নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিত সোমাল ২.৭৭ লাখ ‘অযোগ্য’- শপতনামাত নাগৰিকপঞ্জীৰ ৰাজ্যিক সমন্বয়কৰ আশংকা

নিয়মীয়া বাৰ্তা ১০ ডিচেম্বৰঃ এক দীঘলীয়া প্রক্রিয়াৰে ৰাষ্ট্রীয় নাগৰিকপঞ্জী (এন আৰ চি) উন্নীতকৰণ প্রক্রিয়া সম্পূর্ণ হোৱাৰ পাছতো নাগৰিকপঞ্জীত সন্দেহযুক্ত লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি চলি আহিছে বিতর্ক৷ যাৰ বাবে প্রকাশ পোৱা এন আৰ চিৰ চূড়ান্ত তালিকাৰ পুনৰীক্ষণ কৰিবলৈ বিভিন্ন দল–সংগঠনৰ লগতে ৰাজ্য চৰকাৰেও দাবী জনাই আহিছে৷ ইয়াৰ মাজতে এন আৰ চিত লাখে লাখে অযোগ্য অথবা সন্দেহজনক লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি আশংকা কৰিছে স্বয়ং এন আৰ চি কর্তৃপক্ষই৷ শেহতীয়াকৈ গুৱাহাটী উচ্চ ন্যায়ালয়ত দাখিল কৰা এখন শপতনামাত এন আৰ চি কর্তৃপক্ষই চূড়ান্ত তালিকাত ২.৭৭ লাখ অযোগ্য লোকৰ নাম অন্তর্ভুক্ত হোৱা বুলি আশংকা প্রকাশ কৰিছে৷ বিশেষকৈ খচৰা প্রকাশ কৰাৰ পাছত পুনৰীক্ষণ নোহোৱাকৈ ৭৩ শতাংশ লোকৰ নাম চূড়ান্ত তালিকাত অন্তর্ভুক্ত হোৱা বাবে ২.৭৭ লাখ অযোগ্য লোক সন্নিৱিষ্ট হোৱা বুলি শপতনামাখনত আশংকা প্রকাশ কৰা হৈছে৷ এই সন্দর্ভত ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশর্মাই দাখিল কৰা শপতনামাত উল্লেখ কৰা অনুসৰি ২৭৪/২০০৯ নম্বৰ লেখ আবেদন নিষ্পত্তি কৰি ২০১৯ বর্ষৰ ২৩ জুলাইত উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰিছিল যে চূড়ান্ত খচৰাৰ ২৭ শতাংশৰ নমুনাৰ পৰীক্ষণ কৰা হৈছে৷ যাৰ বাবে অধিক নমুনা পৰীক্ষাৰ প্রয়োজনীয়তা নাই৷ এই ২৭ শতাংশ পৰীক্ষণৰ ফলত ১,০২,৪৬২গৰাকী লোকৰ নাম এন আৰ চিৰ পৰা বাদ দিয়া হৈছিল৷ সেয়েহে বাকী থকা ৭৩ শতাংশ নমুনা পৰীক্ষা কৰিলে একেই প্রক্রিয়াৰে অন্তর্ভুক্ত হোৱা লোকসকলৰ ভিতৰত ২.৭৭ লাখ অযোগ্য লোক অন্তর্ভুক্ত হৈ থাকিব পাৰে বুলি কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷

আনহাতে, প্রকৃত বাসিন্দা (অ’ আই) হিচাপে চিহ্ণিত কৰা আৰু পৰিয়ালবৃক্ষ চিহ্ণিত কৰাৰ ক্ষেত্রত গুণগত মান পৰীক্ষা নকৰা বাবে এইদৰে এন আৰ চিত অযোগ্য লোকৰ নাম অন্তর্ভুক্ত হ’ব পাৰে বুলিও এন আৰ চি কর্তৃপক্ষই সন্দেহ কৰিছে৷ একেদৰে পৰিপূৰক তালিকা প্রকাশৰ সময়ত একাংশ অযোগ্য বিষয়াই ডাটা বেচ ব্যৱস্থাত পৰীক্ষণৰ ভুল তথ্য অন্তর্ভুক্তিৰ সুযোগ লাভ কৰিছিল বুলিও এন আৰ চি কর্তৃপক্ষই শপতনামাত উল্লেখ কৰিছে৷ ইফালে, প্রকৃত বাসিন্দাৰ নামত কিদৰে হাজাৰ হাজাৰ সন্দেহজনক লোকৰ নাম অন্তর্ভুক্ত হৈছে, তাৰ তথ্যও শপতনামাখনত উল্লেখ কৰা হৈছে৷ বিশেষকৈ ছমৰীয়া ৰাজহ চক্রৰ অন্তর্গত অঞ্চলত ভুলবশতঃ ৬৪,২৪৭গৰাকী লোকৰ নাম অ’ আই হিচাপে অন্তর্ভুক্ত হৈছিল বুলি প্রকাশ কৰা হৈছে৷ কামৰূপ জিলাৰ উপায়ুক্তই ২০১৯ বর্ষৰ ২৮ জুনতে এখন পত্রৰ জৰিয়তে এন আৰ চি কর্তৃপক্ষক এই কথা সদৰী কৰিছিল৷ সেই সময়ত উক্ত ৰাজহ চক্রৰ ১,৪৩,৫২২গৰাকী লোকে এন আৰ চিৰ বাবে আবেদন দাখিল কৰিছিল৷ ইয়াৰে ৬৪,২৪৭গৰাকী প্রকৃত বাসিন্দা হিচাপে চিহ্ণিত কৰা হৈছিল৷ উপায়ুক্তই এই কথাও উল্লেখ কৰিছে যে এক পৰীক্ষণত ১৪,১৮৩গৰাকী লোক প্রকৃত বাসিন্দা হিচাপে ভুলকৈ চিহ্ণিত হৈছিল৷ সেয়েহে বাকী লোকসকলৰ ক্ষেত্রতো অধিক লোক ভুলকৈ অন্তর্ভুক্ত হ’ব পাৰে বুলি পত্রখনত উল্লেখ কৰে৷ সেয়েহে চূড়ান্ত এন আৰ চি প্রকাশৰ পূর্বে তাৎক্ষণিকভাৱে এন আৰ চি কর্তৃপক্ষই ইয়াৰে ৩০,৭৯১গৰাকী লোকৰ বিশেষ পৰীক্ষণৰ ব্যৱস্থা কৰে৷ এই পুনৰীক্ষণত ৭,৪৪৬গৰাকী লোক এন আৰ চিত অন্তর্ভুক্তিৰ বাবে অযোগ্য বুলি বিবেচিত হয়৷ দুর্ভাগ্যজনকভাৱে এই অযোগ্য লোকসকলৰ ভিতৰত ৮গৰাকী ঘোষিত বিদেশী, দুগৰাকী ঘোষিত বিদেশীৰ সতি–সন্ততি, ১৯গৰাকী ডি ভোটাৰ, ৪৩গৰাকী ডি ভোটাৰৰ সতি–সন্তান, ১৩গৰাকীৰ বিৰুদ্ধে বিদেশী ন্যায়াধিকৰণত বিচাৰাধীন হৈ আছে গোচৰ আৰু আন ১০গৰাকী এই বিচাৰাধীন লোকসকলৰ সতি–সন্ততি৷ অর্থাৎ যাৱতীয় প্রক্রিয়াৰ মাজেৰে গ’লে এন আৰ চিত অন্তর্ভুক্তিৰ বাবে অযোগ্য বিবেচনা হোৱা এই লোকসকলৰ নামো প্রকৃত বাসিন্দা হিচাপে প্রথমতে সন্নিৱিষ্ট কৰা হৈছিল৷ ইফালে, ৬৪,২৪৭গৰাকী লোকৰ ভিতৰত বাকী থকা ৩৩,৭৯৪গৰাকী লোকৰ পুনৰীক্ষণ কৰা নহ’ল৷ কেৱল ছমৰীয়াতে নহয়, ৰাজ্যৰ আন ভিন্ন প্রান্ততো প্রকৃত বাসিন্দাৰ নামত ভুলকৈ বহুসংখ্যক লোকৰ নাম সন্নিৱিষ্ট কৰা হৈছে৷ এনে ভুল চিনাক্ত কৰাৰ বাবে ৰাজ্যিক সমন্বয়কৰ নেতৃত্বত এটা উচ্চ পর্যায়ৰ দলে লাহৰীঘাট আৰু ধিং ৰাজহ চক্রলৈ গৈ পৰীক্ষণ কৰিছিল৷ এই পৰীক্ষণকালত উচ্চস্তৰীয় দলটোৱে কিছু নমুনা পুনৰীক্ষণ কৰিছিল৷ এই পৰীক্ষণত পোহৰলৈ আহিছিল যে ধিঙত অ’ আই হিচাপে চিহ্ণিত কৰা ১০গৰাকীৰ ৮গৰাকীয়েই প্রকৃত বাসিন্দা নহয়৷ সেইদৰে লাহৰীঘাটত ৬গৰাকীৰ ভিতৰত ২গৰাকীয়েই প্রকৃত বাসিন্দা নহয়৷ ইয়াৰ বিপৰীতে এন আৰ চিৰ খচৰাৰ পৰা বৃহৎসংখ্যক প্রকৃতার্থত অ’ আই হিচাপে অন্তর্ভুক্ত হোৱা লোকহে বাদ পৰিছিল বুলি শপতনামাত উল্লেখ কৰা হৈছে৷ এই বাদ পৰা লোকসকলে দাবী আৰু আপত্তিৰ প্রমাণ–পত্রও দাখিল কৰা নাই৷

আনহাতে, অ’ আইৰ উপৰি পৰিয়ালবৃক্ষৰ ক্ষেত্রতো ভুল ৰৈ যোৱা বুলি শপতনামাখনত স্বীকাৰ কৰিছে এন আৰ চি কর্তৃপক্ষই৷ বিভিন্ন কাৰণত পৰিয়ালবৃক্ষ মিলাই চোৱা প্রক্রিয়াই সঠিকভাৱে কাম নকৰিলে বুলি উল্লেখ কৰা হৈছে৷ বিশেষকৈ এন আৰ চিৰ কামত নিয়োজিত ডাটা এণ্ড্রি অপাৰেটৰসকলৰ একাগ্রতা আৰু এই বিশ্বাসযোগ্যতা কেতিয়াও পৰীক্ষা কৰা হোৱা নাছিল৷ যিটো পৰিয়ালবৃক্ষ মিলাই চোৱা প্রক্রিয়াৰ ক্ষেত্রত অন্যতম কাৰণ হিচাপে শপতনামাখনত উল্লেখ কৰা হৈছে৷ এই পৰিয়ালবৃক্ষ মিলাই চোৱা প্রক্রিয়াৰ ক্ষেত্রত থকা ভুল সন্দর্ভতো তিনিটা এন এছ কেৰ তথ্য পুনৰীক্ষণ কৰিছিল সংশ্লিষ্ট কর্তৃপক্ষই৷ বাঘবৰ, কলগাছিয়া আৰু দলগাঁৱৰ লিগেচী ডাটা কোড পৰীক্ষা কৰা হৈছিল৷ এই তিনিটা এন এছ কেত মুঠ ২,৩৪৬টা লিগেচী ডাটা কোড পৰীক্ষা কৰা হৈছিল৷ এই পৰীক্ষাত পোহৰলৈ আহিছে যে পৰিয়ালবৃক্ষ প্রক্রিয়াৰ জৰিয়তে ভুলকৈ এন আৰ চিত সোমোৱা লোকৰ সংখ্যা হৈছে ৯৪৩গৰাকী৷ আনহাতে, ৰাজ্যত ব্যৱহাৰ কৰা মুঠ লিগেচী ডাটা কোডৰ সংখ্যা হৈছে ৩৯,২৯,৭০৩৷ লিগেচী ডাটাৰ ভুৱা ব্যৱহাৰৰ ক্ষেত্রত একাংশ বিষয়াৰ ভূমিকাও সন্দেহজনক বুলি আশংকা কৰিছে এন আৰ চি কর্তৃপক্ষই৷ সেয়েহে পৰিয়ালবৃক্ষ পুনৰীক্ষণ প্রক্রিয়াৰ সূক্ষ্ম পৰীক্ষণ নকৰিলে বৃহৎসংখ্যক অযোগ্য লোকৰ নাম এন আৰ চিত থাকি যাব বুলিও তেওঁলোকে প্রকাশ কৰিছে৷ সেইদৰে দাবী আৰু আপত্তি নিষ্পত্তিৰ ক্ষেত্রতো যথেষ্ট আসোঁৱাহ থাকি যোৱা বুলি আশংকা কৰা হৈছে৷ খচৰাত ৫,০৬,১৪০টা পুনৰীক্ষণৰ নির্দেশ দিয়া হৈছিল৷ স্পীকিং অর্ডাৰৰ ভিত্তিত কোনো শুনানি অবিহনে সম্পন্ন কৰা হৈছিল ৬,৫৪২টা গোচৰৰ পুনৰীক্ষণ৷

শপতনামাত উল্লেখ কৰা অনুসৰি চি আৰ চি আৰৰ লিখিত স্পীকিং অর্ডাৰ আৰু শুনানি অবিহনে মুঠ ৪৩,৬৪২গৰাকী লোকৰ নাম নাকচৰ পৰা গ্রহণযোগ্য হিচাপে বিবেচনা কৰা হয়৷ যাৰ ফলত এন আৰ চিত অযোগ্য লোকেও অন্তর্ভুক্তিৰ সুযোগ লাভ কৰিছিল বুলি আশংকা কৰিব পাৰি৷উল্লেখ্য যে বিভিন্ন সময়ত লাভ কৰা ভুল তথা অভিযোগসমূহ সময়ে সময়ে ভাৰতৰ মহাপঞ্জীয়কলৈ প্রেৰণ কৰিছে ৰাজ্যিক সমন্বয়কৰ কার্যালয়ে৷ শপতনামাত উল্লেখ কৰা বিভিন্ন ভুল সন্দর্ভত যাৱতীয় নির্দেশনা বিচাৰি বিগত ১৫ ফেব্রুৱাৰীতে মহাপঞ্জীয়কলৈ পত্র প্রেৰণ কৰিছিল যদিও এতিয়ালৈ এই সন্দর্ভত কোনো নির্দেশনা প্রদান কৰা নাই৷ ইয়াৰ বিপৰীতে এন আৰ চি উন্নীতকৰণ প্রক্রিয়া সমাপ্ত কৰাৰ লগতে ৰিজেকচন শ্লিপ প্রদান কৰিবলৈহে মহাপঞ্জীয়কে নির্দেশনা দিছে৷ এন আৰ চি চূড়ান্তভাৱে প্রকাশ কৰাৰ বাবে ভাৰতৰ মহাপঞ্জীয়ক মৌন বুলিও উল্লেখ কৰা হৈছে শপতনামাত৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে এন আৰ চি উন্নীতকৰণৰ ক্ষেত্রত সর্বোচ্চ কর্তৃপক্ষ হৈছে ভাৰতৰ মহাপঞ্জীয়ক৷ এন আৰ চিৰ শুধৰণিৰ বাবে যিকোনো সিদ্ধান্ত ল’ব পৰা একমাত্র কর্তৃপক্ষ হৈছে ভাৰতৰ মহাপঞ্জীয়ক৷

You might also like