নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নাওবৈচাত পথাৰ দিৱস পালন

নিয়মীয়া বাৰ্তা, ২৬ মাৰ্চঃ উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ উদ্যোগত নাওবৈচাত পথাৰ দিৱস পালন। পথাৰ দিৱসত সৰিয়হ আৰু টৰীয়াৰ বৈজ্ঞানিক কৃষি প্ৰণালী বিষয়ক এখনি পুস্তিকা উন্মোচন। উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰই যোৱা ৰবি শস্য বতৰত অসম কৃষি বিশ্ববিদ্যালয় সৰিয়হ গৱেষণা সঞ্চালকালয় ভৰতপুৰৰ যৌথ উদ্যোগত শালমৰা এলেকাত ৭৫ বিঘা কৃষিভূমিত টৰীয়া আৰু সৰিয়হ উন্নত জাতৰ খেতি কৰিছিল। পথাৰ দিৱসত শালমৰা, তাঁতীয়েমৰা, দুৱাৰ গাঁও প্ৰায় তিনি শতাধিক মহিলা কৃষকে অংশগ্ৰহণ কৰিছিল। পথাৰ দিৱসৰ লগত সংগতি ৰাখি কৃষক আৰু বিজ্ঞানীৰ মাজতো এক মত বিনিময় অনুষ্ঠান অনুষ্ঠিত হয়। এই দিৱসত কৃষি বিশ্ববিদ্যালয়ৰ লগতে উত্তৰ লখিমপুৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰৰ বহু কেইজন বিজ্ঞানী উপস্থিত থাকি কৃষক সকলৰ উপযোগী হোৱাকৈ বক্তব্য ৰাখে।

প্ৰেৰক নিতুল বৰা

You might also like