🔹 মানৱ সম্পদ সৃষ্টিত অৱদান আগবঢ়াই কৰ্মময় জীৱনৰ পৰা অৱসৰ
নিয়মীয়া বাৰ্তা, ২ মাৰ্চ : অধ্যাপনাৰ দৰে পৱিত্ৰ কৰ্মত নিয়োজিত হৈ অনেকজনৰ জীৱন শিক্ষাৰ পোহৰেৰে আলোকিত কৰি মানৱ সম্পদ সৃষ্টিত বৰেণ্য অৱদান দি অহা উত্তৰ অসমৰ পুৰণি উচ্চ শিক্ষানুষ্ঠান ঘিলামৰাৰ নৰ্থ বেংক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক তথা বিশিষ্ট নাট্যকৰ্মী হৰেন শইকীয়াৰ চাকৰি জীৱনৰ শুকুৰবাৰে সফল সামৰণি পৰে। ১৯৯০ চনত মহাবিদ্যালয়খনত গণিত বিভাগৰ অধ্যাপক হিচাপে যোগদান কৰি সুদীৰ্ঘ প্ৰায় ৩৫ বছৰীয়া কৰ্মময় জীৱনৰ সফলতাৰে অৱসান ঘটাই আনুষ্ঠানিকভাৱে অৱসৰ গ্ৰহণ কৰে। এই কৰ্মজীৱনৰ সফল সমাপ্তিৰ বেলিকা শনিবাৰে মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় বিদায় সম্বৰ্ধনা সভা। নৰ্থ বেংক মহাবিদ্যালয়ৰ শিক্ষক গোট, কৰ্মচাৰী আৰু গ্ৰন্থগাৰিকৰ উদ্যোগত শিক্ষক গোটৰ সভাপতি ড০ গীতাঞ্জলি বৰুৱা দত্তই সভাপতিত্ব কৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক মোহিত কুমাৰ সোণৱালে। শিক্ষকসকলৰ এটি সমৱেত সংগীতেৰে শুভাৰম্ভ হোৱা বিদায় সভাখনৰ আদৰণী ভাষণত মহাবিদ্যালয়খনৰ অধ্যক্ষ পুলক গগৈয়ে সদ্য অৱসৰপ্ৰাপ্ত অধ্যাপক হৰেন শইকীয়াই সুদীৰ্ঘ চাকৰি জীৱনৰ কালছোৱাত ছাত্ৰ-ছাত্ৰীৰ লগতে মহাবিদ্যালয়খনৰ সৰ্বাংগীণ উন্নয়নৰ বাবে আগবঢ়োৱা অৱদানৰ ওপৰত আলোকপাত কৰে আৰু সেই অৱদানৰ বাবে তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰে। শইকীয়াৰ কৰ্মময় জীৱনৰ বিদায় বেলাত অনুষ্ঠিত সভাত মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা তেওঁক সম্বৰ্ধনা পত্ৰ, শৰাই, ফুলাম জাপি, কিতাপৰ টোপোলা, ফুলৰ থোপা আদিৰে বিপুলভাৱে সম্বৰ্ধনা জনোৱাৰ লগতে অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকলেও শইকীয়াক বিদায় সম্বৰ্ধনা জনায়। মহাবিদ্যালয়খনৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিনেশ্বৰ গগৈয়ে বিশিষ্ট অতিথিৰূপে উপস্থিত থকা সভাখনত কেইবাগৰাকী অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীয়ে হৰেন শইকীয়াৰ বিভিন্ন গুণ-গৰিমা, কতৰ্ব্যনিষ্ঠা আৰু দায়িত্ববোধ সম্পৰ্কে আলোকপাত কৰে আৰু তেওঁলোকৰ অভিজ্ঞতাৰ কথা স্মৰণ কৰে। সভাত শইকীয়াৰ সহধৰ্মিণী তথা পূব ডিক্ৰং কলেজৰ সহকাৰী অধ্যাপক নিভা ভূঞাই বক্তব্য প্ৰদান কৰে।
প্ৰেৰক পুলকজ্যোতি বৰা