নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিৰ বিজয়পুৰত পোষণ মেলা সম্পন্ন

বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : সংহত শিশু উন্নয়ন প্ৰকল্প যোৰহাটৰ অন্তৰ্গত মৰিয়নি ‘এ’ চাৰ্কোলৰ অংগনৱাড়ী কেন্দ্ৰসমূহৰ কৰ্মী আৰু সহায়িকাসকলৰ উদ্যোগত আজি মৰিয়নিৰ সমীপৰ বিজয়পুৰৰ ৰাজহুৱা প্ৰেক্ষাগৃহত পোষণ সজাগতা সৃষ্টিৰ বাবে পোষণ মেলা অনুষ্ঠিত কৰা হয় । ভাৰত চৰকাৰৰ ‘আজাদী কা অমৃত মহোৎসৱ’ৰ এক অংশ হিচাপে পোষণ মাহৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পোষণ মেলাৰ আয়োজন কৰা হয় । এই উদ্দেশ্যে অনুষ্ঠিত পোষণ মেলা উদ্বোধন কৰে যোৰহাট সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া তাপশ্ৰী মহন্তই । এই মেলাত অন্যান্য অনুষ্ঠানৰ লগতে ‘মাতৃ অমৃত’ শীৰ্ষক কাৰ্যসূচী সম্পন্ন কৰাৰ উপৰি কেইবাটাও শিশুক ‘প্ৰথম আহাৰ’ খুওৱা হয় । ইয়াৰ লগত সংগতি ৰাখি এখন সজাগতা সভাও অনুষ্ঠিত কৰা হয় । ৬২নং মূলাগাভৰু গাঁও পঞ্চায়তৰ সভানেত্ৰী নয়না বণিয়াই পৌৰোহিত্য কৰা সজাগতা সভাখনৰ আৰম্ভণিতে আঁ‌ত ধৰে ৰুমি ফুকনে । সংহত শিশু উন্নয়ন প্ৰকল্পৰ মৰিয়নি ‘এ’ চাৰ্কোলৰ মুখ্য সেৱিকা জুৰি হাজৰিকাই সহযোগ কৰা এই সজাগতা সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মৰিয়নি সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে সাৰুৱা বক্তব্য প্ৰদান কৰে । আনহাতে, সংহত শিশু উন্নয়ন প্ৰকল্প যোৰহাটৰ প্ৰকল্প বিষয়া তাপশ্ৰী মহন্তই ভাষণ প্ৰসংগত এই অভিযান ০ পৰা ৬ বছৰ বয়সলৈকে শিশু, কিশোৰী, গৰ্ভৱতী মহিলা আৰু মাতৃসকলৰ পুষ্টিগত স্থিতি উন্নত কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্য (স্বামী, পিতৃ, শাহুৱেক) আৰু সমাজৰ মাজত পুষ্টি সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যে কৰা হৈছে বুলি উল্লেখ কৰে । তেওঁ লগতে সকলোৰে বাবে স্বাস্থ্য আৰু পুষ্টি নিশ্চিত কৰাটোৱেই পোষণ অভিযানৰ লক্ষ্য বুলিও মন্তব্য আগবঢ়ায়। সভাত ৬৩নং কুশল কোঁৱৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী নিতুমণি ফুকন, বাহনি পৰিয়াল কেন্দ্ৰৰ ধাত্ৰী সুমিত্ৰা গগৈ, বিভাগীয় কাৰ্যালয়ৰ এছ এ প্ৰভা কৌৰ, কাৰ্যালয় সহায়ক জুলি পাঠক, মৰিয়নি বি চাৰ্কোলৰ মুখ্য সেৱিকা ৰীতা কাটনি আদি উপস্থিত থাকি উৎসাহমূলক বক্তব্য প্ৰদান কৰে ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like