তেওঁ কয় যে বিৰোধীৰ মতেতো সকলোখিনি ৰতন টাটাই কৰিছে। তেওঁ কয় যে ৰতন টাটাক বিৰোধীয়ে প্ৰশংসা কৰাটোত কোনো আপত্তি থাকিব নোৱাৰে বা তেওঁ প্ৰকৃততে প্ৰশংসাৰ যোগ্যও। কিন্তু চৰকাৰৰ বা ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টা আৰু দূৰদৰ্শিতাৰ বাবে ৰাজ্যবাসীৰ কল্যাণৰ বাবে হোৱা ভাল কামবোৰৰো বিৰোধী দলবোৰে প্ৰশংসা কৰাটো উচিত। ২০১৮ চনত টাটা ট্ৰাষ্টৰ সৈতে অসম চৰকাৰৰ হোৱা চুক্তি অনুসৰি অসমত কেঞ্চাৰ কেয়াৰ ফাউণ্ডেচন গঠন কৰা আৰু আজি অসমত মুঠ ১৭খনকৈ কেঞ্চাৰ চিকিৎসা কেন্দ্ৰ স্থাপন হোৱা পৰিবেশৰ বাবে যেন তেতিয়াৰ স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপিৰ কোনো অৰিহণাই নাই। অসমৰ ৰাইজে উন্নয়নৰ বাবেই বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ ওপৰত প্ৰতিটো নিৰ্বাচনতে আস্থা প্ৰকাশ কৰি আহিছে। বিৰোধী দলবোৰৰ কথাত অসমৰ ৰাইজ কেতিয়াও ভোল নাযায়। তেওঁ কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা দেখি বিৰোধী দলবোৰে থৰকাছুটি খাইছে বাবেই ৰাইজক বিভ্ৰান্ত কৰিবৰ বাবে হোৱাই-নোহোৱাই ইটোৰ পিছত সিটো প্ৰসংগৰ অৱতাৰণা কৰি থাকে। বৰুৱাৰ মতে হিমন্ত বিশ্ব শৰ্মাৰ দৰে জনপ্ৰিয়তা তেওঁ আজিলৈকে বহু ডাঙৰ ডাঙৰ লোকৰ ক্ষেত্ৰতো দেখিবলৈ পোৱা নাই। অসমৰ ৰাইজে তেওঁ য’লৈকে গৈছে তাতেই হিয়া উজাৰি মৰম ও আশিস দিছে। তেওঁক এবাৰ চুই চাবলৈ, কাষত পাবলৈ, ছেল্ফি উঠিবলৈ মানুহৰ মাজত হেতা-ওপৰা লগা কথাবোৰেই প্ৰমাণ কৰে যে তেওঁ এজন জননেতা। নিজৰ জীৱনত এনে জনপ্ৰিয় দ্বিতীয়জন ৰাজনৈতিক নেতা নেদেখা বুলি কৈ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিবগৰাকীয়ে কয় যে বিৰোধী দলবোৰ নাইবা একাংশ তথাকথিত নেতাই চৰকাৰখনৰ উন্নয়ন মূলক কাম-কাজক নতুবা মূখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিবলৈ যায় বাবেই অসমৰ ৰাইজে তেনেসকলক সদায় প্ৰত্যাখ্যান কৰি আহিছে।