নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এনআৰচিক লৈ শংকিত হ’ব নালাগে হিন্দু বাঙালীঃ মন্ত্রী পাটোৱাৰী

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ বিজনীৰ ১ আৰু ২ নং বিষ্ণুপুৰত মানাস ছেৰফাং সমষ্টিৰ বিজেপি প্রার্থী শিৱনাথ ব্রহ্মৰ হৈ প্রচাৰ চলালে মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ উক্ত নির্বাচনী সভাত অসম চৰকাৰে এনআৰচি কেতিয়াও মানি নলয় বুলি মন্তব্য কৰি মন্ত্রী পটোৱাৰীয়ে হিন্দু বাঙালীসকলক অভয়দান কৰে৷ তেওঁ কয় যে এনআৰচিক লৈ হিন্দু বাঙালীসকল চিন্তিত হোৱাৰ কাৰণ নাই৷ এই এন আৰ চি অসম চৰকাৰে কেতিয়াও মানি নলয়৷ ইতিমধ্যে ৰাজ্য চৰকাৰে উচ্চতম ন্যায়ালয়ত ভেৰিফিকেচনৰ বাবে আবেদন জনাইছে৷ গতিকে হিন্দু বাঙালীসকলক কোনোৱে খেদিবও নোৱাৰে নতুবা ভোটাধিকাৰৰ পৰাও বঞ্চিত কৰিব নোৱাৰে৷ ইফালে, সভাত অংশ লৈ মন্ত্রী ভৱেশ কলিতাই বিটিচিত চৰকাৰ গঠন নিশ্চিত হৈ পৰিছে বুলি দাবী কৰে৷

You might also like