নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাজনীতি নহয়, এইবাৰ গায়কৰ ৰূপত ভৱেশ কলিতা

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰী : ৰঙিয়াত এইবাৰ গায়কৰ ৰূপত ৰাজ্যিক বিজেপিৰ সভাপতি তথা বিধায়ক ভৱেশ কলিতা। কামৰূপীয়া লোকগীতকে ধৰি ভক্তিমূলক গীত পৰিৱেশন কৰে বিধায়ক কলিতাই । ৰঙিয়া সমষ্টিৰ হাঁহাৰা-লেছাকোণাৰ বামুণতোলা চুবুৰিত মাঘী পূৰ্ণিমা উপলক্ষে আয়োজিত অনুষ্ঠানত গীত গায় বিধায়কগৰাকীয়ে । ৰাইজৰ বিশেষ অনুৰোধৰ প্ৰতি সন্মান জনাই ভক্তিমূলক গীত পৰিৱেশন কৰে ৰাজ্যিক বিজেপিৰ সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই । বিধায়কগৰাকীৰ গীত শুনি আপ্লুত হয় স্থানীয় ৰাইজ।

প্ৰেৰক ফাৰুক হুছেইন

You might also like