নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবাৰ-দুবাৰ নহয়, মুঠ পাঁচবাৰকৈ এখন স্কুলত চোৰৰ চাফাই অভিযান

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ৰাজ্যখনক অপৰাধমুক্ত কৰিবলৈ আৰক্ষীক প্ৰতিমুহূৰ্ততে কঠোৰ নিৰ্দেশনা দি আহিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ কিন্তু তাৰ পিচতো কেৰেপ কৰা নাই একাংশ অপৰাধীয়ে ৷ ৰাজ্যত প্ৰতিদিনেই চোৰ, ডকাইতি, হত্যা, ধৰ্ষণে বাতৰিৰ শিৰোনাম দখল কৰি আহিছে৷ ইয়াৰ মাজতে নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত চোৰৰ উপদ্ৰৱে ৰাইজৰ টোপনি হৰিছে ৷ বিগত কেইবা মাহৰ পৰা চোৰৰ উপদ্ৰৱত অতিষ্ঠ তথা আতংকিত হৈ পৰিছে জিলাখনৰ সাধাৰণ ৰাইজ৷ বিভিন্ন লোকৰ ঘৰ,হাট-বজাৰেই হওক বা মঠ-মন্দিৰ অথবা অংগনৱাড়ী কেন্দ্ৰ আৰু বিদ্যালয় মুঠতে সকলোতে বৰ্তমান নিশা হ’লেই চোৰে আৰম্ভ কৰে লুট-পাত ৷ চোৰৰ চাফাই অভিযানৰ পৰা হাত সাৰি যোৱা নাই বিদ্যালয়ো৷ উল্লেখ্য যে, নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত বালিত এতিয়া চোৰৰ লক্ষ্য হৈছে এখন চৰকাৰী বিদ্যালয় ৷বালি গাঁওত অৱস্থিত বালি বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত এবাৰ দুবাৰ নহয় মুঠ পাঁচবাৰকৈ চোৰে চলালে লুট-পাত ৷ বিগত সময়ত  চোৰে বিদ্যালয়খনত  চুৰিকাণ্ড সংঘটিত কৰি দমকলৰ পৰা পানী উঠাবলৈ ব্যৱহাৰ কৰা বৈদ্যুতিক মটৰ,চিলিং ফেনকে ধৰি বিভিন্ন সামগ্ৰী চুৰি কৰি লৈ গৈছিল৷ কালি অৰ্থাৎ কাতি বিহুৰ দিনা নিশাও শিক্ষানুষ্ঠানখনত চোৰে চলালে চাফাই অভিযান৷কালি নিশা বিদ্যালয়খনৰ দৰ্জাৰ তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি চোৰে চাফাই অভিযান চলাই৷চোৰে চাফাই অভিযানৰ কালত বিদ্যালয়খনৰ ১০টা টাইপ ৰাইটাৰ আৰু বিদ্যালয়ত মাহেকীয়া ঋতুস্ৰাৱ হোৱা ছাত্ৰী আৰু শিক্ষয়িত্ৰীসকলৰ সুবিধাৰ বাবে স্থাপন কৰা চেনিটেৰী পেড ভাণ্ডাৰ মেচিন এটা চুৰি কৰি লৈ যায়৷আজি পুৱা বিদ্যালয় খোলাৰ পিছত সকলো ঘটনা পোহৰলৈ আহে আৰু চাঞ্চল্যৰ সৃষ্টি হয়। পিছত বিদ্যালয়খনৰ অধ্যক্ষ অক্ষয় তালুকদাৰে টিহু থানাত এজাহাৰ দিয়াত আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে তদন্ত অব্যাহত ৰাখিছে৷ এইদৰে বাৰে বাৰে বিদ্যালয়খনত চুৰি হোৱাৰ বাবে এতিয়া উপায়বিহীন হৈ পৰিছে শিক্ষক-শিক্ষয়িত্ৰী তথা বিদ্যালয় কৰ্তৃপক্ষ ৷বিগত সময়ত সংঘটিত চুৰিকাণ্ড সংক্ৰান্তত বিদ্যালয় কৰ্তৃপক্ষই থানাত এজাহাৰ দাখিল কৰি আহিছিল যদিও এই সন্দৰ্ভত কোনো সমাধান লাভ কৰা নাই ৷ আনকি চোৰৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ পোৱা নাই বিদ্যালয় কৰ্তৃপক্ষ৷ আনফালে অঞ্চলটোত আৰক্ষীৰ নিয়মীয়া টহল ব্যৱস্থা ত্ৰুটিপূৰ্ণ হোৱাৰ অচিলা লৈ চোৰে নিৰ্বিঘ্নে চুৰিকাণ্ড সংঘটিত কৰি আহিছে বুলি অঞ্চলবাসীয়ে উল্লেখ কৰি শীঘ্ৰে চোৰক কৰায়ত্ব কৰি দৃষ্টান্তমূলক শাস্তি বিহিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায়৷
প্ৰেৰক শৈলেন বৰ্মন
You might also like