নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অমিক্রনৰ ভয়াৱহতা থাকিলেও অসমত নহয় লকডাউনঃ মুখ্যমন্ত্রী

নিয়মীয়া বাৰ্তা ৬ জানুৱাৰীঃ ক’ভিডৰ নতুন ভেৰিয়েণ্ট অমিক্রন অসমত প্রৱেশ কৰাৰ লগতে ৰাজ্যখনত ক’ভিডৰ তৃতীয় ঢ়ৌ অহাৰ পথত৷ ইয়াৰ পৰিপ্রেক্ষিতত কাইলৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বাস্থ্য বিভাগৰ সৈতে এখন জৰুৰী বৈঠকত মিলিত হৈ পৰৱর্তী সময়ৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিব৷ আজি দুলীয়াজানত মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত এই বিষয়ে সদৰী কৰি কয় যে অমিক্রনৰ ভয়াৱহতা থাকিলেও অসমত লকডাউন দিয়াৰ সম্ভাৱনা নাই৷ যোৱাবাৰ দ্বিতীয় ঢ়ৌৰ সময়তো লকডাউন দিয়া হোৱা নাছিল৷ লকডাউন বা জীৱিকাৰ ওপৰত অসুবিধা নোহোৱাকৈ আগবাঢ়িব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রয়োজনত কেতবোৰ ক্ষেত্রত পৰিস্থিতি সাপেক্ষে কঠোৰ বাধা–নিষেধ বলৱৎ কৰিব পাৰে চৰকাৰে৷ অমিক্রনে দুটাকৈ প্রতিষেধক লোৱাসকলৰ বাবে সমস্যাৰ সৃষ্টি নকৰিলেও শিশুসকলৰ বাবে সমস্যাৰ সৃষ্টি হ’ব পাৰে বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ই প্রধানকৈ শ্বাস–প্রশ্বাসত ব্যাঘাত জন্মায়৷ তাৰ বাবে আগতীয়াকৈ প্রতিৰোধ ব্যৱস্থা গঢ়ি তোলা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই আৰু কয় যে মাত্র এপালি প্রতিষেধকে অমিক্রনক ৰুধিব নোৱাৰে৷ সেয়ে ১৫ৰ পৰা ১৮ বছৰৰ কিশোৰৰ ক্ষেত্রত অহা ২০ দিনৰ ভিতৰত প্রথম পালি প্রতিষেধক প্রদান শেষ কৰাৰ সিদ্ধান্ত গ্রহণ কৰা হৈছে৷

দ্বিতীয় পালি প্রতিষেধক ক’ভাক্সিন ২৮ দিনৰ ভিতৰত দিয়া হ’ব৷ অমিক্রনৰ সংক্রমণ যিহেতু খুব সোনকালে বিয়পে, সেয়ে ৰাজ্যখনত তৃতীয় ঢ়ৌ অহাৰ পূর্বে সকলোৱে যাতে দ্বিতীয় পালি প্রতিষেধক ল’ব পাৰে, তাৰ বাবে চৰকাৰে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিছে৷ দ্বিতীয় পালি প্রতিষেধক লোৱাসকলৰ ক্ষেত্রত হাস্পতালাইজেচনৰ ৰেকর্ড কম৷ অৱশ্যে অমিক্রনৰ ভয়াৱহতা থাকিলেও ই পূর্বৰ ক’ভিডৰ দুটা ঢ়ৌৰ দৰে শক্তিশালী নহয়৷ অমিক্রনৰ সংক্রমণৰ ফলত ব্যক্তিৰ মৃত্যুৰ হাৰ পূর্বতকৈ কম হ’ব৷ তদুপৰি ক’ভিডৰ দ্বিতীয় ঢ়ৌত যিমান অক্সিজেনৰ প্রয়োজন হৈছিল, এইবাৰ অক্সিজেনৰ প্রয়োজন কম হ’ব৷ শেহতীয়াকৈ দিল্লী–মুম্বাইত যিমান ৰোগী বৃদ্ধি পাইছে, সেই অনুপাতে অক্সিজেনৰ প্রয়োজন বৃদ্ধি পোৱা নাই৷ যোৱাবাৰ ৰাজ্যখনত ক’ভিডৰ সংক্রমণ ৬ হাজাৰলৈকে বৃদ্ধি পাইছিল৷ এইবাৰ তৃতীয় ঢ়ৌৰ সংক্রমণ ১০ হাজাৰ স্পর্শ কৰাৰ শংকা ব্যক্ত কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কেইদিনমান আগলৈকে অসমত দৈনিক ক’ভিডৰ সংক্রমণ ১২০টা আছিল৷ শেহতীয়াকৈ এই সংক্রমণ ৪৫০লৈ বৃদ্ধি পাইছে৷

আনহাতে, ক’ভিডৰ তৃতীয় ঢ়ৌৰ বাবে অহা ফেব্রুৱাৰী মাহত হ’বলগীয়া পৌৰ নির্বাচন মার্চ মাহলৈ পিছুৱাব পাৰে বুলিও মুখ্যমন্ত্রী ড০ শর্মাই সম্ভাৱনা ব্যক্ত কৰে৷ ইপিনে আজি পুৱাৰ ভাগত মুখ্যমন্ত্রী ড০ শর্মাই দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰছ গোৱালাৰ নাওহলীয়াস্থিত বাসগৃহত উপস্থিত হৈ পুৱাৰ জলপান গ্রহণ কৰে৷ মংগলধ্বনিৰ মাজেৰে মুখ্যমন্ত্রীক দলীয় কর্মীসকলে আদৰণি জনোৱাৰ লগতে বিধায়ক গোৱালাই পৰিয়ালসহ উষ্ম সম্বর্ধনা জ্ঞাপন কৰে৷ সেইদৰে বিজেপিৰ দুলীয়াজান মণ্ডল, টেঙাখাত মণ্ডল, জিলা পৰিষদ, পঞ্চায়তৰ সভাপতি, আঞ্চলিক পৰিষদ, জিলা মহিলা মর্চা, মণ্ডল যুৱ মর্চা, এছ টি মর্চা, কিষাণ মর্চা, অ’ বি চি মর্চা, চাহ জনগোষ্ঠী মর্চা, এছ চি মর্চা, ভাৰতীয় মজদুৰ সংঘ, মৃণালজ্যোতি পূর্ণবাস কেন্দ্র, সদৌ অসম নিয়মীয়া শিক্ষক সন্থা, তিনিচুকীয়া চেম্বাৰ অৱ কমার্চ, জীৱিকা সখী, আশাকর্মী, বেংক সখী সন্থা, নাওহলীয়া মাৰোৱাৰী যুৱ মঞ্চ, দুলীয়াজানৰ বুথ কমিটীকে ধৰি ৫০টাৰো অধিক সংস্থা, সংগঠন তথা ব্যক্তিয়ে মুখ্যমন্ত্রী ড০ শর্মাক উষ্ম সম্বর্ধনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্রীৰ সৈতে কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, অসম চৰকাৰৰ মন্ত্রী সঞ্জয় কিষাণ, বিমল বৰা, ডিব্রুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্র গগৈ, নামৰূপ এ পি এলৰ চেয়াৰমেন বিকুল ডেকা, বিজেপিৰ ৰাজ্যিক কার্যনির্বাহক সদস্য অৰুণজ্যোতি মৰাণ আদি উপস্থিত থাকে৷
অসম গেছ কোম্পানীৰ অনলাইন প’র্টেল মাতৃদীপ শুভাৰম্ভ কৰিলে মুখ্যমন্ত্রীয়ে
অহা দুবছৰৰ ভিতৰত অসম চৰকাৰৰ সকলো সেৱা ডিজিটেল প্লেটফর্মত উপলব্ধ হ’ব৷ অসম চৰকাৰৰ লাভজনক প্রতিষ্ঠান অসম গেছ কোম্পানী লিমিটেডে মুকলি কৰা অনলাইন প’র্টেল মাতৃদীপ শুভ উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি এই কথা প্রকাশ কৰে৷ অচিৰেই অসম সচিবালয়ৰ ফাইল ই–ফাইলৰ মাজেৰে সম্পন্ন হ’ব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰে৷ প’র্টেলতো আনুষ্ঠানিকভাৱে উদ্বোধন কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসম গেছ কোম্পানীয়ে প্রাকৃতিক গেছ ব্যৱসায় সম্প্রসাৰণৰ দিশত বহুখিনি অগ্রসৰ হৈছে৷ এইক্ষেত্রত অসম চৰকাৰেও গেছ কোম্পানীক সহযোগিতা আগবঢ়াই আহিছে৷ এইবাৰ গ্রাহকলৈ গেছ কোম্পানীয়ে আগবঢ়োৱা ডিজিটেল সেৱাৰ জৰিয়তে গ্রাহকসকল যথেষ্ট উপকৃত হ’ব৷ অসম গেছ কোম্পানীৰ মুখ্য কার্যালয় সভাকক্ষত মুখ্যমন্ত্রী ড০ শর্মাই ৰিম’টৰ বুটাম টিপি এই প’র্টেলটোৰ শুভাৰম্ভ কৰে৷

You might also like