বাৰ্তা বুৰো, ১০ আগষ্টঃ বিগত কেইবামাহ ধৰি গুৱাহাটী মহানগৰীকে ধৰি মৰিগাঁও, নগাঁও, দবকা আদি অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰি অহা ছাইবাৰ অপৰাধী তথা এটিএম প্ৰবঞ্চক চক্ৰৰ অন্যতম মাষ্টাৰ মাইণ্ড হানিফুৰ, চাইডোল আৰু দেৱান সামছুদ্দিন অৱশেষত মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত কালি নেলী আৰক্ষী থানাৰ যুটীয়া অভিযানত গ্ৰেপ্তাৰ হৈ। উল্লেখ্য এই তিনি কুখ্যাত অপৰাধীক গ্ৰপ্তাৰ কৰাৰ সময়ত এক শ্বাস ৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয়। অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই আজি এক সংবাদ মেলত কৈ যে এই তিনিটা অপৰাধী অতি চতুৰ আৰু এটি এম কাৰ্ড সলনি কৰাত সিদ্ধহস্ত আছিল।ৰাজ্যৰ ভিন্ন থানাত ১৭টাকৈ গোচৰ পঞ্জীভূক্ত হৈ থকা এই গেং টোৱে মৰিগাঁও ৰ যোৱা দুটা মাহত ৩গৰাকী বৃদ্ধ লোকক সহায় কৰাৰ ছলেৰে এটিএমত ধন উলিওৱাৰ সময়ত তেওঁলোকৰ এটিএম সলনি কৰি জেষ্ঠ নাগৰিককেইজনৰ কস্তুপাৰ্জিত ধন লুণ্ঠন কৰিছিল। বিভিন্ন সময়ত দেখা যায় জেষ্ঠ নাগৰিক সকলে এটিএমত ধন উলিয়াবলৈ আহি বিবুদ্ধিত পৰে। তেনে সময়তে সহায়কাৰীৰ ৰূপত অৱতীৰ্ণ হৈ এইকেইটা অপৰাধী বিলাশী গাড়ী ত ঘোঁৰা ফুৰা কৰা এই কেইটাই ব্যক্তিজনক বিভিন্ন কথাত ব্যস্ত ৰাখি হঠাৎ সলনি কৰি পেলাই এটিএম কাৰ্ড খন। তাৰ পূৰ্বে ব্যক্তিজনৰ এটিএম নম্বৰটো চাই লয়। অৱশ্যে কালি এই অপৰাধী কেইটাৰ দিন বেয়া আছিল। মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখা আৰু নেলী আৰক্ষীয়ে কালি নিশা নেলীত নাকা চেকিঙত ৰখাবলৈ চেষ্টা কৰাৰ সময়ত আৰক্ষীক খুন্দিয়াই পলাবলৈ চেষ্টা কৰাৰ সময়ত দুৰ্ঘটনা ত পতিত হয় এই গেংটো। তাৰ পিছত আজি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ গুৱাহাটী, মৰিগাঁও, নগাঁও, ডবকাত ১৭টৈকৈ গোচৰ ৰুজু হৈ থকা এই অপৰাধী কেইটা। আনহাতে মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ নেতৃত্বত শেহতীয়াকৈ মৰিগাঁও জিলাত ছাইবাৰ অপৰাধৰ বিৰুদ্ধে কেইবাটাও বৃহৎ সফল অভিযান চলিছে যাৰ বাবে সচেতন ৰাইজে আৰক্ষীৰ শলাগ লৈছে।
প্ৰেৰক প্ৰাঞ্জল দাস