নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰিপুণ বৰাক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতাৰ পৰা বাৰণ

প্রদেশ কংগ্রেছৰ সভাপতিৰ ক্ষমতা কর্তন এআইচিচিৰ

নিয়মীয়া বাৰ্তা ২৩ জানুৱাৰীঃ কার্যতঃ ক্ষমতা কর্তন হ’ব অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাৰ৷ লবীকেন্দ্রিক ৰাজনীতিৰে অসম কংগ্রেছত বহু লবীৰ সৃষ্টি কৰা ৰিপুণ বৰাৰ ওপৰত খর্গহস্ত হৈ পৰিছে দলৰ হাইকমাণ্ড৷ নিখিল ভাৰত কংগ্রেছ কমিটী, চমুকৈ এআইচিচিয়ে প্রদেশ কংগ্রেছৰ সভাপতিজনৰ ক্ষমতা সীমিত কৰাৰ উদ্দেশ্যে গ্রহণ কৰিছে বহুকেইটা সিদ্ধান্ত৷ প্রদেশ কংগ্রেছৰ এক শীর্ষ সূত্রই সদৰী কৰা অনুসৰি আগন্তুক বিধানসভা নির্বাচনত ৰিপুণ বৰাই কোনো সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব নোৱাৰিব৷ তাৰ বিপৰীতে তেওঁ ৰাজ্যজুৰি চলাব লাগিব নির্বাচনী প্রচাৰ অভিযান৷ কিন্তু এইক্ষেত্রতো সীমিত কৰা হ’ব ৰিপুণ বৰাৰ ক্ষমতা৷ এইবাবে এআইচিচিয়ে নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ ৰূপে দায়িত্ব অর্পণ কৰিব নগাঁৱৰ সাংসদ তথা প্রাক্তন মন্ত্রী প্রদ্যুৎ বৰদলৈক৷ সাংসদ বৰদলৈক স্ক্রীনিং কমিটীৰো মুৰব্বীৰ দায়িত্ব দিয়া হ’ব বুলি প্রদেশ কংগ্রেছৰ সূত্রটোত প্রকাশ৷

উল্লেখ্য যে প্রদ্যুৎ বৰদলৈৰ পৰিকল্পনা অনুসৰিয়ে আগন্তুক বিধানসভা নির্বাচনত চলিব কংগ্রেছৰ প্রচাৰ অভিযান৷ একেদৰে দলৰ প্রার্থিত্বৰ ক্ষেত্রত প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাৰ ক্ষমতা সীমিত কৰা হ’ব বুলি জানিব পৰা গৈছে৷ আগন্তুক বিধানসভা নির্বাচনত এআইচিচিয়ে অসমত মুখ্যমন্ত্রী ৰূপে কাকো প্রক্ষেপ নকৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ইতিমধ্যে এআইচিচিয়ে ৰিপুণ বৰাক নির্বাচনী মুখ হিচাপে প্রক্ষেপ কৰিলে আশানুৰূপ ফলাফল লাভ নকৰে বুলি গোপন প্রতিবেদন লাভ কৰাৰ পাছতেই এই সিদ্ধান্ত লোৱা বুলি প্রকাশ৷ শেহতীয়াকৈ কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতাৰ ক্ষেত্রতো এআইচিচিয়ে প্রদেশ কংগ্রেছৰ সভাপতিজনক একাষৰীয়া কৰি ৰাখি চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰিছিল৷ আনকি অসমৰ পর্যবেক্ষক এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিঙৰ উপৰি তিনিজনকৈ বিশেষ পর্যবেক্ষক প্রেৰণ কৰিছিল ৰাজ্যখনলৈ৷ এআইচিচিৰ এই চাৰিওজন নেতা তথা পর্যবেক্ষকৰ উপস্থিতিতে কংগ্রেছৰ মহাজোঁট গঠনৰ প্রক্রিয়াটোত ছীল–মোহৰ মৰা হয়৷ এইক্ষেত্রত অন্ধকাৰত থকা ৰিপুণ বৰাৰ বাবে সমগ্র প্রক্রিয়াটো আশ্চর্যজনক হৈ পৰা পৰিলক্ষিত হৈছিল৷ এআইচিচিয়ে শেহতীয়াকৈ ৰিপুণ বৰাৰ সমান্তৰালভাৱে সাংসদ প্রদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক আগন্তুক বিধানসভা নির্বাচনত গুৰুত্বপূর্ণ দায়িত্ব অর্পণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ এনে পৰিপ্রেক্ষিতত এআইচিচিয়ে ৰিপুণ বৰাৰ ক্ষমতা কর্তনৰ সিদ্ধান্ত গ্রহণৰ পাছত ৰাজ্যখনৰ কংগ্রেছৰ ৰাজনীতিয়ে নতুন ৰূপ ল’ব বুলি অনুমান কৰা হৈছে৷

You might also like