উত্তৰ–পূবৰ মুখ্যমন্ত্রী মুখ্য সচিব–ডিজিপিৰে আজি শ্বাহৰ বৈঠক
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ দুদিনীয়া অসম–মেঘালয় ভ্রমণসূচীৰে কাইলৈ শ্বিলঙত উপস্থিত হ’ব কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ৷ এই ভ্রমণকালত কেইবাটাও গুৰুত্বপূর্ণ প্রকল্প আৰু আঁচনিৰ শুভাৰম্ভ কৰাৰ লগতে উত্তৰ–পূর্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ মুখ্যমন্ত্রী, মুখ্য সচিব আৰু আৰক্ষী সঞ্চালকপ্রধানেৰে বৈঠকত মিলিত হ’ব৷
প্রাপ্ত তথ্য অনুসৰি উত্তৰ–পূর্বাঞ্চলৰ মুখ্যমন্ত্রীসকলৰ সৈতে হ’বলগীয়া বৈঠকত বিভিন্ন ৰাজ্যৰ সীমা বিবাদ, উন্নয়নমূলক কাম–কাজ, আইন–শৃংখলাজনিত পৰিস্থিতি আদি বিষয়ে ঠাই পোৱাৰ সম্ভাৱনা আছে৷ কাইলৈ শ্বিলংস্থিত ৰাজ্যিক সমাৱর্তন কেন্দ্রত বিয়লি ৫.৩০ বজাত মুখ্যমন্ত্রীসকলৰ সৈতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকী মিলিত হ’ব৷ ইয়াৰ পূর্বে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে নর্থ–ইষ্ট স্পেচ এপ্লিকেচন চেণ্টাৰৰ বহুমুখী আলোচনা কেন্দ্র আৰু প্রদর্শন কেন্দ্র উদ্বোধন কৰিব৷ তদুপৰি মাভিয়াঙত আন্তঃৰাজ্যিক বাছ টার্মিনেল তথা উমছাভলীত অক্সিজেন প্লাণ্ট আৰু শিশু চিকিৎসা ৱার্ড তেওঁ উদ্বোধন কৰিব৷ অহা ২৫ জুলাইত পুৱাৰ ভাগত শ্বিলঙত কেইবাটাও অনুষ্ঠানত অংশগ্রহণ কৰাৰ পাছত তেওঁ বিয়লি গুৱাহাটীত উপস্থিত হ’ব৷ কামাখ্যা মন্দিৰ দর্শন কৰাৰ পাছতে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ৰেডিঅ’ থেৰাপী ব্লক আৰু নতুন এল আই এন এ চি মেচিন উদ্বোধন কৰিব কেন্দ্রীয় গৃহমন্ত্রীজনে৷ এই অনুষ্ঠানৰ পাছতে বিয়লি ৫.৩০ বজাত শংকৰদেৱ কলাক্ষেত্রত ক’ভিডত মৃত্যু হোৱা লোকসকলৰ আত্মীয়ক আর্থিক সাহায্য প্রদান কৰাৰ লগতে তামুলপুৰ মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্রীয় গৃহমন্ত্রী শ্বাহে৷
অসম–মেঘালয় আন্তঃৰাজ্যিক সীমা বিবাদ সমাধানৰ বাবে মুখ্যমন্ত্রী পর্যায়ৰ আলোচনা
অসম আৰু মেঘালয়ৰ মাজত দীর্ঘদিনীয়া আন্তঃৰাজ্যিক সীমা বিবাদ সৌহার্দ্যপূর্ণভাৱে সমাধান কৰাৰ বাবে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ আজি শ্বিলঙৰ মেঘালয় সচিবালয়ৰ যোজনা ভৱনত মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ সৈতে এক দ্বিপাক্ষিক আলোচনাত মিলিত হয়৷ বৈঠকত দুয়োখন চৰকাৰৰ মুখ্য সচিব আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকলো উপস্থিত আছিল৷ আলোচনাকালত মেঘালয় চৰকাৰে ১২টা বিবদমান স্থান ৰাজ্যখনৰ অন্তর্গত অঞ্চল বুলি দাবী কৰাৰ বিপৰীতে অসম চৰকাৰেও সেহ ঠাহবোৰ অসমৰ বুলি দাবী কৰি সেই সংক্রান্তীয় নথিপত্র বৈঠকত দাঙি ধৰে৷ বিতং আলোচনাৰ অন্তত দুয়োখন চৰকাৰে এক বাস্তৱিক দৃষ্টিভংগী অৱলম্বন কৰাৰ লগতে স্থিতাৱস্থাৰ পৰা সমস্যাটোৰ এক সমাধান সূত্রত ডপনীত হোৱাৰ সিদ্ধান্ত গ্রহণ কৰে৷
উল্লিখিত সমগ্র ১২টা স্থানৰ বিষয়ে এটা এটাকৈ আলোচনা কৰি সংষ্টি দাবীবোৰ পর্যালোচনা কৰিবলৈ ডভয় পক্ষ সন্মত হয়৷ সম্ভৱস্থলত দুয়োগৰাকী মুখ্যমন্ত্রীয়ে এই ১২টা স্থান ভ্রমণৰ সিদ্ধান্ত গ্রহণ কৰে৷ তদুপৰি মুখ্যমন্ত্রী ড০ শর্মাই অহা ৬ আগষ্টত মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাক গুৱাহাটীত দ্বিতীয় পর্যায়ৰ আলোচনাৰ বাবে আমন্ত্রণ জনায়৷ আজিৰ এই আলোচনাকালত মুখ্যমন্ত্রী ড০ শর্মাৰ লগতে অসম চৰকাৰৰ মুখ্য সচিব জিষু বৰুৱা, আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্ত, মুখ্যমন্ত্রীৰ প্রধান সচিব সমীৰ কুমাৰ সিনহা আৰু আয়ুক্ত সচিব (সীমান্ত সুৰক্ষা আৰু ডন্নয়ন) জি ডি ত্রিপাঠীও ডপস্থিত আছিল৷
আনহাতে, মেঘালয় চৰকাৰৰ তৰফৰ পৰা ৰাজ্যখনৰ মুখ্যমন্ত্রীগৰাকীৰ সৈতে মুখ্য সচিব এম এছ ৰাও, অতিৰিক্ত মুখ্য সচিব আৰ ভি চুচিয়াং, আয়ুক্ত সচিব আৰ লিংডো আৰু গৃহ আৰু ৰাজনৈতিক সচিব চি ভি ডি ডিয়েংডো ডপস্থিত আছিল৷ আলোচনাৰ পাছত সংবাদ মাধ্যমৰ লোকসকলৰ সৈতে বার্তালাপ কৰি মুখ্যমন্ত্রী ড০ শর্মাহ কয় যে শুকুৰবাৰৰ আলোচনা অত্যন্ত ফলপ্রসূ আছিল৷ উমৈহতীয়া বুজাবুজিত ডপনীত হোৱাৰ লগতে ইতিবাচক মানসিকতাৰে আগবাঢ়ি সীমা বিবাদ সমাধানৰ অর্থে দুয়োখন চৰকাৰৰ প্রতিশ্রুতিবদ্ধতাৰ কথাও তেওঁ দোহাৰে৷ মুখ্যমন্ত্রীয়ে লগতে কয় যে বিবদমান স্থানসমূহ সন্দর্ভত দুয়োখন ৰাজ্যৰ ডমৈহতীয়া দাবীৰ প্রতি লক্ষ্য ৰাখি অধিক আলোচনা আৰু পর্যালোচনা কৰা হ’ব, যাতে এইক্ষেত্রত এক স্থায়ী সমাধানত ডপনীত হ’ব পৰা যায়৷ মেঘালয়ৰ মুখ্যমন্ত্রী চাংমাহ অসমৰ মুখ্যমন্ত্রী ড০ শর্মাক তেওঁৰ এই ভ্রমণৰ লগতে আলোচনাৰ জৰিয়তে সীমা বিবাদ সমাধানৰ অর্থে লোৱা পদক্ষেপৰ বাবে ধন্যবাদ স্থাপন কৰে৷ তেওঁ কয় যে যিহেতু ই এটা দীর্ঘদিনীয়া অমীমাংসিত সমস্যা, সেয়েহে দুয়োখন ৰাজ্যৰ বাবে এক গ্রহণযোগ্য সমাধানত ডপনীত হোৱাৰ বাবে অধিক আলোচনাৰ প্রয়োজন হ’ব৷