নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা ভোটগ্রহণ কেন্দ্র, য’ত কালি এটাও নপৰিল ভোট

নিয়মীয়া বাৰ্তা, ২৮ মাৰ্চঃ সৰুপথাৰ বিধানসভা সমষ্টিৰ অতি স্পর্শকাতৰ ৩০১নং ভোটগ্রহণ কেন্দ্র ইহখু মেম’ৰিয়েল স্কুলত এইবাৰ অসম বিধানসভা নির্বাচনত এটাও ভোট নপৰিল৷ অসম–নাগালেণ্ড সীমান্তৰ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ লুক্ট মণিপুৰী বস্তি নামৰ গাঁওখনত অৱস্থিত অসমৰ অন্তিম ভোটগ্রহণ কেন্দ্রটো৷

নগা অধ্যুষিত গাঁওখনত মুঠ ভোটাৰৰ সংখ্যা ২৫গৰাকী৷ ইয়াৰে ১৪গৰাকী পুৰুষ আৰু ১১গৰাকী মহিলা ভোটাৰ আছে৷ বিগত প্রায় কেইবাটাও নির্বাচনত ভোটগ্রহণ কেন্দ্রটোত এটাও ভোট নপৰে৷ অসম চৰকাৰে প্রতিবাৰ অসম বিধানসভা নির্বাচন, লোকসভা নির্বাচনত ভোটগ্রহণ কেন্দ্র স্থাপন কৰি প’লিং–প্রিজাইডিং বিষয়াসহ এটা দল পঠিয়ায় যদিও কোনো এবাৰেই কোনো ভোটাৰ ওলাই আহি কেন্দ্রটোত ভোটাধিকাৰ সাব্যস্ত নকৰে৷

উল্লেখ্য যে ধনশিৰি মহকুমাৰ অসম–নাগালেণ্ড সীমান্তৰ ‘এ’–‘বি’–‘চি’ তিনিটা ছেক্টৰ আছে৷ এই তিনিটা ছেক্টৰৰ বৃহত্তৰ ভূমি অসম চৰকাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি নগা দুর্বৃত্তই বেদখল কৰি আহিছে৷ ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ অধিকাংশ অসমৰ ভূমি নগা লোকে বেদখল কৰি গাঁও, মহকুমা পাতি নাগালেণ্ডৰ মানচিত্রত অন্তর্ভুক্ত কৰি আহিছে৷

জানিব পৰা মতে, ডিফু সংৰক্ষিত বনাঞ্চলৰ ‘এ’ ছেক্টৰৰ মুঠ মাটিকালি ১৮,৩৬৫.৭১ হেক্টৰ৷ এক তথ্য অনুসৰি ‘এ’ ছেক্টৰ এলেকাত অসমীয়া গাঁও পাঁচখন থকাৰ বিপৰীতে নগা গাঁও প্রায় ৩৮খন আছে৷ একপ্রকাৰ দিনকদিনে ‘এ’ ছেক্টৰ এলেকাত অসম চৰকাৰৰ প্রশাসনিক দুর্বলতাৰ সুযোগ গ্রহণ কৰি নাগালেণ্ডে ভূমি বেদখল কৰি আধিপত্য বিস্তাৰ কৰিছে৷ লুক্ট মণিপুৰী বস্তিত অৱস্থিত ইহখু মেম’ৰিয়েল স্কুলৰ ভোটগ্রহণ কেন্দ্রত ভোটদান নোহোৱা কার্যই তাকে ইংগিত দিয়ে৷

You might also like