নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰিৰ নামত নগৰবেৰাত মহিলাক অশ্লীল প্ৰস্তাৱ গাঁওপ্ৰধানৰ

নিয়মীয়া বাৰ্তা, ১ জুলাইঃ কামৰূপৰ নগৰবেৰা ৰাজহ চক্ৰৰ অন্তৰ্গত যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধানৰ প্ৰকৃত চৰিত্ৰ উদঙালে এগৰাকী সাহসী মহিলাই, ঘৰত পত্নী সন্তান থকাৰ পাছতো গাঁওপ্ৰধানৰ চকু লোকৰ ঘৈনীত, চাকৰিৰ টোপ দি দেহ ভোগৰ চৰ্ত্ত, অতিষ্ঠ হৈ সকলো তথ্য ফাদিল কৰিলে ভুক্তভোগী মহিলাগৰাকীয়ে | চাকৰি দিব পাৰে হেনো মহিলাক, পিছে বিনিময়ত দেহভোগৰ চৰ্ত্ত, চৰ্ত্ত মানি নোলোৱাৰ বাবেই মহিলা গৰাকীৰ চাকৰি নহব বুলিও হুংকাৰ দিয়ে হেনো গাঁওপ্ৰধানে | মোবাইল হোৱাটচএপত দিয়ে উপৰ্যুপৰি অশ্লীল চৰ্ত্ত আৰু চাকৰিৰ টোপ দি ব্লেক মেইলিংৰ প্ৰচেষ্টা আৰু মুখ খুলিলেই ভয়-ভাবুকি দিয়াৰো অভিযোগ। ইতিমধ্যে জিলা উপায়ুক্ত আৰু বকো থানাত গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে লিখিত অভিযোগো মহিলাগৰাকীয়ে দাখিল কৰা বুলিও জানিব পৰা গৈছে। হোৱাটএচপ বাৰ্তালাপ পৰ্যন্ত দাখিল কৰিছে মহিলাগৰাকীয়ে, দাবী জনাইছে গাঁওপ্ৰধানক শাস্তি বিহিবলৈ। যোগীপাৰা গাঁৱৰ গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে অশালীন প্ৰস্তাৱ পাই ক্ষোভিত হৈ পৰিছে মহিলা গৰাকী। প্ৰশ্ন হয় গাঁওপ্ৰধান মহাদেৱ দাসৰ বিৰুদ্ধে কেনে আইনী পন্থা লয় প্ৰশাসনে, সেয়াহে হ’ব লক্ষণীয়
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস

You might also like