নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নৰ্থ বেংক কলেজত বিত্তীয় কেলেংকাৰি :  তদন্তৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ

নিয়মীয়া বাৰ্তা, ২০ ডিচেম্বৰ : উত্তৰ অসমৰ এখন গুৰুত্বপূৰ্ণ উচ্চ শিক্ষা প্ৰতিষ্ঠান ঘিলামৰাস্থিত নৰ্থ বেংক মহাবিদ্যালয়ত সংঘটিত হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰী ৷ ১৯৬১ চনত প্ৰতিষ্ঠা লাভ কৰা তথা ঘিলামৰাবাসীৰ আৱেগ স্বাভিমানৰ প্ৰতীক নৰ্থ বেংক মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ যুগল শইকীয়াৰ বিৰূদ্ধে উত্থাপিত হৈছে ভয়ংকৰ বিত্তীয় কেলেংকাৰীৰ গুৰুতৰ অভিযোগ। অভিযোগ অনুসৰি মহাবিদ্যালয়খনত ২০১২ চনতে অধ্যক্ষ হিচাবে যোগদান কৰা এইগৰকী বহু বিতৰ্কিত অধ্যক্ষ ড০ শইকীয়াই গোটে গোটে গিলিছে মহাবিদ্যালয়খনলৈ অহা বিভিন্ন শিতানৰ পুঁজি। একাংশ লোকক মেনেজ কৰি অধ্যক্ষ ড০ যুগল শইকীয়াই চলাই গৈছে ইটোৰ-পিছত সিটো অনিয়ম। বিগত সম়য়ত ইটোৰ পাচত সিটো অভিযোগেৰে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি ঐতিয্যমণ্ডিত মহাবিদ্যালয়খনৰ গৰিমা ম্লান কৰা বিতৰ্কিত অধ্যক্ষ ড০ যুগল শইকীয়াই শেহতীয়াকৈ ২০১৭ চনৰ পৰা মহাবিদ্যালয়খনত প্ৰায় ১৫ কোটি টকাৰ ভয়ঙ্কৰ বিত্তীয় খেলিমেলি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। মহাবিদ্যালয়খনৰ গৰিমা আৰু ঐতিহ্যৰ ৰক্ষাৰ স্বাৰ্থত বিভাগীয় তদন্তৰ দাবীৰে এইবাৰ মহাবিদ্যালয়খনৰ শিক্ষক গোটে মূ্খ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়লৈ দুৰ্নীতিৰ বহুবোৰ গুৰুতত্বপূৰ্ন প্ৰামাণিক তথ্যসহ পত্ৰ প্ৰেৰণ কৰাৰ কথা জানিব পৰা গৈছে ।মনকৰিবলগীয়া যে অধ্যক্ষ ড০ শইকীয়াৰ স্বেচ্ছাচাৰী আচৰণ আৰু পৱিত্ৰ শিক্ষানুষ্ঠানখনৰ প্ৰতি বেপৰোৱা নীতিত অতিষ্ঠ হৈ শিক্ষক- কৰ্মচাৰী, শিক্ষাৰ্থীয়ে মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব লগীয়া হোৱাৰ দৰে লজ্জাজনক ঘটনাও সংঘটিত হৈছিল। অভিযোগ অনুসৰি শিক্ষানুষ্ঠানখনৰ অধ্যক্ষ ড° যুগল শইকীয়াই কেৰেপ নকৰে কালৈকো। নিজ খেয়ালখুচি মতে সকলো কাম-কাজ কৰি শিক্ষক কৰ্মচাৰী, ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজৰ লগতে সকলো পক্ষকে অসন্মান কৰি আহিছে। মহাবিদ্যালয়খনলৈ অহা বিভিন্ন শিতানৰ পুঁজি ব্যৱহাৰৰ ক্ষেত্ৰত ব্যাপক দুৰ্নীতি-অনিয়ম সংঘটিত কৰি অধ্যক্ষগৰাকীয়ে নিজেই বহু সময়ত ঠিকাদাৰৰ ভূমিকাতো অবৰ্তীণ হোৱাৰো অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে,২০১৭ৰ পৰা ২০১৯ চনলৈ সম্পন্ন হোৱা হিচাপ পৰীক্ষণ প্ৰতিবেদন অনুসৰি অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে ছাত্ৰ-ছাত্ৰীৰ সুবিধা সমূহ ৰক্ষণাবেক্ষনণ আৰু মানকৰণৰ বাবে দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীৰ মাছুল ৰেহাই হিচাপে দিয়া ২০১৭-১৮,২০১৮-১৯ বৰ্ষৰ বিশ লাখ টকা ২০১৯ বৰ্ষৰ ২৮ মাৰ্চত ৪১৬৪৩০ নম্বৰ চেকযোগে UGC ৰ ০৬৩৩০১০১০৭৯৯৬ একাউণ্ট নম্বৰলৈ অধ্যক্ষ ড° শইকীয়াই নীতি বৰ্হিভূতভাৱে হস্তান্তৰ কৰে।তদুপৰি একেটা বৰ্ষতে বিত্তীয় নিয়ম উলংঘা কৰি অধ্যক্ষগৰাকীয়ে চেলফ চেকৰ জৰিয়তে মুঠ এক লাখ ছয়ষষ্ঠি হাজাৰ টকা উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে। আনহাতে মহাবিদ্যালয়খনৰ সাধাৰণ পুঁজিৰ ১ লাখ একছল্লিছ হাজাৰ টকা কোনোধৰণৰ কামৰ বিৱৰণ নিদিয়াকৈ উকা কাগজত চহী লৈ এজন মিস্ত্ৰিক দিয়া,একেই পুঁজিৰ দুবাৰকৈ প্ৰথমবাৰ ৪লাখ ২৪ হাজাৰ ২২৪ টকা আৰু দ্বিতীয়বাৰত ৫ লাখ ৬৮ হাজাৰ টকা অধ্যক্ষ ড° শইকীয়াই কোনোধৰণৰ সমৰ্থনকাৰী নথিপত্ৰ নোহোৱাকৈ ঠিকাভিত্তিক শিক্ষক আৰু এটা প্ৰতিষ্ঠানক প্ৰদান কৰি বিভিন্ন জালিয়াতিৰে লাখ লাখ টকা দুৰ্নীতি-অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপিত হৈছে অধ্যক্ষ ড° যুগল শইকীয়াৰ বিৰুদ্ধে।তদুপৰি ভুৱা ৰচিদ প্ৰদানৰ লগতে উপযুক্ত সমৰ্থনকাৰী নথি পত্ৰ,সঠিক বিল-চালান, প্ৰাপ্তি পত্ৰ বিভিন্ন শিতানৰ খৰচৰ হিচাপত উল্লেখ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগ আদিৰ পৰা আবণ্টিত হোৱা ধন নীতি বৰ্হিভূতভাৱে ব্যৱহাৰ কৰা ,নিজৰ ইচ্ছা মতে এটা শিতানৰ ধন আন শিতানলৈ হস্তান্তৰ কৰা, ব্যৱহাৰিক শিক্ষাৰ বাবে আৱণ্টিত ধনৰ নীতি বহিৰ্ভূত ব্যৱহাৰ আদিৰ দৰে ভয়ানক বিত্তীয় খেলিমেলিয়ে খোদ মহাবিদ্যালয়ৰ শিক্ষক কৰ্মচাৰীসকলৰ চকু কপালত তুলিছে।উল্লেখ্য যে চৰকাৰী দৰমহায়ো উদৰ পূৰ নোহোৱা বহু বিতৰ্কিত এইগৰাকী অধ্যক্ষৰ দ্বাৰা মহাবিদ্যালয়খনত সংঘটিত হোৱা কেইবাটাও বিত্তীয় কেলেংকাৰীৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ ভিত্তিত লখিমপুৰ জিলাৰ দণ্ডাধিশে নং-ই-১৪১৩৪/ডি এফ এ/৩৩৪৫৯৬ নিৰ্দেশনা যোগে ঢকুৱাখনা সম-জিলাৰ আয়ুক্তৰ অধ্যক্ষতাত ৫জনীয়া এখন তদন্ত সমিতি গঠন কৰি দিয়ে।৭দিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল যদিও আজিলৈকে সেই তদন্তই বিশেষ কোনো অগ্ৰগতি লাভ নকৰিলে।মহাবিদ্যালয়খনৰ অধ্যক্ষৰ ছত্ৰ-ছায়াত আৰু কিমান কেলেংকাৰী সংঘটিত হৈছে অধ্যক্ষগৰাকী তদন্তৰ আওঁতালৈ অহাৰ পিছতহে পোহৰলৈ আহিব। ইতিমধ্যে ‘নিয়মীয়া বাৰ্তা’ ৰ হাতত আহি পৰিছে মহাবিদ্যালয়ৰ এইগৰাকী অধ্যক্ষৰ বিৰূদ্ধে আন কেতবোৰ দুৰ্নীতি অনিয়মৰ বিস্ফোৰক তথ্য। ঐতিয্যমণ্ডিত মহাবিদ্যালয়খনক সংকটৰ মাজলৈ ঠেলি দি ক’ত ক’ত বিঘাই বিঘাই ভূমি ক্ৰয় কৰিছে,অবৈধভাৱে চৰকাৰী ভূমি অধিগ্ৰহণ কৰি ক’ত চাহ বাগান স্থাপন কৰিছে সেয়াও বিস্তৃতভাৱে প্ৰকাশ পাব পৰৱৰ্তী প্ৰতিবেদনত।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like