নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিয়মীয়া বাৰ্তাৰ সম্পাদক নৰেশ কলিতালৈ ‘সাংবাদিকতা বঁটা–২০২২’ প্ৰদানঃ নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামৰ উদ্যোগ-নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ সহযোগ

সাংবাদিকতা বৃত্তিত পদে পদে প্রত্যাহ্বান থাকেঃ নৰেশ কলিতা

নিয়মীয়া বার্তা, ২৫ মেঃ ‘সমাজ এখনক আগুৱাই নিয়াত সাংবাদিকসকলে গুৰুত্বপূর্ণ ভূমিকা পালন কৰি আহিছে৷ সাংবাদিকসকল হ’ল সমাজৰ বাটকটীয়া স্বৰূপ৷ সাংবাদিকসকলে কেৱল সমস্যাবোৰ দেখুৱাই দিয়াই নহয়, তাৰ সমাধান সূত্রও দিব পাৰিব লাগে৷ পৌৰাণিক কালত নাৰদ মুনি, উদ্ধৱ, সঞ্জয়, বেদনিধি, ব্যাসদেৱ আদিয়ে এখন নিকা আৰু উন্নয়নমুখী সমাজ প্রতিষ্ঠাৰ বাবে স্বর্গ আৰু মর্ত্যত যি সত্যনিষ্ঠ সাংবাদিকতাৰ ধাৰা প্রৱর্তন কৰিছিল, তাৰে সময় উপযোগী পৰিৱর্তিত ৰূপটোৱে হৈছে সাংবাদিকতা৷’ আজি নর্থ গুৱাহাটী জার্নেলিষ্ট ফ’ৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰস্পেচিয়েলিটী হাস্পতালৰ সহযোগত আয়োজিত ‘সাংবাদিকতা বঁটা প্রদান–২০২২’ অনুষ্ঠানত মুখ্য অতিথি হিচাপে ভাগ লৈ আউনীআটী সত্রৰ সত্রাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামীয়ে এনেদৰে কয়৷ তেওঁ কয় যে সাংবাদিকসকলে সমাজ এখনক বহু উচ্চ পর্যায়লৈ লৈ যাব পাৰে যদিহে তেওঁলোক ইতিবাচক চিন্তা লৈ আগবাঢ়ে৷ উত্তৰ গুৱাহাটীস্থিত আউনীআটী সত্রৰ ঐতিহ্য ভৱনত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত উত্তৰ গুৱাহাটীৰ বিশিষ্ট চিত্রশিল্পী ৰমেশ চন্দ্র নাথৰ সোঁৱৰণত প্রদান কৰা সাংবাদিকতা বঁটা ২০২২ গ্রহণ কৰি ‘নিয়মীয়া বার্তা’ কাকতৰ সম্পাদক, বিশিষ্ট সাংবাদিক নৰেশ কলিতাই কয় যে সাংবাদিকতা বৃত্তিত পদে পদে প্রত্যাহ্বান থাকে, নিজৰ নিৰাপত্তাক লৈ কেতিয়াবা শংকাও নামি আহে৷ সৎ আৰু সত্যবাদী সাংবাদিকৰ জীৱনলৈ বহুতো প্রত্যাহ্বান আহে তথাপি এনে বঁটা প্রাপ্তিয়ে সমাজৰ প্রতি অধিক দায়বদ্ধ হ’বলৈ উৎসাহ–অনুপ্রেৰণা যোগায়৷ ফ’ৰামৰ মুখ্য উপদেষ্টা বাণীকান্ত চক্রৱর্তীৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্রদান অনুষ্ঠানত সাংবাদিক দৈনিক জনমভূমি কাকতৰ সাংবাদিক কিশোৰ গোস্বামীলৈ আগবঢ়োৱা হয় বিশিষ্ট নাট্যকর্মী জগত চন্দ্র গগৈ সোঁৱৰণী যুৱ সাংবাদিকতা বটাঁ–২০২২ আৰু বৈদ্যুতিন সংবাদ মাধ্যম প্রাগ নিউজৰ কাজিৰঙাৰ সাংবাদিক ধ্রুৱজ্যোতি সাহালৈ আগবঢ়োৱা হয় বিশিষ্ট সমাজকর্মী ভুবন চন্দ্র দত্ত সোঁৱৰণী যুৱ সাংবাদিকতা বটাঁ–২০২২৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা প্রাক্তন অতিৰিক্ত আৰক্ষী সঞ্চালকপ্রধান ফটিক দত্ত গোস্বামীয়ে তেওঁৰ ভাষণত কয় যে নিষ্ঠা, সততা আৰু সাহসিকতাৰে সংবাদ সেৱা কৰা বিশ্বৰ বহু বৰেণ্য সাংবাদিকে বিশ্বজোৰা সুখ্যাতি আৰু সমর্থন লাভ কৰিছে৷ সভাত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্রীৰ বিশেষ কর্তব্যৰত বিষয়া হেমন্ত চৌধুৰী৷ চৌধুৰীয়ে তেওঁৰ ভাষণত সাংবাদিকসকলক সমাজৰ হকে কাম কৰি যাবলৈ আহ্বান জনায়৷ ৰাগশ্রী সংগীত মহাবিদ্যালয়ত অধ্যক্ষা পিংকুমণি চৌধুৰী আৰু সহযোগী শিল্পী দলে ড০ ভূপেন হাজৰিকাৰ এটি গীতেৰে শুভাৰম্ভ হোৱা বঁটা প্রদান অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যা কৰে নর্থ গুৱাহাটী ফ’ৰামৰ সম্পাদক কৌশিক দাসে৷ জিলা জনসংযোগ বিষয়া মঞ্জুৰাণী চহৰীয়াই পৰিচালনা কৰা বঁটা প্রদান অনুষ্ঠানত নৰেশ কলিতালৈ আগবঢ়োৱা ৰমেশ চন্দ্র নাথ সাংবাদিকতা বঁটাত আছে মানপত্র, গামোচা, জাপি, চেলেং আৰু স্মাৰকৰ লগতে নগদ ধন৷ অনুষ্ঠানত এটি কবিতা পাঠ কৰে কমল বৰাই৷ বঁটা প্রদান অনুষ্ঠানত বিশেষভাৱে সহযোগ আগবঢ়ায় ফ’ৰামৰ উপদেষ্টা মুনিন ডেকা, অতনু গোস্বামী, সভাপতি ৰঞ্জন দত্ত, সাংগঠনিক সম্পাদক উৎপল ৰঞ্জন মেধি, সম্পাদক নিতোপম মেধি আৰু সদস্য সুমন শর্মাই৷ অনুষ্ঠানত দাতা পৰিয়ালৰ লগতে অঞ্চলটোৰ শতাধিক ব্যক্তি উপস্থিত থাকে৷ বঁটা প্রদান অনুষ্ঠানৰ শেষত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় ফ’ৰামৰ কার্যকৰী সভাপতি ৰাজকমল চাংকাকতিয়ে৷

প্ৰেৰক মুনীন ডেকা

You might also like