নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ ইন্ধনজাত সামগ্রীৰ মূল্যবৃদ্ধিৰ সুযোগ লৈ শেহতীয়াকৈ নির্মাণ সামগ্রীৰ মূল্যবৃদ্ধিত নামি পৰিছে কেইবাটাও চিমেণ্ট আৰু ৰড কোম্পানী৷ বিগত সময়ছোৱাত চিমেণ্ট আৰু ৰডৰ ঊর্ধ্বমুখী দামে গৃহ নির্মাণৰ ক্ষেত্রত চৰমভাৱে ক্ষতিগ্রস্ত কৰিছে সাধাৰণ ৰাইজক৷ এনে সময়তে আজি মুখ্যমন্ত্রীৰ নির্দেশতে চিমেণ্ট আৰু ৰড কোম্পানীসমূহক মূল্যবৃদ্ধি নকৰিবলৈ কঠোৰভাৱে সতর্ক কৰি দিলে উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ নির্মাণ সামগ্রীৰ হঠাৎ মূল্যবৃদ্ধিৰ বিষয়টোক লৈ সৃষ্টি হৈ থকা প্রতিক্রিয়াৰ মাজতে শেহতীয়াকৈ মুখ্যমন্ত্রীয়ে নির্মাণকার্যৰ সামগ্রীৰ মূল্যবৃদ্ধিৰ বিষয়টো তদাৰক কৰিবলৈ উদ্যোগমন্ত্রী চন্দ্রমোহন পাটোৱাৰীক নির্দেশ দিছিল৷
সেইমর্মে সোমবাৰে দিছপুৰত চিমেণ্ট আৰু ৰড কোম্পানীসমূহৰ সৈতে উদ্যোগমন্ত্রীৰ এক গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়৷ জনতা ভৱনত অনুষ্ঠিত এই বৈঠকত উপস্থিত থাকে টপচেম চিমেণ্ট, ষ্টাৰ চিমেণ্ট, ডালমিয়া চিমেণ্টৰ লগতে কে ডি আইৰন এণ্ড ষ্টীল, মা দুর্গা ষ্টীল আদিকে ধৰি কেইবাটাও কোম্পানী৷ এই বৈঠকতে চিমেণ্ট আৰু ৰডৰ মূল্যবৃদ্ধিৰ প্রসংগ উত্থাপন কৰি উদ্যোগমন্ত্রী পাটোৱাৰীয়ে স্পষ্ট কৰি দিয়ে যে কোম্পানীসমূহক ৰাজ্য চৰকাৰে পৰিবহণৰ ক্ষেত্রত ৰাজসাহায্য প্রদানৰ লগতে যথেষ্ট সুলভ মূল্যত কয়লা আৰু আন ইন্ধনজাত সামগ্রী যোগান ধৰিছে৷ এনে অৱস্থাত চিমেণ্ট আৰু ৰডৰ মূল্যবৃদ্ধি কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ বৈঠকত আন্তঃৰাষ্ট্রীয় বজাৰত কেঁচা সামগ্রীৰ মূল্যবৃদ্ধিৰ বাবে ৰডৰ দাম বৃদ্ধি হোৱাৰ বিষয়টো কোম্পানীকেইটাই উত্থাপন কৰে যদিও মন্ত্রীগৰাকীয়ে আন্তঃৰাষ্ট্রীয় বজাৰত কেঁচা সামগ্রীৰ দাম ঊর্ধ্বমুখী হোৱা নাই বুলি স্পষ্ট কৰি দিয়াৰ লগতে ধীৰ গতিৰেহে বিগত সময়ছোৱাত সামান্য পৰিমাণৰ দাম ঊর্ধ্ব হৈছে বুলি আঙুলিয়াই দিয়ে৷ এইক্ষেত্রত পাটোৱাৰীয়ে ইয়াকো স্পষ্ট কৰে যে চুবুৰীয়া ৰাজ্য মেঘালয় আৰু পশ্চিমবংগত যথেষ্ট কম দামত চিমেণ্ট আৰু ৰড যোগান ধৰি আছে৷
সেয়েহে এই দুখন ৰাজ্যৰ তুলনাত অসমত ৰড আৰু চিমেণ্টৰ দাম বৃদ্ধি হোৱাটো গ্রহণযোগ্য হ’ব নোৱাৰে৷ এই বৈঠকতে মন্ত্রীগৰাকীয়ে কোনো কাৰণতে অতিৰিক্তভাৱে সামগ্রী কঢ়িওৱাটো সহ্য কৰা নহ’ব বুলি উল্লেখ কৰি এইক্ষেত্রত পৰিবহণ বিভাগে কঠোৰভাৱে বিষয়টো গ্রহণ কৰিব বুলিও কোম্পানীসমূহক সতর্ক কৰি দিয়ে৷ মন্ত্রী পাটোৱাৰীয়ে কোম্পানীসমূহক গুদামত থকা সামগ্রীৰ সকলো তথ্য বিভাগক জনাবলৈ আজি নির্দেশ দিয়ে৷ আজিৰ বৈঠকত উদ্যোগ আৰু বাণিজ্য বিভাগৰ প্রধান সচিব কে কে দ্বিবেদী, সচিব মানৱেন্দ্র প্রতাপ সিঙকে ধৰি কেইবাজনো শীর্ষ বিষয়া উপস্থিত থাকে৷