নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰে দৰ্শন কৰিব পাৰিব দেৱালয় মঠ-মন্দিৰ

তীৰ্থ নগৰী উত্তৰ গুৱাহাটীৰ পুৰাণ প্ৰসিদ্ধ বিষ্ণুতীৰ্থ অশ্বক্লান্ত দেৱালয়, দীৰ্ঘেশ্বৰী দেৱালয়

নিয়মীয়া বাৰ্তা ৮ জুনঃ আজিৰে পৰা ঐতিহ্যমণ্ডিত মহাপ্ৰভু শ্রী শ্রী দৌল গোবিন্দ মন্দিৰ দৰ্শনাৰ্থীৰ বাবে খুলি দিয়া হয়। যোৱা ৭৮ টা দিন কভিড ১৯ মহামাৰীৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ কৰাৰ পৰিপেক্ষিতত চৰকাৰে লকডাউন ঘোষণা কৰিছিল । যাৰ পৰিপেক্ষিতত মন্দিৰৰ দৰ্শনী সকলো ভক্তৰ বাবে বন্ধ হৈ আছিল ।শেহতীয়াকৈ চৰকাৰে লকডাউনৰ নিয়ম শিথিল কৰিছে। চৰকাৰৰ সকলো নিয়ম মানি ভক্ত সকলে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব।
মাস্ক পৰিধান কৰিব লাগিব লগতে সামাজিক দূৰত্ব বজাই ৰাখিব লাগিব। মন্দিৰত চাকি গৃহত ছয় জনকৈ ভক্ত প্ৰৱেশ কৰিব পাৰিব ।মূল মণিকূটত তিনি জনকৈ ভক্ত ই প্ৰৱেশ কৰিব পাৰিব ।
কেৱল সেৱাহে জনাব পাৰিব । পটজল ,তিলক ,নিৰ্মালী আদি দিয়া নহ’ব ।
আনহাতে ভোগ , মাহ- প্ৰসাদ আদিৰ ব্যৱস্থা নাথাকিব । এই সময়ছোৱাত কোনো ভক্তৰ ভোগ, প্ৰসাদ আদিৰ সামগ্ৰী গ্ৰহণ কৰা নহ’ব ।
ভৱিষ্যতে এই নিয়মৰ সালসলনি হ’লে দেৱালয়, মন্দিৰ সমূহৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা জনোৱা হ’ব বুলি জানিব পৰা গৈছে । আজি উত্তৰ গুৱাহাটীৰ মঠ-মন্দিৰ সমূহত ভক্ত আগমন ঘটা পৰিলক্ষিত হৈছে ।

You might also like