নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফস্পা প্রত্যাহাৰঃ নতুন যুগ আৰম্ভ

-ড০ অংকিতা দত্ত

ভাৰত চৰকাৰে উত্তৰ–পূবৰ তিনিখন ৰাজ্য ক্রমে অসম, নাগালেণ্ড আৰু মণিপুৰৰ পৰা সশস্ত্র বাহিনী (বিশেষ ক্ষমতা) আইন৷Armed Forces Special Powers Act (AFSPA), 1958’ৰ অধীনত অশান্ত অঞ্চলসমূহ হ্রাস কৰাৰ সিদ্ধান্ত ইতিমধ্যে লৈছে৷ ২০২১ চনৰ ডিচেম্বৰ মাহত নাগালেণ্ডৰ মন জিলাত নিৰাপত্তা বাহিনীয়ে দুর্ঘটনাক্রমে ১৪জন নাগৰিকক হত্যা আৰু ৩০জন লোকক আহত কৰাৰ পিছত আফস্পা(AFSPA) বাতিল কৰাৰ দাবী তীব্রতৰ হৈ পৰিছিল৷ এই সন্দর্ভত, কেন্দ্রীয় চৰকাৰে পর্যায়ক্রমে আফস্পা প্রত্যাহাৰৰ বাবে গঠন কৰা এখন সমিতিৰ পৰামর্শ গ্রহণ কৰিছে৷
‘আফস্পা’ৰ অধীনত কেন্দ্রীয় চৰকাৰৰ অশান্ত অঞ্চলসমূহ হ্রাস কৰাৰ সিদ্ধান্তক উত্তৰ–পূর্বাঞ্চলৰ প্রায় সকলো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে আদৰণি জনাইছে৷ উত্তৰ–পূর্বাঞ্চলৰ উন্নত নিৰাপত্তা পৰিস্থিতিৰ ফলস্বৰূপে এইটো মুখ্যতঃ সম্ভৱ হৈছে৷ বিশেষকৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ দক্ষ নেতৃত্বত কেন্দ্রৰ বর্তমানৰ চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা সমগ্র অঞ্চলটোত সকলো ক্ষেত্রতে অভূতপূর্ব উন্নয়ন দেখা গৈছে৷ আফস্পাৰ অধীনত ‘অশান্ত অঞ্চল’(Disturbed Areas)’ৰ অধিসূচনা ২০১৫ চনত ত্রিপুৰা আৰু ২০১৮ চনত মেঘালয়ৰ পৰা সম্পূর্ণৰূপে আঁতৰ কৰা হৈছিল৷ অসমত ই ১৯৯০ চনৰ পৰাই বলৱৎ হৈ আছে৷
আনহাতে, এই অধিসূচনা ১৯৯৫ চনৰ পৰা সমগ্র নাগালেণ্ডত বলৱৎ হৈ আছে৷ ইয়াত উল্লেখ কৰাটো গুৰুত্বপূর্ণ যে ১৯৫৮ চনত নগা পাহাৰৰ এটা নির্দিষ্ট ধর্মীয় সম্প্রদায়ৰ উগ্রপন্থী সংগঠনৰ নেতৃত্বত আৰম্ভ হোৱা বিদ্রোহৰ মোকাবিলা কৰিবলৈ প্রথমবাৰৰ বাবে আফস্পা(AFSPA) কার্যকৰী হৈছিল৷ অতি সোনকালেই বিদ্রোহৰ ক’লা ডাৱৰে উত্তৰ–পূর্বাঞ্চলৰ এখনৰ পিছত আনখন ৰাজ্য আৱৰি ধৰিবলৈ আৰম্ভ কৰিছিল৷ সময়ে–সময়ে নিৰাপত্তা পৰিস্থিতিৰ পুংখানুপুংখ পর্যালোচনা কৰাৰ পিছত কেন্দ্রীয় গৃহ মন্ত্রালয়ে আফস্পাৰ ম্যাদ ছয় মাহৰ পৰা এবছৰলৈ বৃদ্ধি কৰি আহিছে৷
নাগালেণ্ড বিধানসভাই ২০২১ চনৰ ডিচেম্বৰ মাহত অনুষ্ঠিত এক বিশেষ অধিৱেশনত সর্বসন্মতিক্রমে কেন্দ্রীয় চৰকাৰক সমগ্র উত্তৰ–পূর্বাঞ্চলৰ পৰা আৰু বিশেষকৈ নাগালেণ্ডৰ পৰা আফস্পা বাতিল কৰাৰ দাবীত এক প্রস্তাৱ গৃহীত কৰিছিল৷ ইয়াৰ লক্ষ্য আছিল দীর্ঘদিনীয়া নগা সমস্যাটোৰ শান্তিপূর্ণ ৰাজনৈতিক মীমাংসা বিচাৰি চলি থকা প্রচেষ্টা আৰু অধিক ত্বৰান্বিত কৰা৷ এই বছৰৰ মণিপুৰ বিধানসভা নির্বাচনৰ পূর্বে নাগালিমৰ ৰাষ্ট্রীয় সমাজতান্ত্রিক পৰিষদ৷National Socialist Council of Nagalim (আইছাক–মুইভা), এন এছ চি এন (আই–এম)ৰ কেন্দ্রীয় প্রশাসনিক বিষয়া ডি জি ৰবার্টৰ নেতৃত্বত ৰাজ্যখনৰ নগা অধ্যুষিত পাহাৰীয়া অঞ্চলসমূহত এটা প্রচাৰ অভিযান চলোৱা হৈছিল৷
ইয়াৰ উদ্দেশ্য আছিল ২০১৫ চনৰ নগা ফ্রেমর্ৱক চুক্তিৰ অধীনত কেন্দ্রৰ সৈতে চলি থকা আলোচনাৰ গুৰুত্ব সাধাৰণ লোকসকলক বুজাই দিয়া৷ এই আলোচনাই এতিয়ালৈকে চূডান্ত ফলাফল লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ এন এছ চি এন (আই–এম) আৰু কেন্দ্রীয় চৰকাৰ দুয়োকে নগা জাতীয় পতাকা আৰু নগা সংবিধান (ইয়েজাবো৷Yehzabo)’ক অন্তর্ভুক্ত কৰি ফ্রেমৱর্ক চুক্তিৰ ওপৰত আধাৰিত নগা শান্তি প্রক্রিয়া ত্বৰান্বিত কৰিবলৈ ডি জি ৰবার্টে আহ্বান জনাইছিল৷ অৱশ্যে কেন্দ্রীয় চৰকাৰে ইয়াৰ পূর্বে নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধানৰ দাবী নাকচ কৰিছে৷
থুইংগালেং মুইভাৰ নেতৃত্বত এন এছ চি এন (আই–এম)হৈছে কেইবাটাও নগা বিদ্রোহী সংগঠনৰ ভিতৰত আন এটা আগশাৰীৰ গোট৷ দুই দশকৰো অধিক সময় ধৰি ভাৰত চৰকাৰৰ সৈতে এন এছ চি এন (আই–এম) শান্তি আলোচনাত মিলিত হৈ আছে৷ এই বিচ্ছিন্নতাবাদী সংগঠনটোৰ এটা মূল লক্ষ্য হৈছে ‘বৃহত্তৰ নাগালিম’(Greater Nagalim) সৃষ্টি কৰা, বা অসম, মণিপুৰ, অৰুণাচল প্রদেশ আৰু লগতে ম্যানমাৰৰ নগা অধ্যুষিত অঞ্চলসমূহ একত্রীকৰণ কৰা৷ কিন্তু, এন এছ চি এনৰ এই দাবী তিনিওখন ৰাজ্যতে তীব্র বিৰোধিতাৰ সন্মুখীন হৈছে৷
কেন্দ্রীয় চৰকাৰে এন এছ চি এন (আই–এম) আৰু আন আঠটা নগা সংগঠনৰ সৈতে পৃথকে শান্তি আলোচনা চলাই আহিছে৷ এই গোটবোৰ কেইবছৰমানৰ আগতে ‘নগা ৰাষ্ট্রীয় ৰাজনৈতিক গোট’৷Naga National Political Groups (এন এন পি জি)’ৰ বেনাৰত একত্রিত হৈছিল৷ কেন্দ্র আৰু নগা গোটসমূহৰ মাজত চলি থকা আলোচনাত নাগালেণ্ডৰ ৰাজ্য চৰকাৰ জডিত নাই৷ অতীতত কেইবাটাও চোৰাংচোৱা প্রতিবেদনে এন এছ চি এন (আই–এম) গোটৰ নাগালেণ্ডৰ সীমাৰ বাহিৰত উগ্রপন্থী তথা খ্রীষ্টান ধর্মান্তৰকৰণ কার্যকলাপ সম্প্রসাৰিত কৰাত জডিত থকাৰ বিষয়ে বাৰে বাৰে প্রকাশ কৰিছে৷ ইয়াৰ ভিতৰত আছে অসমৰ উত্তৰ কাছাৰ পাহাৰৰ নগা অধ্যুষিত জিলাসমূহো৷
সেয়েহে, নিৰাপত্তাৰ বিষয়ৰ দৃষ্টিকোণৰ পৰা আমি সমগ্র উত্তৰ–পূব অঞ্চলটোক একক গোট হিচাপে বিবেচনা কৰাটো অতি গুৰুত্বপূর্ণ৷ এইখিনিতে উল্লেখ কৰিব লাগিব যে অসমৰ উত্তৰ কাছাৰ পাহাৰ জিলা, বিশেষকৈ জাতিংগা উপত্যকা আৰু বাৰাইল পাহাৰৰ কৌশলগত আৰু নিৰাপত্তাৰ দিশৰ পৰা এক ভূ–ৰাজনৈতিক প্রাসংগিকতা আছে৷ নাগালেণ্ড, মেঘালয়, মণিপুৰ আৰু অসমৰ বৰাক উপত্যকাৰ উগ্রপন্থী গোটবোৰক বাংলাদেশলৈ যোৱাৰ বাবে ই এক সুৰক্ষিত কৰিডৰ প্রদান কৰে৷ কেন্দ্রীয় গৃহ মন্ত্রালয়ে প্রকাশ কৰা কেইবাখনো প্রতিবেদনত এন এছ চি এনৰ উত্তৰ কাছাৰ পাহাৰ আৰু ওচৰৰ কার্বি–আংলং জিলাৰ হাফলং, মাহুৰ, আৰু মাইবং অঞ্চলত আঞ্চলিক সম্প্রসাৰণৰ কথা উল্লেখ কৰা হৈছে৷
এন এছ চি এনৰ ‘বৃহত্তৰ নাগালেণ্ড’ স্থাপনৰ দীর্ঘম্যাদী লক্ষ্য পূৰণৰ ক্ষেত্রত ই হৈছে এক গুৰুত্বপূর্ণ পদক্ষেপ৷ অসমৰ সন্দর্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ইতিমধ্যে ৰাজ্যখনৰ ৯খন জিলা আৰু এটা মহকুমাৰ পৰাAFSPA প্রত্যাহাৰ নকৰাৰ চৰকাৰৰ সিদ্ধান্তৰ আঁৰৰ কাৰণসমূহ স্পষ্ট কৰি দিছে৷ কেৱল ইউনাইটেড লিবাৰেচন ফ্রণ্ট অৱ অসম (আলফা)’ই নহয়, আন কেইবাটাও উগ্রপন্থী সংগঠন এতিয়াও উজনি অসমৰ বহুকেইটা অঞ্চলত সক্রিয় হৈ আছে, বিশেষকৈ অৰুণাচল প্রদেশৰ সীমান্তৱর্তী ডিব্রুগড আৰু তিনিচুকীয়া জিলাত৷ তদুপৰি, কার্বি–আংলং আৰু ডিমা হাছাও জিলাৰ কেইবাটাও উগ্রপন্থী সংগঠনৰ সৈতে অসম চৰকাৰে এতিয়াও চূডান্ত বুজাবুজিত উপনীত হোৱা নাই৷
কেন্দ্রীয় চৰকাৰে বিচ্ছিন্নতাবাদী আন্দোলনৰ বিৰুদ্ধে যুঁজিবলৈ আফস্পা’ৰ অধীনত ১৯৯০ চনৰ ২৭ নৱেম্বৰৰ নিশা অসমক এখন ‘অশান্ত অঞ্চল’(Disturbed Area) হিচাপে ঘোষণা কৰিছিল৷ এই বিশেষ আইন প্রৱর্তনৰ পিছৰে পৰা চৰকাৰে প্রতি ছয় মাহৰ ব্যৱধানৰ পিছত ইয়াৰ কার্যকাল বহুবাৰ বৃদ্ধি কৰিছে৷ এই পৰিপ্রেক্ষিতত, আফস্পাৰ অধীনত ‘অশান্ত অঞ্চল’(Disturbed Areas)সমূহৰ সংখ্যা শেহতীয়াকৈ হ্রাস হোৱাৰ ফলত উত্তৰ–পূর্বাঞ্চলৰ লোকসকলৰ আশা বৃদ্ধি পাইছে যে তেওঁলোকো ভাৰতৰ সামগ্রিক উন্নয়ন প্রক্রিয়াত সমানেই অংশীদাৰ৷
ই নিশ্চিতভাৱে বিজেপি নেতৃত্বাধীন উত্তৰ–পূব গণতান্ত্রিক মিত্রজেজাট(North-East Democratic Alliance)/NEDA’ৰ বর্ধিত ৰাজনৈতিক প্রভাৱক আগন্তুক সময়ত অঞ্চলটোত অধিক শক্তিশালী কৰি তুলিব৷ নাগালেণ্ডৰ উপৰি ত্রিপুৰা আৰু মেঘালয়তো অহা বছৰৰ আৰম্ভণিতে বিধানসভাৰ নির্বাচন অনুষ্ঠিত হ’ব৷ শৈক্ষিক আৰু ৰাজনৈতিক দুয়োটা মঞ্চতে সশস্ত্র বাহিনী বিশেষ ক্ষমতা আইন বা আফস্পাৰ সম্পর্কে আলোচনা আৰু বিতর্ক কৰাটো প্রয়োজনীয়৷ কিন্তু, আমি কিছুমান সত্য কথাক উপেক্ষা কৰিব নোৱাৰোঁ৷ মিজোৰাম আৰু পঞ্জাবৰ দৰে ৰাজ্যত বিদ্রোহৰ মোকাবিলা কৰাত আৰু আমাৰ দেশৰ ঐক্য আৰু অখণ্ডতা বজাই ৰখাত এই আইনৰ নিজা অৱদান আছে৷
সমাজ হিচাপে কেইটামান বাস্তৱিক প্রশ্ণ আমি উত্থাপন কৰিবই লাগিব– আদর্শগতভাৱে অনুপ্রেৰিত ‘বুদ্ধিজীৱী’, মানৱ অধিকাৰ কর্মী, লেখক আদিৰ এটা নির্দিষ্ট অংশই তেওঁলোকৰ নিজৰ ৰাজনৈতিক কার্যসূচী আগবঢ়াবলৈ সদায়ে আফস্পা বাতিল কৰাৰ দাবী ব্যৱহাৰ কৰি আহিছে নেকি? তেওঁলোকে সদায়ে ‘অ–সাংবিধানিক’সহ বিভিন্ন আকর্ষণীয় শৈক্ষিক শব্দভাণ্ডাৰৰ জৰিয়তে আফস্পাক সমালোচনা কৰি আহিছে, যাতে তেওঁলোকৰ ‘বাতিল আফস্পা’ৰ দাবী ৰাইজৰ সন্মুখত যথেষ্ট প্রকৃত আৰু বৈধ যেন লাগে৷ কিন্তু, তেওঁলোকৰ ‘আফস্পা বাতিল’ দাবীৰ আৱৰণত, প্রকৃততে তেওঁলোকে কি কৰিবলৈ চেষ্টা কৰি আহিছে?
তেওঁলোকৰ কার্যসূচীৰ এটা প্রধান লক্ষ্য হৈছে ভাৰত ৰাজ্য আৰু ভাৰতীয় সেনাক দৈত্য হিচাপে চিত্রিত কৰা, যি বলপূর্বকভাৱে কাশ্মীৰ আৰু উত্তৰ–পূব ভাৰতৰ সমগ্র অঞ্চল দখল কৰি আহিছে৷ তেওঁলোকে এই ৰাজ্যসমূহৰ বিভিন্ন বিদ্রোহী গোটৰ নেতৃত্বত অপহৰণৰ ঘটনা আৰু ধন দাবী অভিযান, বা অৰুণাচল প্রদেশ আৰু ব্রহ্মপুত্র সন্দর্ভত চীনৰ সন্দেহজনক অভিপ্রায়ৰ দৰে বিভিন্ন অ–সামাজিক কার্যকলাপৰ ওপৰত কিয় সদায় নীৰৱতা অৱলম্বন কৰি আহিছে? কেতিয়াবা কোনো অঞ্চল বা ৰাজ্যত অসাধাৰণ পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ বাবে অসাধাৰণ ব্যৱস্থাৰ প্রয়োজন হয়৷ সক্রিয় ভাৰতবিৰোধী শক্তিৰ এক সম্পূর্ণ পৰিসৰৰ সৈতে মোকাবিলা কৰিবলৈ সাধাৰণ সাংবিধানিক আইন এই অঞ্চলবোৰত অ–পর্যাপ্ত হৈ পৰে৷
বিদ্রোহী গোটসমূহকে ধৰি এই ভাৰতবিৰোধী শক্তিবোৰৰ পৰা আশা কৰাটো বৃথা যে তেওঁলোকে দেশৰ সাধাৰণ আইন বা সাংবিধানিক প্রক্রিয়াসমূহ পালন কৰিব৷ সেয়েহে, এই ৰাজ্যসমূহত আফস্পা জাৰী কৰা হৈছিল৷ কিয়নো আৰক্ষী বাহিনী আৰু আনকি অর্ধসামৰিক বাহিনীয়েও সন্ত্রাসবাদীসকলক নিজে মোকাবিলা কৰিবলৈ সক্ষম হোৱা নাছিল৷ এনে পৰিস্থিতিত সেনাক বিদ্রোহবিৰোধী অভিযানৰ বাবে নিয়োজিত কৰা হয়৷ যদিও সেনাই যিকোনো দুর্ভাগ্যজনক ঘটনা প্রতিৰোধ কৰিবলৈ চেষ্টা কৰে, কিন্তু যেতিয়া বিদ্রোহীসকলে আমাৰ নিৰাপত্তা বাহিনীৰ ওপৰত নির্বিচাৰ গুলীচালনা কৰে আৰু কেতিয়াবা তেওঁলোকক আঘাত কৰে, আনকি হত্যাও কৰে, তেতিয়া আমাৰ নিৰাপত্তা বাহিনীৰ দ্বাৰা সর্বসাধাৰণ লোকৰ প্রাণ ৰক্ষাৰ চেষ্টাত আনুষংগিক ক্ষতি হ’ব পাৰে যিটো অনিবার্য৷ সৈনিকসকলৰ বাবে নাগৰিকৰ ভিৰৰ পৰা এজন সন্ত্রাসবাদীক চিনাক্ত কৰাটো অত্যন্ত কঠিন৷
২০১৫ চনৰ ৩ আগষ্টত প্রধানমন্ত্রী নৰেন্দ্র মোদী, গৃহমন্ত্রী ৰাজনাথ সিং, আৰু ৰাষ্ট্রীয় সুৰক্ষা উপদেষ্টা অজিত ডোভাল’ৰ উপস্থিতিত এন এছ চি এন’ৰ নেতা থুইংগালেং মুইভাই ভাৰত চৰকাৰৰ সৈতে শান্তি চুক্তিত স্বাক্ষৰ কৰিছিল৷ অৱশ্যে, অতি সোনকালেই উত্তৰ–পূর্বাঞ্চলৰ অন্যান্য সন্ত্রাসবাদী গোট আৰু পশ্চিম দক্ষিণ–পূব এছিয়াৰ ইউনাইটেড লিবাৰেচন ফ্রণ্ট নামৰ এটা সন্ত্রাসবাদী সংগঠনৰ সৈতে মুইভাই হাত মিলাইছিল৷ তাৰ পাছত, এন এছ চি এন’এ ভাৰত চৰকাৰৰ সৈতে সকলো শান্তি আলোচনা ভংগ কৰিছিল৷ কিন্তু, অসম চৰকাৰে গ্রহণ কৰা সময়োপযোগী আৰু কৌশলগতভাৱে বিবেচনা কৰা ৰাজনৈতিক পদক্ষেপৰ বাবে আজি বডো উগ্রবাদ আৰু কার্বি উগ্রবাদ প্রায় হ্রাস পোৱাৰ পথত৷
শাসনলৈ অহাৰ লগে লগে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নিজেই আলফা (স্বাধীন)’ক চৰকাৰৰ সৈতে আলোচনাত মিলিত হ’বলৈ আহ্বান জনাইছিল৷ আমোদজনকভাৱে, সংগঠনটোৱে মুখ্যমন্ত্রীৰ আহ্বানৰ প্রতিদান দিছিল৷ তিনি মাহৰ বাবে একপক্ষীয় যুদ্ধবিৰতি ঘোষণা কৰা হৈছিল, যাক পিছত আৰু তিনি মাহলৈ বৃদ্ধি কৰা হৈছিল৷ ১৯৭৯ চনৰ এপ্রিল মাহত গঠন হোৱাৰ পিছত প্রথমবাৰৰ বাবে আলফা (স্বাধীন)’এ অসমত যোৱা বছৰৰ স্বাধীনতা দিৱসত বন্ধৰ আহ্বান জনোৱাৰ পৰা বিৰত আছিল৷ আজিৰ তাৰিখত অসমৰ সামাজিক–ৰাজনৈতিক ক্ষেত্রত আলফা হৈছে এক অ–প্রাসংগিক সংগঠন৷ বন্দুক আৰু হত্যাৰ ওপৰত আধাৰিত এক সন্ত্রাসচালিত কার্যসূচী, আৰু অসমীয়া জাতীয়তাবাদৰ একপক্ষীয় আদর্শৰ বাবেই আলফা সম্পূর্ণৰূপে বিফল হৈছে৷
আলফাই প্রকৃততে অসমৰ সাধাৰণ মানুহৰ স্পন্দন কেতিয়াও বুজি পোৱা নাছিল৷ অসমৰ সাধাৰণ ৰাইজে নিজকে কেতিয়াও ভাৰতবর্ষৰ পৰা পৃথক বা বেলেগ বুলি কল্পনা কৰা নাই৷ যদিও ভাৰতৰ সীমান্তৱর্তী ৰাজ্যসমূহক দেশৰ আন ৰাজ্যসমূহৰ সৈতে একত্রিত কৰাৰ ক্ষেত্রত চৰকাৰে আৰু বহুতো কাম কৰাৰ প্রয়োজন আছে, কিন্তু আলফাৰ ফোঁপোলা আদর্শ অসমৰ জনসাধাৰণৰ বাবে স্পষ্ট হৈ পৰিছে৷ সেই অন্ধকাৰ দিনবোৰলৈ আজি কোনেও ঘূৰি যাব নিবিচাৰে৷ সেয়েহে আফস্পা হ্রাস কৰাৰ ফলত কেৱল অসম, নাগালেণ্ড আৰু মণিপুৰেই নহয়, সমগ্র উত্তৰ–পূব ভাৰততে শান্তি আৰু দীর্ঘম্যাদী উন্নয়নৰ এক নতুন যুগ আৰম্ভ হোৱাৰ যথেষ্ট সম্ভাৱনা আছে৷

You might also like