নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰূপহীহাটত এনকাউণ্টাৰত আহত কুখ্যাত অপৰাধী ফাৰুক

নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ ৰূপহীহাটত যোৱানিশা সংগঠিত হয় এনকাউন্টাৰৰ ঘটনা৷ যোৱানিশা ৰূপহীহাট আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধী ওমৰ ফাৰুকক৷ ৰূপহীহাটৰ উত্তৰ খাটোৱালৰ পৰা গ্ৰেপ্তাৰ কৰিছিল কুখ্যাত অপৰাধীটোক৷ ওমৰ ফাৰুকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলেও উদ্ধাৰ কৰিব পৰা নাছিল অবৈধ মাৰণাস্ত্ৰ৷ যাৰ বাবে কলিয়াবৰ মহকুমা আৰক্ষী আৰু ৰূপহীহাট আৰক্ষীয়ে যৌথভাবে ওমৰ ফাৰুকৰ স্বীকাৰোক্তিৰ ভিত্তিত মাৰণাস্ত্ৰ লুকাই ৰখা ঠাইত যায়৷ ওমৰ ফাৰুকে লুকাই ৰখা পিষ্টল লৈ হেণ্ডকাফ ধৰি ৰখা আৰক্ষীক প্ৰহাৰ কৰি আৰক্ষীক গুলী কৰি পলাই যাব বিচাৰিছিল৷ পিছতে আৰক্ষীয়ে ওমৰ ফাৰুকক দুভৰিত গুলি কৰিবলৈ বাধ্য হয়৷ আৰক্ষীৰ গুলিত গুৰুতৰভাবে আহত হয় ওমৰ ফাৰুক৷ আহত ওমৰ ফাৰুকক প্ৰথমে নগাঁও মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰিছে ৷ ওমৰ ফাৰুক বিভিন্ন অপৰাধজনিত ঘটনাৰ সৈতে জড়িত আছিল৷ ওমৰ ফাৰুক ৰাইজ আৰু আৰক্ষীৰ বাবে মূৰৰ কমোৰণি আছিল ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like