নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ নেচনেল পেন্সন স্কীমত (এন পি এছ) ৰাজ্য চৰকাৰৰ অংশ ১৫ শতাংশলৈ বৃদ্ধি পাইছে৷ পূর্বতে এজন চৰকাৰী কর্মচাৰীয়ে মাহেকৰ দৰমহাৰ ১০ শতাংশ এন পি এছত জমা ৰখাৰ বিপৰীতে ৰাজ্য চৰকাৰে জমা দিব লাগিছিল ১০ শতাংশ৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে ৰাজ্য চৰকাৰৰ সেই অংশৰ পৰিমাণ ১৫ শতাংশলৈ বৃদ্ধি কৰিছে৷ আজি সদনত এই কথা প্রকাশ কৰে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সদনত মন্ত্রী ড০ শর্মাই কয় যে ২০০৪ চনৰ পৰা সমগ্র দেশত এন পি এছ প্রৱর্তন হয়৷ এয়া ৰাষ্ট্রীয় সিদ্ধান্ত৷ ইয়াত ৰাজ্য চৰকাৰৰ কৰিবলগীয়া একো নাই৷ ২০০৫ চনৰ পৰা ২০১০ চনলৈ ৰাজ্য চৰকাৰে এন পি এছ শিতানত কোনো প্রিমিয়াম জমা দিয়া নাছিল যদিও পৰৱর্তী পর্যায়ত সেই সকলো বকেয়া জমা দিয়া হৈছে৷ গ্রেছুইটীৰ ক্ষেত্রতো এটা নতুন কথা আহিছে৷ এতিয়াৰে পৰা এন পি এছৰ অধীনস্থ কর্মচাৰীয়েও এটা নির্দিষ্ট গ্রেছুইটী লাভ কৰিব৷ অসমত এন পি এছ যথেষ্ট কম লাভ কৰাৰ প্রসংগত তেওঁ কয় যে অসমক বাদ দি আন ৰাজ্যত চাকৰি লাভৰ ঊর্ধ্বসীমা ৩০ বছৰ বা তাৰ আশে–পাশে৷ ফলত সেইবোৰ ৰাজ্যৰ কর্মচাৰীয়ে ৩০ বছৰৰো অধিক কাল চাকৰি কৰিব পাৰে৷ ২০১৩ চনত প্রাদেশীকৃত শিক্ষকে অৱসৰৰ পাছত এন পি এছ অতি নগণ্য পৰিমাণে লাভ কৰাৰ লগে লগে শংকা অধিক ঘনীভূত হৈছে৷ কিন্তু তেওঁলোকে চাকৰি মাত্র ১–৩ বছৰ কৰিয়েই অৱসৰ লাভ কৰিলে৷ এতিয়াও যিসকল শিক্ষকৰ প্রাদেশিকীকৰণ হ’ব, তেওঁলোকেও কম পেন্সন লাভ কৰিব৷ ৩০ৰ পৰা ৩৫ বছৰ বয়সত বা ৪০ বছৰৰ ভিতৰত চাকৰিত যোগদান কৰাসকলে লাভ কৰা পেন্সনৰ পৰিমাণ বৃদ্ধি হ’ব বা আন কর্মচাৰীয়ে লাভ কৰা নিৰিখতে পেন্সন লাভ কৰিব৷ আন ৰাজ্যত প্রাদেশিকীকৰণৰ ব্যৱস্থা নাই বাবে তাত তেনে শংকাও নাই৷ উল্লেখ্য যে আজি সদনত ৩০১ নিয়মৰ অধীনত বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে এন পি এছ ব্যৱস্থাৰ ফলত অৱসৰৰ পাছত শিক্ষক–কর্মচাৰীসক্ যথেষ্ট দুর্ভোগৰ সন্মুখীন হোৱাৰ কথা উল্লেখ কৰি ১৯৬৯ চনৰ পেন্সন সেৱা বিধি অসমত প্রৱর্তন কৰাৰ দাবী জনায়৷ নামমাত্র ধনহে এন পি এছৰ অধীনত পেন্সন হিচাপে লাভ কৰাৰ পৰিপ্রেক্ষিতত বহু শিক্ষকে এতিয়া অৱসৰৰ পাছত শাক–পাচলি বিক্রী কৰি চলিবলগীয়া হৈছে বুলিও সদনৰ দৃষ্টিগোচৰ কৰে৷