নিয়মীয়া বাৰ্তা ৩১ আগষ্টঃ চূড়ান্ত ভেঁকো–ভাওনাত পৰিণত হ’ল ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এনআৰচি)৷ অসমত শুদ্ধ ৰূপত ৰাষ্ট্রীয় নাগৰিকপঞ্জীখন প্রকাশ পালে বিদেশী সমস্যাৰ চিৰদিনৰ বাবে সমাধান হোৱাৰ লগতে সেইখন জাতিৰ দলিলত পৰিণত হ’ব বুলি অসমবাসী ৰাইজে আন্তৰিকতাৰে ভাবি আহিছিল যদিও শেহতীয়া ঘটনা–পৰিঘটনাই ৰাইজৰ সেই আশাত চেঁচাপানী ঢ়ালিলে৷ যোৱা বছৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচিখন প্রকাশ পায়৷ কিন্তু আজি এটা বছৰে সেই এনআৰচিখন ওলমি থাকিল৷ ভাৰতৰ মহাপঞ্জীয়কে (আৰ জি আই) আজিপর্যন্ত সেই এনআৰচিখন গ্রহণ কৰা সম্পর্কত কোনো অধিসূচনা প্রকাশ কৰা নাই৷ ফলত চূড়ান্ত এনআৰচিৰ পৰা নাম বাদ পৰা ১৯,০৬,৬৫৭গৰাকী লোকৰ ভৱিষ্যৎ আজি এটা বছৰে চৰম অনিশ্চয়তাৰ আৱর্তত সোমাই পৰিছে৷ কেতিয়াকৈ সেইসকল লোকে নিজৰ নাগৰিকত্ব প্রমাণৰ বাবে বিদেশী ট্রিবিউনেলত আৱেদন জনাব পাৰিব, সেয়াও অনিশ্চয়তাৰ গর্ভত৷ কিয়নো আৰ জি আয়ে প্রকাশিত এনআৰচিখনক স্বীকৃতি নিদিয়াৰ পৰিপ্রেক্ষিতত সেইসকল লোক বিদেশী ট্রিবিউনেলৰ কাষ চাপিব পৰা নাই৷ উল্লেখ্য যে ২০০৫ চনত প্রধানমন্ত্রীৰ সৈতে আছুৰ হোৱা ত্রিপাক্ষিক বৈঠকত বিদেশী সমস্যাৰ স্থায়ী সমাধানৰ বাবে ৰাজ্যখনত এনআৰচি উন্নীতকৰণৰ সিদ্ধান্ত গ্রহণ কৰা হয়৷ পৰৱর্তী পর্যায়ত চৰকাৰে বৰপেটা আৰু ছয়গাঁৱত পাইলট প্রজেক্ট হিচাপে এনআৰচি উন্নীতকৰণৰ কাম হাতত লয়৷ কিন্তু ২০১০ চনত বৰপেটা কাণ্ড সংঘটিত হোৱাত সমগ্র প্রক্রিয়াটো অনিশ্চয়তাত সোমাই পৰে৷ পিছলৈ বিষয়টো উচ্চতম ন্যায়ালয়ৰ মজিয়া পায়৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি অসমত ২০১৩ চনৰ পৰা সমগ্র ৰাজ্যজুৰি এনআৰচি উন্নীতকৰণৰ কাম আৰম্ভ হয়৷ ১৯৭১ চনৰ ২৪ মার্চক ভিত্তিবর্ষ হিচাপে লৈ এনআৰচি উন্নীতকৰণৰ কাম সূচাৰুৰূপে সম্পন্ন কৰাৰ বাবে প্রতিটো দল–সংগঠনৰ সহমত সাপেক্ষে গাইডলাইন যুগুতাই ৰাজ্যিক সমন্বয়কৰ কার্যালয় স্থাপন কৰা হয়৷ ২০১৫ চনৰ মে’ মাহত এনআৰচিৰ বাবে আৱেদন গ্রহণৰ কাম আৰম্ভ হয় আৰু সেই বছৰৰে ৩১ আগষ্টত আবেদন গ্রহণ প্রক্রিয়া সম্পূর্ণ হয়৷ সেই অনুসৰি ৬৮,৩৭,৬৬০খন আবেদনৰ জৰিয়তে ৩,৩০,২৭,৬৬১গৰাকী লোকে এনআৰচিত নাম অন্তর্ভুক্তিৰ বাবে আবেদন কৰে৷ আবেদনকাৰীসকলৰ নথি–পত্রসমূহৰ বিভিন্ন ধৰণৰ পৰীক্ষা–নিৰীক্ষা, শুনানিৰ অন্তত ২০১৯ চনৰ ৩১ আগষ্টত প্রকাশিত চূড়ান্ত এনআৰচিত ৩,১১,২১,০০৪গৰাকী লোকৰ নাম সন্নিৱিষ্ট হয়৷ ইয়াৰ বিপৰীতে ১৯,০৬,৬৫৭গৰাকী লোকৰ নাম চূড়ান্ত এনআৰচিৰ পৰা বাদ পৰে৷ উচ্চতম ন্যায়ালয়ৰ নির্দেশ অনুসৰি এনআৰচিৰ পৰা নাম বাদ পৰা লোকসকলক এনআৰচি কর্তৃপক্ষই কি কাৰণত তেওঁলোকৰ নাম সন্নিৱিষ্ট নহ’ল, সেই সম্পর্কত স্পিকিং অর্ডাৰসহ ৰিজেক্চন শ্লিপ প্রদান কৰিব আৰু সেই ৰিজেক্চন শ্লিপ লাভ কৰাৰ ১২০ দিনৰ ভিতৰত তেওঁলোকে বিদেশী ট্রিবিউনেলত নাগৰিকত্ব প্রমাণৰ বাবে আবেদন কৰিব পাৰিব৷ ইয়াৰ বাবে ৰাজ্যখনত অতিৰিক্ত ২০০খন বিদেশী ট্রিবিউনেল স্থাপনৰ বাবেও ন্যায়ালয়ে নির্দেশ দিয়ে৷ ২০১৯ চনৰ মে’ মাহতেই উচ্চতম ন্যায়ালয়ে সেই বছৰৰে ১ ছেপ্ঢেম্বৰৰ পৰা সেই ট্রিবিউনেলসমূহ কার্যক্ষম কৰিব লাগিব বুলিও স্পষ্ট কৰি দিছিল৷ কিন্তু আজিলৈ সেই ট্রিবিউনেলসমূহো কার্যক্ষম হৈ নুঠিল৷ আনকি চূড়ান্ত এনআৰচি প্রকাশৰ এটা বছৰে নাগৰিকপঞ্জীখনৰ পৰা নাম বাদ পৰা কোনো এজন লোকেই আজিপর্যন্ত ৰিজেক্চন শ্লিপ লাভ নকৰিলে৷ বৰং চূড়ান্ত এনআৰচিখন প্রকাশৰ প্রাক্ক্ষণৰ পৰা ৰাজনৈতিক বিতর্কত সোমাই পৰে এনআৰচি উন্নীতকৰণৰ প্রক্রিয়া৷ শাসকদল বিজেপিৰ লগতে অগপ, আছু, আসাম পাব্লিক ৱর্কছ আদিয়ে এনআৰচিখনত লাখ লাখ বাংলাদেশীৰ নাম অন্তর্ভুক্ত হোৱা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে আৰু ন্যায়ালয়ত এই সম্পর্কত আবেদন জনায়৷ ৰাজ্য চৰকাৰৰ তৰফৰ পৰাও বাংলাদেশ সীমান্তৱর্তী জিলাসমূহৰ ২০ শতাংশ আৰু আন জিলাৰ ১০ শতাংশ লোকৰ পুনৰীক্ষণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰে৷ ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ে বান্ধি দিয়া নির্ধাৰিত সময় অনুসৰি ২০১৯ চনৰ ৩১ আগষ্টত চূড়ান্ত এনআৰচিখন প্রকাশ পায়৷ কিন্তু ৰাজ্য চৰকাৰৰ প্রচণ্ড বাধাৰ বাবেই হওক বা আন কোনো কাৰণতেই হওক, আৰজিআয়ে আজিপর্যন্ত এনআৰচিখন সম্পর্কত কোনো অধিসূচনা জাৰি নকৰাত কার্যতঃ পেলনীয়া কাগজত পৰিণত হ’ল জাতিৰ দলিলখন৷ এই সম্পর্কত আজি সংবাদ মাধ্যমৰ আগত ৰাজ্য চৰকাৰৰ হৈ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে অসম চৰকাৰে প্রকাশিত এনআৰচিৰ ক্ষেত্রত বাংলাদেশ সীমান্তৰ জিলাসমূহৰ ২০ শতাংশ আৰু আন জিলাৰ ১০ শতাংশ পুনৰীক্ষণৰ যি প্রসংগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত শপতনামা দাখিল কৰিছিল, সেই স্থিতিত এতিয়াও অসম চৰকাৰ অটল আছে৷ উচ্চতম ন্যায়ালয়েও চূড়ান্ত এনআৰচি প্রকাশৰ পূর্বে সম্পূর্ণ খচৰা এনআৰচিখনৰ ১০ শতাংশ পুনৰীক্ষণৰ নির্দেশ দিছিল যদিও তদানীন্তন মুখ্য সমন্বয়ক প্রতীক হাজেলাই সেই কাম নিষ্ঠাসহকাৰে নকৰিলে৷ তদুপৰি আৰজিআয়ে যিহেতু এতিয়ালৈ এনআৰচিখন সম্পর্কত অধিসূচনা জাৰি কৰা নাই, সেয়ে এই মুহূর্তত নাম বাদ পৰা লোকসকলক ৰিজেক্চন শ্লিপ দিয়াটো সম্ভৱপৰ নহয়৷ ইপিনে, কংগ্রেছ সাংসদ আব্দুল খালেকে এনআৰচিখনক লৈ বর্তমানৰ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ সদিচ্ছা নাই বাবেই আজি এটা বছৰে নাম বাদ পৰা লোকসকলক ৰিজেক্চন শ্লিপ প্রদান কৰা নাই বুলি তেওঁ গুৰুতৰ অভিযোগ কৰে৷ বিজেপি চৰকাৰৰ সদিচ্ছাৰ অভাৱতেই এনআৰচিখন এতিয়া একপ্রকাৰ উপেক্ষিত নথিত পৰিণত হোৱা বুলি বিভিন্নজনে ভাবিবলৈ বাধ্য হৈছে৷ কিন্তু এই এনআৰচিখন সম্পূর্ণৰূপে উচ্চতম ন্যায়ালয়ৰ নির্দেশ আৰু নিৰীক্ষণত হোৱা এখন দলিল৷ সেইদৰে বর্তমানৰ মুখ্য সমন্বয়ক হিতেশ দেৱ শর্মাই জনসাধাৰণক ন্যায় প্রদান কৰিব বুলি তেওঁ নাভাবে৷ কাৰণ শর্মাৰ পূর্বৰ কার্যকলাপ যথেষ্ট আপত্তিজনক৷ সেইদৰে অসম সংগ্রামী মঞ্চৰ কার্যকৰী সভাপতি অদীপ কুমাৰ ফুকনে এক বিবৃতিত কয় যে অবৈধ বিদেশী নাগৰিকক ৰক্ষণাবেক্ষণ দিবলৈ গৈ বিজেপি চৰকাৰে যোৱা এটা বছৰত এনআৰচি সম্পূর্ণ কৰাত ষড়যন্ত্রমূলকভাৱে বাধা প্রদান কৰি আহিছে৷ যোৱা এটা বছৰে চৰকাৰখনে অবৈধ বাংলাদেশী নাগৰিকৰ পক্ষত থিয় হৈ এনআৰচিখন কার্যকৰী কৰাৰ বিপৰীতে জটিলতাৰহে সৃষ্টি কৰিছে৷ বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ গতি বৃদ্ধি কৰাৰ বাবে পূর্বৰ ১০০খন বিদেশী ন্যায়াধিকৰণ গঠনৰ লক্ষ্য উচ্চতম ন্যায়ালয়ে ঘোষণা কৰিছিল৷ প্রথম পদক্ষেপত ২০১৯ চনৰ ১১ ছেপ্ঢেম্বৰত ২০০খন বিদেশী ন্যায়াধিকৰণ গঠন কৰা হ’ল৷ কিন্তু ৰাজ্য চৰকাৰে এই বিদেশী ন্যায়াধিকৰণে যাতে কাম কৰিব নোৱাৰে, তাৰহে ব্যৱস্থা কৰিলে৷ ২০১৯ চনৰ ১১ ছেপ্ঢেম্বৰত গঠন কৰা বিদেশী ন্যায়াধিকৰণৰ ফাইলটো মুখ্যমন্ত্রীয়ে অনুমোদন জনালে ২০২০ চনৰ মার্চ মাহত৷ অথচ মার্চৰ পৰা বলৱৎ হ’ল লকডাউন৷ তদুপৰি চৰকাৰখনে অতি ৰহস্যজনকভাৱে বিদেশী ন্যায়াধিকৰণৰ বাবে ১৬০০জন কর্মীৰ নিযুক্তি প্রক্রিয়া সম্পূর্ণ কৰিলে যদিও ১০ মাহে তেওঁলোকক নিযুক্তি দিয়া নহ’ল৷ নাম বাদ পৰা ১৯ লাখ লোকৰ বিচাৰ প্রক্রিয়াত বাধা দিয়াৰ বাবেই বিজেপি চৰকাৰে ১১ মাহে ২০০খন বিদেশী ন্যায়াধিকৰণ কার্যক্ষম কৰা নাই৷ কেৱল ভোটৰ অংকতে বিজেপি চৰকাৰে অসমত বিদেশী চিনাক্তকৰণ কৰিব পৰা অন্যতম ব্যৱস্থা এনআৰচি সম্পূর্ণ হৈ উঠাত বাধা প্রদান কৰি আহিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে এনআৰচিৰ পুনৰীক্ষণ বিচাৰি ন্যায়ালয়ত কৰা আবেদনসমূহ এতিয়াও নিষ্পত্তি নোহোৱাকৈ আছে৷ ক’ৰোনাজনিত পৰিস্থিতিৰ বাবেই এইক্ষেত্রত বিলম্ব ঘটিছে বুলি বিভিন্ন পক্ষই ধাৰণা কৰে৷