নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নুৰুল হুদাক শীঘ্রে জেৰা কৰিব দিছপুৰ আৰক্ষীয়ে, বিধায়ক পদ খাৰিজৰ দাবী বিজেপিৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৬ মাৰ্চঃ বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক প্রহাৰক লৈ ক্রমাৎ বিপদৰ সন্মুখীন হৈছে কংগ্রেছ বিধায়ক নুৰুল হুদা৷ সোমবাৰে কংগ্রেছৰ প্রতিবাদক কেন্দ্র কৰি সৃষ্টি হোৱা এক অবাঞ্ছিত ঘটনাত উপাধ্যক্ষ নোমল মমিনক নুৰুল হুদাই প্রহাৰ কৰা বুলি অভিযোগ উঠিছিল৷ বিষয়টো সন্দর্ভত ইতিমধ্যে ডাঃ নোমল মমিনে দিছপুৰ থানাত এটা গোচৰ ৰুজু কৰিছে৷ আৰক্ষীয়ে ঘটনা সন্দর্ভত তদন্ত প্রক্রিয়া আগবঢ়াইছে যদিও এতিয়ালৈ পঞ্জীয়ন কৰা নাই কোনো গোচৰ৷ এনে অৱস্থাত অতি সোনকালে আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত প্রক্রিয়া আগুৱাই নিলে ৰূপহীৰ বিধায়ক নুৰুল হুদা গ্রেপ্তাৰ হোৱাৰো সম্ভাৱনা আছে৷ ইফালে, বিষয়টোক সম্পূর্ণৰূপে নস্যাৎ কৰি বিধায়ক হুদাই উপাধ্যক্ষ নোমল মমিনক প্রহাৰ কৰা নাই বুলি স্পষ্ট কৰাৰ লগতে এইক্ষেত্রত বিধানসভাৰ চিচি টিভি ফুটেজ সম্পূর্ণৰূপে পৰীক্ষাৰো দাবী জনাইছে৷ তদুপৰি সমগ্র ঘটনাক তেওঁৰ বিৰুদ্ধে এক ৰাজনৈতিক ষড়যন্ত্র বুলিও উল্লেখ কৰিছে৷ এই ঘটনাত প্রতিক্রিয়া প্রকাশ কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই স্পষ্ট কৰিছে যে উক্ত ঘটনাৰ সবিশেষ চিচি টিভি ফুটেজ পৰীক্ষা কৰিলেই সকলো দিশ পোহৰলৈ আহিব৷ এইক্ষেত্রত যদি বিধায়ক নুৰুল হুদা দোষী তেন্তে তেওঁক উপযুক্ত শাস্তি প্রদান কৰিব লাগে৷ কংগ্রেছ দলে কেতিয়াও দোষীক ৰক্ষণাবেক্ষণ দিবলৈ চেষ্টা কৰা নাই৷

🔴 বাৰেকুৰিত হলৌ বান্দৰৰ সৈতে কিছু স্মৰণীয় মুহূৰ্ত কটালে ‘নিয়মীয়া বাৰ্তা’ কাকতৰ সম্পাদক নৰেশ কলিতাই ৷ 🔴 তিনিচুকীয়াৰ বাৰেকুৰি গাঁৱত প্ৰকৃতিৰ বিৰল সম্পদ হলৌ বান্দৰ সংৰক্ষণ কৰা সন্দৰ্ভত বুজ ল’লে সম্পাদকগৰাকীয়ে। 🔴 দীঘলসাকুৰ হলৌ বান্দৰ পৰিয়ালটোত নতুনকৈ সংযোজন হোৱা জমাইৰ কথাখিনি শুনকচোন পৰিৱেশ কৰ্মী দিপ্লৱ চুতীয়াৰ মুখেৰে…

আত্মপক্ষৰ সমর্থনত বিধায়ক হুদা আৰু কংগ্রেছে বিভিন্ন দিশ উত্থাপন কৰাৰ বিপৰীতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপাধ্যক্ষ নোমল মমিনক শাৰীৰিকভাৱে অপদস্থ কৰা সমগ্র ঘটনা বিশেষাধিকাৰ কমিটীলৈ প্রেৰণ কৰিছে৷ আজি এই কথা উল্লেখ কৰি অধ্যক্ষ দৈমাৰীয়ে সদনক কয় যে বিৰোধী কংগ্রেছে অধ্যক্ষ আৰু উপাধ্যক্ষক কার্য সম্পাদনত বাধা প্রদান কৰি এক নজিৰবিহীন তথা অসাংবিধানিক ঘটনা সংঘটিত কৰিলে৷ এনে ঘটনাই বিধানসভাৰ সুনামত আঘাত দিলে৷ যাৰ বাবে অসমবাসীৰ ওচৰত বিধানসভাৰ হৈ মই ক্ষমা বিচাৰিছোঁ৷ আনহাতে, নুৰুল হুদাৰ বিষয়টো পৰীক্ষা কৰাৰ বাবে বিশেষাধিকাৰ কমিটীলৈ প্রেৰণ কৰা হৈছে আৰু কমিটীয়ে অহা সদনৰ কার্যসূচীত ইয়াৰ প্রতিবেদন দাখিল কৰিব৷ অধ্যক্ষ দৈমাৰীয়ে ইয়াকো স্পষ্ট কৰে যে যিহেতু বিধানসভাৰ বিশেষাধিকাৰ কমিটীৰ অধ্যক্ষৰ দায়িত্বত উপাধ্যক্ষ নোমল মমিন আছে সেয়েহে নতুনকৈ অধ্যক্ষ বাছনি কৰি বিষয়টো পৰীক্ষা কৰা হ’ব৷ আনহাতে নুৰুল হুদাই উপাধ্যক্ষ নোমল মমিনক প্রহাৰ কৰা ঘটনাক লৈ এতিয়াও শাসকীয় দল বিজেপিয়ে প্রতিবাদ অব্যাহত ৰাখিছে৷ কালি বিধানসভাত বিষয়টোৰ ক্ষেত্রত মুখ্যমন্ত্রীয়ে এগৰাকী জনজাতীয় লোকক কংগ্রেছে আক্রমণ কৰা বুলি মন্তব্য প্রকাশ কৰাৰ পাছত আজি নুৰুল হুদাক গ্রেপ্তাৰৰ দাবীত ৰাজ্যজুৰি প্রতিবাদ সাব্যস্ত কৰে বিজেপিৰ কার্যকর্তাসকলে৷ কংগ্রেছী বিধায়কগৰাকীৰ বিধায়ক পদ খাৰিজ কৰাৰ দাবীত ৰাজ্যজুৰি প্রতিবাদ আৰু গৰিহণা দিয়ে বিজেপিয়ে৷ প্রতিখন জিলা সদৰত ধর্ণা কার্যসূচী ৰূপায়ণ কৰি জিলা উপায়ুক্তক একোখনকৈ স্মাৰক–পত্র প্রদান কৰে৷ এই সন্দর্ভত ৰাজ্যিক বিজেপিৰ কার্যালয়ৰ পৰা এক বিবৃতিত উল্লেখ কৰে যে অসম বিধানসভাত সংঘটিত কালিৰ দিনটোৰ ঘটনা ইতিহাসত ক’লা অধ্যায় হিচাপে চিহ্ণিত হৈ ৰ’ব৷ পৱিত্র বিধানসভাত কোনোকালে নেদেখা এক অপ্রীতিকৰ পৰিস্থিতি দেখা পোৱা গ’ল৷ বিধানসভাৰ উপাধ্যক্ষ তথা খিলঞ্জীয়া জনগোষ্ঠীৰ লোকৰ প্রতিনিধি ডাঃ নোমল মমিনক কংগ্রেছৰ বিধায়ক নুৰুল হুদাই কৰা আক্রমণ নিন্দনীয় আৰু গৰিহণাৰ যোগ্য৷ পূর্ববংগীয় লোকক প্রতিনিধিত্ব কৰা দল এআইইউডিএফৰ বিধায়কসকলে সদনলৈ বাঁহৰ জেওৰা লৈ অহাটো অসমীয়া সমাজ জীৱনৰ পৰিপন্থী পৰম্পৰা৷ ৰাজ্যিক বিজেপিয়ে এইবুলি অভিযোগ কৰে যে অসম বিধানসভাত কংগ্রেছ আৰু এআইইউডিএফ দলৰ বিধায়কসকলে প্রদর্শন কৰা এনে আচৰণে ভৱিষ্যতৰ অসমখনলৈ এক অশনি সংকেত কঢ়িয়াই আনিছে৷ এটা বিশেষ সম্প্রদায়ক প্রতিনিধিত্ব কৰা তথা অসমৰ সামাজিক বাতাৱৰণৰ সৈতে মিলিব নোখোজা কংগ্রেছৰ বিধায়কে এজন খিলঞ্জীয়া জনজাতীয় ভূমিপুত্রৰ প্রতিনিধিক আক্রমণ কৰিবলৈ সাহস কৰাটো এক অশনি সংকেট৷ উল্লেখ্য যে ৰাজ্যিক বিজেপিৰ কার্যকর্তাসকলে আজি প্রতিখন জিলাতে নুৰুল হুদাৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰাৰ লগতে কংগ্রেছী বিধায়কজনৰ বিধায়ক পদ খাৰিজৰ বাবেও জিলা উপায়ুক্তক স্মাৰক–পত্র প্রদান কৰে৷ ইফালে, এই সমগ্র ঘটনাক লৈ প্রক্তন বিধায়ক শিলাদিত্য দেৱে তাৎপর্যপূর্ণ মন্তব্য কৰে৷ শিলাদিত্য দেৱৰ মন্তব্য– নুৰুল হুদা যিটো সমষ্টিৰ পৰা জিকি আহে তাৰ অধিকাংশ ভোটাৰ সন্দেহযুক্ত নাগৰিক৷ বাংলাদেশী মূলৰ মুছলমানসকলৰ নাম এনআৰচি, ভোটাৰ লিষ্টত অন্তর্ভুক্ত হোৱাৰ ফলত লাভ পাই আহিছে কংগ্রেছে৷ গতিকে কংগ্রেছে সদায় এই বিশেষ সম্প্রদায়ৰ বাবে তুষ্টিকৰণৰ ৰাজনীতি কৰি আহিছে৷

You might also like