নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূবৰ বিকাশ হ’লেহে দেশৰ সমবিকাশ হ’ব : অমিত শ্বাহ

🎯ৰাজ্যত শান্তি-সমৃদ্ধি-বিকাশৰ ৰূপকাৰ অমিত শ্বাহ : ড০ হিমন্ত বিশ্ব শৰ্মা

🎯কংগ্রেছে দেশক বহু অন্যায় কৰিলে : অমিত শ্বাহ

🎯লখিমপুৰত বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰ 

বিশেষ বাৰ্তা, ৯ এপ্রিল : লখিমপুৰ নগৰৰ সমীপৰ চুকুলীভৰীয়াত মঙলবাৰে বিয়লি বিজেপিৰ এখন বিশাল নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হয়। সভাখনত মুখ্য অতিথি হিচাপে ভাষণ দি অমিত শ্বাহে কংগ্রেছক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দলীয় প্রার্থীক পাঁচ লক্ষ্যাধিক ভোটত বিজয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। মা কামাখ্যাক প্ৰণাম জনাই ভাষণ আৰম্ভ কৰে অমিত শ্বাহে। তেওঁ কয় সমগ্ৰ দেশত মা কামাখ্যাৰ আশীৰ্বাদ আছে। তেওঁৰ ভাষণত কংগ্রেছক সমালোচনা কৰি কয় জৱাহৰলাল নেহৰুৰ দিনত চীনা আক্রমণত অসমক বাই বাই দিছিল। কিন্তু মোদী চৰকাৰে চীনক অৰুণাচলৰ এক ইঞ্চি ভূমিও দখল কৰিবলৈ দিয়া নাই। ডোকলামত ৩৫ দিন ধৰি চীনা সৈন্যক ভেটা দি ৰাখি উভতি যাবলৈ বাধ্য কৰিছিল মোদী চৰকাৰে। কেন্দ্রীয় চৰকাৰে অসমক শান্তি, সমৃদ্ধিৰে পৰিপুষ্ট কৰি দেশৰ আগশাৰীৰ ৰাজ্যত পৰিণত কৰাৰ লক্ষ্য লোৱাৰ লগতে উত্তৰ পূৱৰ সামগ্ৰিক বিকাশৰ হকে মোদী চৰকাৰে গুৰুত্ব দিয়া বুলি কয় গৃহমন্ত্ৰীগৰাকীয়ে। কংগ্রেছে দেশক বহু অন্যায় কৰা বুলি উল্লেখ কৰি তেওঁ ৰাহুল গান্ধীকো সমালোচনা কৰে। অসমকো কংগ্রেছে বহু অন্যায় কৰা বুলি উল্লেখ কৰি অমিত শ্বাহে কয় মোদী চৰকাৰে অসমৰ উগ্ৰ পৰিৱেশ শান্ত কৰিলে। বাংলাদেশৰ অনুপ্ৰৱেশ ৰোধ হল। বড়ো সমস্যা সমাধান হল। বিকাশ, সমৃদ্ধি বঢাই তুলিলে। অসম চৰকাৰৰ ভূমিকাকো তেওঁ শলাগ লয়। তেওঁ কয় শংকৰদেৱ মাধৱদেৱৰ পৰম্পৰা ৰক্ষা কৰাত সৱল ভূমিকা লৈছে। সত্ৰৰ ভূমি সুৰক্ষিত কৰিছে। লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰি বীৰ জনাৰ প্ৰতি যথাযোগ্য সম্মান প্ৰদৰ্শন কৰিছে৷ মোদী চৰকাৰে উত্তৰ-পূবৰ বিকাশত গুৰুত্ব দিছে। উত্তৰ পূবৰ বিকাশ হলেহে দেশৰ সমবিকাশ হব বুলি তেওঁ কয়। চৰকাৰী বিভিন্ন উন্নয়নী আঁচনিসমূহ তেওঁ ব্যাখা কৰে। ভাৰতৰ বিকাশ অসমৰ সৈতে সংযুক্ত হৈ আছে বুলি উল্লেখ কৰি তেওঁ অসমৰ ১৪খন লোকসভা আসনতে বিজেপিৰ প্ৰাৰ্থী জয়ী কৰাই মোদীক তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আনিবলৈ তেওঁ ৰাইজক আহ্বান জনায়। সভাখনত ভাষণ দি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত কয় যোৱা আঢ়ৈ বছৰে ৰাজ্যখনত শান্তি সমৃদ্ধি বিকাশ দেখা গৈছে। ইয়াৰ ৰূপকাৰ হল গৃহমন্ত্ৰী অমিত শ্বাহ। ৰাজ্যত শান্তি সমৃদ্ধিৰ পৰিৱেশ নমাই অনাৰ নায়কজন অমিত শ্বাহ বুলি তেওঁ অভিহিত কৰে। মোডীকো প্ৰশংসাৰে ওপচাই তেওঁ কয় দিশৰ ভিতৰে বাহিৰে মোদীয়ে অসমীয়াৰ গামোচাখন লৈ ফুৰি অসমৰ প্ৰতি সন্মান প্রদর্শন কৰিছে। মোদীৰ নেতৃত্বত অসমখনক দেশৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে তেওঁ পুনৰবাৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। চৰকাৰে যিমান প্ৰতিশ্ৰুতি দিছে সকলো আখৰে আখৰে পালন কৰিছে বুলি উল্লেখ কৰি তেওঁ প্ৰদান বৰুৱাক বিজয়ী কৰাই মোদীক তৃতীয়বাৰৰ বাবে ক্ষমতালৈ আনিবলৈ ৰাইজক আহ্বান জনায়। উল্লেখ্য দিনৰ দুই বজাত বিশেষ হেলিকপ্টাৰ যোগে অমিত শ্বাহ আৰু মুখ্যমন্ত্রী সভাখনত উপস্থিত হয় আৰু ২.৩৫ বজাত এই সভাখনৰ সামৰণি পৰে। লক্ষাধিক লোকৰ সমাবেশ ঘটা সভাখনত কেন্দ্রীয় গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, মন্ত্রী ৰণোজ পেগু, দলীয় প্রার্থী প্ৰদান বৰুৱা, সাংসদ ভুৱনেশ্বৰ কলিতা, বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, বিধায়ক মানৱ ডেকা, ৰূপেশ গোৱালা, বলীন চেতিয়া,নৱ দলে, জিলা বিজেপিৰ সভাপতি ফণীধৰ বৰুৱাকে ধৰি বহু বিজেপিৰ ভালেকেইজন নেতাই অংশগ্রহণ কৰে।

প্ৰেৰক জীৱন গোস্বামী

You might also like