৩ জানুৱাৰীৰ মাজনিশা ৰুণীখাটাৰ অ’চিয়ে পলাই যাবলৈ দিছিল বাথাক
‘প্রথমবাৰ আত্মসমর্পণৰ পিছত উচ্চপদস্থ বিষয়াই কুকুৰৰ দৰে ব্যৱহাৰ কৰিছিল আমাক’– বাথাঃ আত্মসমর্পণ নহয়, যুদ্ধবিৰতি কৰাৰহে দাবী
নিয়মীয়া বাৰ্তা ২৪ জুলাইঃ এন ডি এফ বিৰ চাৰিওটা ফৈদৰ সৈতে আত্মসমর্পণ কৰাৰ পাছত পুনৰ বিদ্রোহৰ পথ বাছি লোৱা নেচনেল লিবাৰেচন ফ্রণ্ট অৱ বড়োলেণ্ডৰ (এন এল এফ বি) মুৰব্বী এম বাথাই অসম আৰক্ষীৰ বিৰুদ্ধে আনিছে কেতবোৰ বিস্ফোৰক অভিযোগ৷ আত্মসমর্পণৰ পাছত অসম আৰক্ষীৰ একাংশ উচ্চপদস্থ বিষয়াৰ দুর্ব্যৱহাৰৰ বাবে পুনৰ উগ্রপন্থীৰ পন্থা গ্রহণ কৰিছিল বুলি শুকুৰবাৰে প্রকাশ কৰিছে বাথাই৷ গুৱাহাটীস্থিত অসম প্রশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সৌজন্যমূলক সাক্ষাৎ কৰাৰ পূর্বে সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰি এন এল এফ বিৰ মুখ্য সেনাধ্যক্ষজনে কয় যে যোৱা তিনি জানুৱাৰীৰ মাজনিশা ঘৰৰ পৰা পলায়ন কৰিবলৈ তেওঁক নির্দেশ দিছিল ৰুণীখাটা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াই৷ এই প্রসংগত তেওঁ কয়– ‘আত্মসমর্পণৰ পাছত মোক বাৰে বাৰে আৰক্ষীয়ে আমনি কৰিছিল৷ নিশা ১২/১ বজাতো কেতিয়াবা মোক মাতি নিছিল৷ যোৱা তিনি জানুৱাৰীৰ মাজনিশা মোৰ ঘৰলৈ গৈ মোক ৰুণীখাটা আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াজনে মোক পলাবলৈ দিছিল৷’
একে সময়তে এন ডি এফ বিৰ সৈতে আত্মসমর্পণৰ পাছত তেওঁক অত্যন্ত বেয়া ব্যৱহাৰ কৰা হৈছিল বুলি উল্লেখ কৰি তেওঁ কয়– ‘মই আত্মসমর্পণ কৰাৰ পাছত মোক মাহত তিনি–চাৰিবাৰ মাতি লৈ গৈ কুকুৰৰ দৰে ব্যৱহাৰ কৰা হৈছিল৷ চাৰাইগৌড়া আৰু মোক মাতি নি ৰাকেশ ৰৌচন আৰু আই জি পি আগৰৱালাই বেয়া ব্যৱহাৰ কৰিছিল৷ এয়া ভাল হোৱা নাছিল৷ তদুপৰি ৰঞ্জন দৈমাৰীও জে’লৰ পৰা ওলাই অহা নাছিল৷ যাৰ বাবে মই পুনৰ জংঘললৈ যাবলৈ সিদ্ধান্ত লৈছিলোঁ৷’ উল্লেখ্য যে সম্প্রতি নৱগঠিত এন এল এফ বিত মুঠ ২০০ সদস্য আছে বুলি উল্লেখ কৰি বাথাই ম্যানমাৰ আৰু নাগালেণ্ড সীমান্তৱর্তী ঘন জংঘলত আত্মগোপন কৰি আছিল বুলিও প্রকাশ কৰিছে৷ অৱশ্যে কালি মূলসুঁতিলৈ উভতি অহা বাথাই আত্মসমর্পণৰ বিপৰীতে এয়া যুদ্ধবিৰতি বুলিহে উল্লেখ কৰি তেওঁ কয়– ‘আমি আত্মসমর্পণ কৰা নাই, যুদ্ধবিৰতিহে ঘোষণা কৰিছোঁ৷
বি টি আৰ চুক্তি এতিয়াও ৰূপায়ণ হ’বলৈ বাকী আছে৷ ৰঞ্জন দৈমাৰীক জে’লৰ পৰা মুকলি কৰি দিব লাগে৷ বি টি আৰ চুক্তি ৰূপায়ণ কৰাৰ লগতে এন ডি এফ বি আৰু এন এল এফ বি সদস্যসকলৰ ওপৰত থকা গোচৰ প্রত্যাহাৰ কৰিব লাগে৷ মই নাগালেণ্ড–ম্যানমাৰ সীমান্তৱর্তী অঞ্চলত প্রায় ২০জন কেডাৰেৰে আত্মসমর্পণ কৰি আছিলোঁ৷ আমি থকা স্থানত অসম আৰক্ষীয়ে অভিযান চলাব পৰা নাছিল৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বি টি আৰপ্রধান প্রমোদ বড়ো আৰু এডিজিপি জিপি সিঙে আমাৰ ওচৰলৈ মধ্যস্থতাকাৰী পঠিয়াইছিল৷ এনেদৰেই শান্তি আলোচনা আৰম্ভ হ’ল৷ মুখ্যমন্ত্রীৰ কথা আমি মানি লৈছোঁ৷ তেওঁৰ কথা মানিয়েই আমি শান্তিৰ পথ লৈছোঁ৷ ইতিমধ্যে আমাক দুটা ডেজিগনেটেড কেম্প দিয়া হৈছে৷’ উল্লেখ্য যে কালি মাজবাটত মুঠ ২২জন কেডাৰসহ অস্ত্র সম্বৰণ কৰিছিল এম বাথাই৷ ইয়াৰ পাছতে তেওঁলোকক গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম আৰক্ষীৰ বিশেষ শাখালৈ লৈ অহা হৈছিল৷