নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰীৰ সকীয়নিঃ শিলচৰৰ বেটুকান্দি মথাউৰি কটা অভিযুক্তক বিহা হব কঠোৰ শাস্তিঃ শিলচৰত নহয়, চি আই ডিয়ে গুৱাহাটীত ৰুজু কৰিব গোচৰ

নিয়মীয়া বাৰ্তা, ১ জুলাই: শিলচৰৰ বেটুকান্দি মথাউৰি কটা সকলৰ বিৰুদ্ধে শিলচৰত নহয়, গুৱাহাটীত গোচৰ ৰুজু হ’ব। চিআইডিয়ে গুৱাহাটীত গোচৰ ৰুজু কৰিব। শুকুৰবাৰে বেতুকান্দি মথাউৰি পৰিদৰ্শন কৰি এই কথা কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, সকলো তদন্ত চি আই ডিৰ হাতত অৰ্পণ কৰা হৈছে। এডিজিপি চিআইডিৰ তত্বাৱধানত এটা বিশেষ টাস্ক ফ’ৰ্চ গঠন কৰা হ’ব। এই তদন্ত কমিটিয়ে চলাব ন্যায়িক প্ৰক্ৰিয়া। মহানগৰৰ পৰা হ’ব সম্পূৰ্ণ তদন্ত। ইতিমধ্যে ৬ জন দুষ্কৃতিকাৰীক আটক কৰিছে আৰক্ষীয়ে। তেওঁলোকক গুৱাহাটীলৈ নিয়া হ’ব ৷ তদুপৰি কোনো অভিযুক্তক এৰি দিয়া নহ’ব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে। এই দিনা কাছাৰ জিলাৰ বৰাক নদীৰ ওপৰত বেটুকান্দি মথাউৰি পৰিদৰ্শনৰ লগতে ভাঙন স্থানত চলি থকা পুনৰ্নিৰ্মাণ কাৰ্য্যকলাপ পৰ্যালোচনা কৰে তেওঁ। তদুপৰি মথাউৰি নিৰ্মাণ কৰাৰ ক্ষেত্ৰত গুণগত মানৰ সামগ্ৰী ব্যৱহাৰ কৰাটো নিশ্চিত কৰিবলৈ অভিযন্তা সকলক নিৰ্দেশ দিয়ে। উল্লেখ্য যে,বান পৰিস্থিতিৰ বুজ ল’বলৈ শুকুৰবাৰে পুনৰ বৰাকলৈ আহে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এইদিনা বৰাক উপত্যকাৰ বিধ্বংসী বানপানী খা-খবৰ লোৱাৰ উদ্দেশ্যে এসপ্তাহৰ ভিতৰত বানবিধ্বস্ত সময়ত কাছাৰ জিলাত তৃতীয় বাৰৰ বাবে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আজি পুৱা ১০.৩০ মান বজাত শিলচৰ কুম্ভীৰগ্ৰাম বিমানবন্দৰত উপস্থিত হৈ হেলিকপ্টাৰ যোগে কৰিমগঞ্জলৈ আহে তেওঁ। পিছত ৰাতাবাৰী অঞ্চললৈ ৰাওনা হয় মুখ্যমন্ত্ৰী ড০ শৰ্মা। তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বানাক্ৰান্তসকলৰ সৈতে মত বিনিময় কৰে। তদুপৰি কালিবাৰীৰ সুভাষ হাইস্কুলত স্থাপন কৰা সাহায্য শিবিৰটো পৰিদৰ্শন কৰি আশ্ৰয় শিবিৰত থকা ৰাইজৰ দুৰ্দশাৰ কথাও শুনে। তদুপৰি ঔষধ, বিশুদ্ধ খোৱাপানী আৰু শিশুৰ খাদ্যৰ খবৰ লয়। মুখ্যমন্ত্ৰীয়ে উপায়ুক্তক বানপানীৰ ফলত হোৱা ক্ষতিৰ মূল্যায়ন কৰিবলৈ নিৰ্দেশ দিয়ে যাতে চৰকাৰে ক্ষিপ্ৰতাৰে পুনৰ্বাসনৰ কাম আৰম্ভ কৰিব পাৰে। মুখ্যমন্ত্ৰীয়ে কৰিমগঞ্জ জিলাৰ বানত ক্ষতিগ্ৰস্ত শ্ৰীৰামপুৰ গাঁও আজি নাৱেৰে পৰিদৰ্শন কৰে। বন্যাৰ্তসকলৰ সৈতে কথা-বাৰ্তাৰে বিভিন্ন অসুবিধাৰ বুজ লৈ জিলাখনৰ উপায়ুক্তক সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশনা প্ৰদান কৰে। পৰিদৰ্শনকালত ১১৪ নম্বৰ ৰামকৃষ্ণ পাঠশালাও পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সৈতে কথা পাতি চৰকাৰৰ পৰ্যাপ্ত সহযোগিতাৰে বিদ্যালয়খন পুনৰ্নিৰ্মাণ কৰা হ’ব বুলি আশ্বাস প্ৰদান কৰে।বানপীড়িত কৰিমগঞ্জ জিলা ভ্ৰমণ কৰি পৰিস্থিতি পৰ্যবেক্ষণৰ অন্তত জিলা প্ৰশাসনৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হওঁ। মাননীয় জিলা উপায়ুক্তক তাৎক্ষণিকভাৱে জৰীপ আৰম্ভ কৰি বানত ক্ষতিগ্ৰস্ত ঘৰ আৰু মীন পালনত ব্যৱহৃত পুখুৰীৰ পৰিসংখ্যা নিৰ্ধাৰণৰ বাবে নিৰ্দেশনা প্ৰদান কৰোঁ। উপায়ুক্তক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত সম্ভৱপৰ সকলো ব্যৱস্থা গ্ৰহণৰ কথা দোহাৰে। কৰিমগঞ্জৰ চন বিল আৰু ইয়াৰ পৰ্যটন সম্ভাৱনাৰ সন্দৰ্ভত গুৰুত্ব প্ৰদান কৰি এই অঞ্চলত এটা উন্নতমানৰ অতিথিশালা আৰু ভাসমান সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰাৰ সিদ্ধান্তও গ্ৰহণ কৰে মুখ্যমন্ত্ৰীয়ে। পিছত হেলিকপ্টাৰেৰে মুখ্যমন্ত্ৰী শিলচৰত উপস্থিত হয়। শিলচৰৰ অধৰচান্দ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা বান সাহায্য শিবিৰটো পৰিদৰ্শন কৰি শিবিৰত বাহৰ পাতি থকা বন্যাৰ্তসকলৰ কুশল-মংগলৰ বাৰ্তা লয়। শিলচৰৰ গুৰুচৰণ মহাবিদ্যালয়ত আর্তজনৰ সুবিধাৰ বাবে স্থাপন কৰা বান সাহায্য আৰু চিকিৎসা শিবিৰ পৰিদৰ্শন কৰে। তদুপৰি বানপীড়িত সকলক পুনৰ্সংস্থাপনৰ ক্ষেত্ৰত চৰকাৰৰ আন্তৰিক সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্রদান কৰে। পিছত কাছাৰ জিলাৰ উপায়ুক্ত কাৰ্যালয়ত শেহতীয়া বানত প্ৰাণহানি হোৱা ২৪গৰাকী ব্যক্তিৰ ভিতৰৰ ১০গৰাকীৰ নিকটাত্মীয়লৈ এককালীন সাহায্য হিচাপে আগবঢ়োৱা ৪ লাখকৈ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে । পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ ডা: ৰাজদীপ ৰয়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী, বিধায়ক কৌশিক ৰায়, উপায়ুক্ত কীৰ্তি জাল্লীৰ লগতে চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

You might also like