নিয়মীয়া বাৰ্তা, ৫ জুলাইঃ কামৰূপৰ পূব কামৰূপ মহাবিদ্যালয়ৰ ভূগোল বিজ্ঞান বিভাগৰ অধ্যাপক তথা ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ আঁচনি বিষয়া মহঃ আয়েজ আলী ৰাষ্ট্ৰীয় সেৱা আঁচনি (এনএছএছ)ৰ ২০২১-২২ বৰ্ষৰ ৰাজ্যিক বঁটাৰ বাবে মনোনীত হোৱাৰ বাতৰিয়ে বৃহত্তৰ বাইহাটা চাৰিআলি অঞ্চলবাসীক উৎফুল্লিত কৰিছে। অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱকল্যাণ সঞ্চালকালয়ৰ তৰফৰ পৰা ২৯/০৬/২০২৩ তাৰিখে ঘোষণা কৰা তালিকা অনুসৰি ৰাজ্যৰ অন্য চাৰিগৰাকী আঁচনি বিষয়াৰ লগতে পূব কামৰূপ মহাবিদ্যালয়ৰ আঁচনি বিষয়া মহঃ আয়েজ আলীক নিৰ্বাচিত কৰা হৈছে। আয়েজ আলীৰ বঁটাপ্ৰাপ্তিৰ বতৰাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ভূপেন কুমাৰ শৰ্মাই আনন্দ প্ৰকাশ কৰাৰ লগতে যুৱ কল্যাণ সঞ্চালকালয়, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কুমাৰ কাকতি আৰু মাণ্ডলিক সঞ্চালক দীপক কুমাৰক ধন্যবাদ জ্ঞাপন কৰিছে। উল্লেখ্য যে, আয়েজ আলী ২০১২ বৰ্ষৰ পৰা বৰ্তমানলৈকে মহাবিদ্যালয় ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটৰ আঁচনি বিষয়া হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰি গোটটিক সবল ভাবে নেতৃত্ব দি আহিছে।উল্লেখ থাকে যে মহঃ আলী ২০১৭ বৰ্ষত কামৰূপ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত শিক্ষক দিৱস উদযাপন অনুষ্ঠানত শ্ৰেষ্ঠ শিক্ষকৰ বটাঁ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ নেতৃত্বত মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি গোটে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে পৰিচালনা কৰা স্বচ্চ অভিযান শীর্ষ -‘স্বচ্চ সেনানী বটাঁ” ২০১৯ চনৰ ৩ অক্টোবৰ তাৰিখে তদানীন্তন মূখ্য মন্তী সৰ্বানন্দ সোণোৱাল দেৱৰ পৰা গ্ৰহন কৰিবলৈ সক্ষম হৈছিল। তেখেতৰ নেতৃত্বতে গোটটিৰ স্বেচ্ছাসেবক ৰূপালী নাথে ইতিমধ্যে গুৱাহাটী বিশ্ববিদ্যালয় পৰ্য্যায়ৰ ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠা স্বেচ্ছাসেবক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বাইহাটা চাৰিআলি স্থিত Asthanga Yoga and Therapy Centre ,সেউজ বসুন্ধৰা(এন জি অ) পোষ্যগ্ৰাম,পোষ্যবিদ্যালয় আদি অনুষ্ঠান,দল সংগঠনৰ সহযোগত সময়ে -সময়ে বিভিন্ন যোগ, স্বাস্থ্য শিবিৰ, বৃক্ষৰোপণ আদি কাৰ্য্যসূচী অনুষ্ঠিত কৰি ছাত্ৰ-ছাত্ৰী তথা স্হানীয় ৰাইজৰ হিত সাধন কৰি আহিছে। তদুপৰি এন এছ এছ গোটৰ তৰফৰ পৰা ভিন্ন জিলা যেনে- কামৰূপ, বাক্সা, ওদালগুৰি, দৰং আদিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত এক বুজন সংখ্যক বৃক্ষৰোপণ কৰি আহিছে। মহঃ আয়েজ আলী নেতৃত্বত গোটৰ ভালেমান স্বেচ্ছাসেৱক এন এছ এছৰ এন আই চি, নৰ্থ ইষ্ট ইউথ ফেষ্টিভেল, ৰাজ্যিক শিৱিৰ আদিত অংশগ্ৰহণ কৰি আহিছে। এনে কৰ্মৰাজিৰ স্বীকৃতি হিচাপে তেখেতে ৰাজ্যিক বটাঁৰ বাবে নিৰ্বাচিত হোৱাত বিভিন্ন দল সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানে উৎফুল্লিত হৈ তেখেতক সম্বৰ্দ্ধনা জনাইছে। তেওঁৰ বঁটাপ্ৰাপ্তিৰ বাতৰিয়ে মহাবিদ্যালয় খনিৰ অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী, ন-পুৰণি ছাত্ৰ-ছাত্ৰী, এন এচ এচ স্বেচ্ছাসেৱক সকলক অতি উৎসাহিত আৰু উৎফুল্লিত কৰি তুলিছে।
প্ৰেৰক হীৰকজ্যোতি ডেকা